- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম
১৯৮৭ চনত স্থাপিত অসম চৰকাৰৰ স্বতন্ত্ৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে অসমৰ চহকী সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সময়ৰ লগে লগে কলা-সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰ সাঙুৰি লগতে সংৰক্ষণ আৰু প্ৰসাৰৰ সুবিধাৰ্থে সাংস্কৃতিক সঞ্চালকালয়, সংগ্ৰহালয় সঞ্চলকালয়, পুৰাতাত্বিক সঞ্চলকালয়, পুথিভঁৰাল সঞ্চালকালয়, জ্যোতি চিত্ৰবন ছোচাইটি, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম আৰু শ্ৰীমন্ত শংকৰদেৱ ছোচাইটিক এই বিভাগৰ অন্তৰ্ভুক্ত কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগে ৰাজ্যৰ নৃগোষ্ঠীয় আৰু স্থানীয় সংস্কৃতিক ৰক্ষণাবেক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ৰাজ্যৰ গুৰুত্বপূৰ্ণ বুৰঞ্জী প্ৰসিদ্ধ স্মৃতিচিহ্ন সমূহৰ সংৰক্ষণ আৰু মেৰামতিৰ ক্ষেত্ৰতো বিভাগে উদ্যোগ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সাংস্কৃতিক বিনিময় কাৰ্যসূচীও অনুষ্ঠিত কৰি আহিছে। বিগত বৰ্ষত ৰাজ্যৰ বিভিন্ন ঠাইৰ সংগীত, নৃত্য, অভিনয়, সুকুমাৰ কলা বিষয়ক পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিৰ চিনাক্তকৰণ কৰি তেওঁলোকক এখন উপযুক্ত প্লেটফৰ্ম প্ৰদান কৰি অহা হৈছে। অসমক এখন সাংস্কৃতিক প্ৰধান ৰাজ্য হিচাবে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ৰাজ্য ভ্ৰমণ কৰা পৰ্যটক সমূহক অদ্বিতীয় এক সাংস্কৃতিক অভিজ্ঞতা প্ৰদান কৰাৰো প্ৰচেষ্টা হাতত লোৱা হৈছে। ই নৱপ্ৰজন্মক পৰম্পৰাগত সংস্কৃতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত উৎসাহ যোগোৱাৰ থল আছে। বিভাগে সাংস্কৃতিক ক্ষেত্ৰখনত বিভিন্ন নিয়োগেৰে এক সাংস্কৃতিক উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো কাম কৰি আহিছে।