You don't have javascript enabled. Please Enabled javascript for better performance.

বিত্ত বিভাগ, অসম

অসমৰ বিত্ত বিভাগে অসমৰ অৰ্থনীতিৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই বিভাগে এক অনুকূল অৰ্থনৈতিক পৰিৱেশৰ মাজেৰে ৰাজ্যৰ দ্ৰুত আৰ্থিক উন্নয়ন আৰু বিনিয়োগৰ দিশত গুৰুত্ব প্ৰদান কৰি আহিছে। বিভাগে ৰাজ্যৰ সকলো অৰ্থনৈতিক আৰু বিত্তীয় কাম-কাজ যেনে সম্পদৰ উচিত বিতৰণ, কৰ আৰু কৰমুক্ত ৰাজহ সংগ্ৰহ বৃদ্ধি, ৰাজ্যৰ বাৰ্ষিক বিত্তীয় বাজেটৰ বিধিবদ্ধ আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কাম কৰি আহিছে। স্বাধীনতাৰ আগতে অসমৰ বিত্ত বিভাগৰ দুটা শাখা আছিল, বিত্ত আৰু বাজেট। কিন্তু সময়ৰ লগে লগে অসমৰ অৰ্থনীতি বহুমুখী ৰূপত বিকশিত হয় আৰু ১২ টা শাখালৈ পৰিসৰ বৃদ্ধি কৰা হয়। অৰ্থনৈতিক ভাৱে শক্তিশালী এখন ৰাজ্য হিচাবে প্ৰতিষ্ঠা কৰিবলৈ বিত্ত বিভাগে বিভিন্ন ধৰণৰ পৰিকল্পনা আৰু আঁচনি হাতত লৈছে। ৰাজ্যত বিনিয়োগ বৃদ্ধি আৰু অৰ্থনৈতিক বিকাশেৰে ৰাজ্যৰ জনসাধাৰণৰ জীৱন ধাৰণ ক্ষমতা বৃদ্ধিৰ ওপৰত বিভাগে গুৰুত্ব প্ৰদান কৰিছে। সম্ভৱত: অসম হৈছে দেশৰ প্ৰথমখন ৰাজ্য যিয়ে ১৭ টা বহনক্ষম বিকাশৰ প্ৰতিটো লক্ষ্যৰ ক্ষেত্ৰবিশেষ আৱণ্টনৰ সৈতে যুক্ত হৈছে। অসম ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য যিয়ে জি এচ টি সাংবিধানিক সংশোধনী বিধেয়কক মঞ্জুৰী দিছিল।