You don't have javascript enabled. Please Enabled javascript for better performance.

অসম আৰক্ষী

অসম আৰক্ষী বিভাগৰ মূল লক্ষ্য হ’ল ৰাজ্যত শান্তি-শৃংখলা বজাই ৰখাৰ লগতে, অপৰাধজনিত কাৰ্য্য ৰোধ আৰু কোনো ধৰণৰ ভেদ-ভাৱ নাৰাখি জনসাধাৰণক সুৰক্ষা প্ৰদান কৰা। সততা, নিয়মানুৱৰ্তিতা, দায়িত্ববোধ আৰু নিৰ্ভীকতা হৈছে অসম আৰক্ষীৰ কাৰ্যপন্থাৰ চলিকাশক্তি।

আন্তৰিকতা, উৎসৰ্গা আৰু সমবেদনাক ভিত্তি কৰি আৰু ভাৰতীয় সংবিধানৰ আওতাত থাকি নাগৰিকৰ অধিকাৰ, সুৰক্ষা আৰু সন্মান ৰক্ষা কৰাক অসম আৰক্ষীয়ে প্ৰাধান্যতা দিয়ে। গণতন্ত্ৰত প্ৰকৃততে এক সহযোগিতাৰ বাতাৱৰণ বঢ়াবলৈ আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ ব্যৱধান হ্ৰাস কৰি এটা সু-সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰতো অসম আৰক্ষীয়ে অহৰ্নিশে কাম কৰি আহিছে। আইনক প্ৰাধান্যতা দি এই বিভাগে জনসাধাৰণক সুৰক্ষা প্ৰদানেৰে অপৰাধ চিনাক্তকৰণ আৰু ৰোধৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এখন অপৰাধ মুক্ত ৰাজ্য হিচাবে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত অসম আৰক্ষী দক্ষ, ব্যক্তিত্বপূৰ্ণ আৰু সেৱাবৃত্তি মনোভাৱেৰে পৰিচিত। ইয়াৰ উপৰিও সময়ৰ লগে লগে এক গতিশীলতা প্ৰদানেৰে আৰক্ষী ব্যৱস্থাক উন্নীতকৰণ কৰি তোলাত অসম আৰক্ষী সদায়েই দায়বদ্ধ।