You don't have javascript enabled. Please Enabled javascript for better performance.

অসম বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ

ৰাজ্যত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি অসম বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ স্থাপন কৰা হৈছিল। গৱেষণা আৰু উন্নয়নৰ সাম্ভাব্যপূৰ্ণ এলেকা সমূহৰ চিহ্নিতকৰণত এই বিভাগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যৰ আৰ্থ-সামাজিক উন্নয়নত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ এই বিভাগৰ এক মূল উদ্দেশ্য। নাগৰিকসকলৰ মাজত বৈজ্ঞানিক প্ৰৱণতা আৰু উদ্ভাৱনী কৌশলেৰে নিবনুৱা সমস্যা, দৰিদ্ৰতা আৰু প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ ৰোধ আদি বিষয়বস্তুৰ গুৰুত্ব উপলব্ধি কৰোৱাৰ দিশতো গুৰুত্ব আৰোপ কৰি আহিছে। লগতে ৰাজ্যৰ পৰম্পৰাগত প্ৰযুক্তি সমূহৰ বিকাশেৰে জনসাধাৰণৰ কল্যাণো এই বিভাগৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়বস্তু। জনসাধাৰণৰ মাজত বৈজ্ঞানিক মানসিকতাৰ প্ৰভাৱ বৃদ্ধিৰ লক্ষ্যৰে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে ৰাজ্যত বিজ্ঞান প্ৰযুক্তি ক্ষেত্ৰৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ ওপৰত গুৰুত্ব দি আহিছে।