You don't have javascript enabled. Please Enabled javascript for better performance.

পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসম

অসমৰ গ্ৰাম্যাঞ্চল আৰু নগৰীয়া অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নত পশুপালন আৰু পশু চিকিৎসা বিভাগে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। এই ক্ষেত্ৰত পশুধন জড়িত উৎপাদন বৃদ্ধিৰ লগতে গ্ৰাম্যাঞ্চলৰ লোকৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত এই বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মূল লক্ষ্য সমূহৰ ভিতৰত আছে – পশুধনৰ উপযুক্ত সময়োচিত চিকিৎসাৰ দ্বাৰা মৃত্যুৰ হাৰ কমোৱা, মাংস, গাখীৰ আৰু কণী উৎপাদন বৃদ্ধিৰে মানুহৰ বাবে প্ৰয়োজনীয় প্ৰ’টিনজাতীয় খাদ্যসামগ্ৰীৰ যোগান বৃদ্ধি কৰা, বিভিন্ন বেমাৰৰ পৰা পশুধনক ৰক্ষা কৰা আৰু উপযুক্ত চিকিৎসা প্ৰদান কৰা।

বিভাগে বিভিন্ন ধৰণৰ পশুপালন প্ৰশিক্ষণৰ যোগেদি বিভিন্ন লোকক স্বাৱলম্বীকৰণতো অৰিহণা যোগাই আহিছে।