You don't have javascript enabled. Please Enabled javascript for better performance.

'প্ৰজ্ঞা অসম' কুইজ

'প্ৰজ্ঞা অসম' হৈছে মাই গভ্ অসম আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দ্বাৰা আয়োজিত এক সাপ্তাহিক ৰেডিঅ' কুইজৰ অনুষ্ঠান। প্ৰতি দেওবাৰে প্ৰচাৰ হোৱা এই কুইজ অনুষ্ঠানত শ্ৰোতাই মোবাইল বার্তাযোগে প্ৰশ্নৰ উত্তৰসমূহ প্ৰেৰণ কৰে। বিজয়ী প্ৰতিযোগীসকললৈ প্ৰশংসা পত্ৰ আৰু নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা হয়। বৰ্তমানলৈ পাঁচটা খণ্ডৰ প্ৰদৰ্শন সম্পূৰ্ণ হোৱা এই কুইজ প্ৰতিযোগিতালৈ সহযোগিতাৰ হাত আগবঢ়াইছে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষা অসমে।