You don't have javascript enabled. Please Enabled javascript for better performance.

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা (CMSGUY) হৈছে অসমৰ গ্ৰাম্যাঞ্চলৰ বিকাশৰ বাবে আৰম্ভ কৰা এক নতুন আঁচনি। ২০২১-২২ লৈ লক্ষ্য বান্ধি লোৱা এই আঁচনিৰ পাঁচবছৰীয়া বৃহৎ পৰিসৰৰ কাৰ্যসূচীয়ে অসমৰ সকলো গাঁৱকে সাঙুৰি ল’ব। ২০১৭ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই গুৱাহাটীত গ্ৰাম্যাঞ্চলৰ হিতাৰ্থে আৰম্ভ কৰা এই আঁচনিৰ শুভাৰম্ভ কৰে।

অসমৰ গ্ৰামাঞ্চলত কৃষিৰ উৎপাদন দুগুণ বৃদ্ধিৰ লক্ষ্যৰে ব্যাপক পৰিৱৰ্তন হৈছে এই আঁচনিৰ মূল লক্ষ্য। অসমৰ প্ৰতিখন ৰাজহ গাঁও সাঙুৰি পোনপটীয়া অৰ্থনৈতিক কাৰ্যসূচী, বজাৰ সংযোগ আৰু সমুহীয়া উদ্যমেৰে সাহায্য প্ৰদান কৰা মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ মূল উদ্দেশ্য।