You don't have javascript enabled. Please Enabled javascript for better performance.

অসম নিয়োগ আৰু শ্ৰম বিভাগ

অসম নিয়োগ আৰু শ্ৰম বিভাগে অসমৰ নিবনুৱা সকলৰ কল্যাণৰ নিমিত্তে বিভিন্ন কল্যাণমূলক কাৰ্যসূচী হাতত লৈ আহিছে। ৰাজ্যৰ বিভিন্ন নিয়োগ সম্পৰ্কীয় বা-বাতৰি নিবনুৱা সকলৰ মাজত উপলব্ধ কৰি বিভিন্ন ক্ষেত্ৰত সহায় কৰিছে। এই বিভাগে দক্ষ ব্যক্তিক উদ্যমিতা মন্ত্ৰণাৰ যোগেদি বাণিজ্যিক লাভালাভ প্ৰদান কৰি অহাৰ ক্ষেত্ৰটো কাম কৰি আহিছে। বৰ্তমান এই বিভাগে দক্ষতা উন্নয়নৰ জৰিয়তে সংস্থাপন বঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই বিভাগত ভাৰত চৰকাৰৰ শ্ৰম মন্ত্ৰণালয়ৰ নিৰ্ধাৰিত পদ্ধতি অনুসৰি কৰ্মসংস্থান জনিত কাৰ্যসমূহ এটা সম্পূৰ্ণ সেৱা প্ৰতিষ্ঠান ৰূপেৰে ৰূপায়িত কৰাত গুৰুত্ব আৰোপ কৰা হয়। অসম নিয়োগ আৰু শ্ৰম বিভাগে নিবনুৱা হ্ৰাসকৰণ আৰু দৰিদ্ৰতা নিৰ্মূলকৰণৰ লাগতে শ্ৰম অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। নিবনুৱা সকলৰ লগতে দৈনিক মজুৰি লাভ কৰা সকলৰ কল্যাণ আৰু উৎসাহিত কৰা তথা বিকাশৰ ক্ষেত্ৰত এই বিভাগ বদ্ধপৰিকৰ। নিবনুৱা সকলক লাভজনক সংস্থাপনৰ বিভিন্ন দিশত এই বিভাগে কাম কৰি আহিছে। অসম নিয়োগ আৰু শ্ৰম বিভাগে ইয়াৰ লক্ষ্যত উপনীত হ’বলৈ স্বচ্ছ আৰু নিকা কাৰ্যপ্ৰণালীত গুৰুত্ব দি আহিছে।