You don't have javascript enabled. Please Enabled javascript for better performance.

পৰিৱেশ আৰু বন বিভাগ, অসম

উত্তৰ-পূৱ ভাৰতৰ দুৱাৰমুখ অসম হৈছে বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থানেৰে জৈৱ-বৈচিত্ৰৰ বাবে এক চহকী অঞ্চল। ৰাজ্যৰ মাটিকালিৰ ২৬,৮৩২ বৰ্গ কিলোমিটাৰ (৩৪.২১%) বনাঞ্চলে আৱৰি আছে। বিভিন্ন ধৰণৰ স্তন্যপায়ী প্ৰাণী, পক্ষী আৰু সৰীসৃপ প্ৰজাতিৰ প্ৰাণী যেনে এশিঙীয়া গঁড়, নলগাহৰি, ধনেশ পক্ষী, দেওঁহাঁহ ইত্যাদি অসমত পোৱা যায়। পৰিৱেশ আৰু বন বিভাগে ৰাজ্যৰ বনজ উত্পাদন, বনাঞ্চল আৰু বন্যজীৱ সংৰক্ষণেৰে জৈৱ-বৈচিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ প্ৰাকৃতিক সম্পদৰ ৰক্ষণাবেক্ষণৰ লগতে সংস্থাপন সৃষ্টি আৰু আয় বৃদ্ধিৰে এক ধনাত্মক পৰিৱৰ্তন সাধন কৰি আহিছে।

পৰিৱেশ আৰু বন বিভাগে চহকী জৈৱ-বৈচিত্ৰতা, সংৰক্ষিত বনাঞ্চলৰ সংৰক্ষণ আৰু উন্নয়নৰ লগতে গৱেষণামূলক কাৰ্যাৱলী, ব্যক্তিগত বৃক্ষৰোপনৰ জৰিয়তে বনাঞ্চলৰ প্ৰসাৰ, জনসচেতনামূলক কাৰ্যসূচী, গছপুলি বিতৰণৰ লগতে অন্যান্য উন্নয়নমূলক কাৰ্যসূচী সমূহো হাতত লৈছে।