You don't have javascript enabled. Please Enabled javascript for better performance.

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ

ৰাজ্যৰ স্বাস্থ্যসেৱাত গুণগত মানদণ্ডৰ চিকিৎসা সেৱা প্ৰদান আৰু চিকিৎসা সেৱা খণ্ডৰ প্ৰভূত উন্নয়নৰ লক্ষ্যত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ ব্ৰতী হৈ আছে। সুস্বাস্থ্য, এখন সমাজৰ মানৱ সম্পদ বিকাশৰ এক মূলমন্ত্ৰ, ইয়াকে সাৰোগত কৰি এক বহনক্ষম স্বাস্থ্য সেৱাৰে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ লক্ষ্য স্থিৰ কৰি এই বিভাগে বিভিন্ন কাৰ্যাৱলী হাতত লৈ আহিছে। এখন স্বাস্থ্যকৰ আৰু উৎপাদনমুখী মানৱ সম্পদৰ লক্ষ্যৰে এই বিভাগে বিভিন্ন স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা নীতি আৰু আঁচনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। ইয়াৰ লগতে ৰাজ্যৰ জনজাতি প্ৰধান অঞ্চল আৰু নগৰীয়া আৰু গ্ৰাম্যাঞ্চলতো স্বাস্থ্যসেৱা জনিত বিভিন্ন আঁচনি সক্ৰিয়ভাবে ৰূপায়ন কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বিভিন্ন উল্লেখযোগ্য দিশ যেনে তথ্য, শিক্ষা, যোগাযোগ আৰু সহযোগিতাৰ লগতে জনসংখ্যা আৰু চিকিৎসা বিজ্ঞানৰ গৱেষণা এই বিভাগৰ অন্যতম কাৰ্যাৱলী।