You don't have javascript enabled. Please Enabled javascript for better performance.

বিনন্দীয়া অসম

ভাৰতবৰ্ষৰ ২.৩৯% মাটিকালি আৱৰি থকা অসম হৈছে আঠোখন ৰাজ্যৰ ভিতৰত এখন মোহনীয় ৰাজ্য। পশ্চিমবংগ, ভূটান আৰু বাংলাদেশে আৱৰি থকা বৰাইল ৰেঞ্জৰ অন্তৰ্ভূক্ত অসমক অধিক প্ৰাণৱন্ত কৰি তোলে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যাকাই। অসমৰ পৰিচয়েই হৈছে অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰ, বন্যজীৱৰে ভৰা বনজ ভূমি, সেউজ চাহ বাগিছা আৰু অতিথিপৰায়ণ অসমবাসী। উত্তৰ-পূৱ ভাৰতত অসমৰ ভৌগোলিক অৱস্থিতি আৰু দেশৰ বিভিন্ন প্ৰান্তৰৰ লগত ইয়াৰ সংযোগে অসমক উত্তৰ-পূৱ ভাৰতৰ দুৱাৰমুখ হিচাবে প্ৰতিষ্ঠা কৰে।