You don't have javascript enabled. Please Enabled javascript for better performance.

কৃষি বিভাগ, অসম

অসমৰ ভৌগোলিক মাটিকালিৰ প্ৰায় ৫৪.১১ শতাংশ অংশ কৃষি ভূমিৰ অন্তৰ্গত আৰু মুঠ জনসংখ্যাৰ প্ৰায় ৭০% লোক কৃষিকৰ্মৰ লগত জড়িত। ৰাজ্যৰ ৰাজহ উৎপাদনৰ বাবে কৃষি হৈছে এটা অবিচ্ছেদ্য অংগ। সাৰুৱা কৃষিভূমি আৰু বৰ্ষাপ্ৰধান ৰাজ্য হিচাবে অসম, বিভিন্ন কৃষি যেনে ধান, মাহজাতীয় শস্য, চাহ ইত্যাদিৰ বাবে উপযুক্ত অঞ্চল। যিহেতু মুলত: অসম কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য, অসম চৰকাৰৰ কৃষি বিভাগে বিভিন্ন আঁচনিৰ যোগেদি এক বহনক্ষম, কম খৰছী আৰু বিজ্ঞানসন্মত ভাবে উন্নত কৃষিকাৰ্যৰ ওপৰত গুৰুত্ব দি আহিছে। আৰম্ভণিতে কৃষি বিভাগ ১৮৮২ চনৰ এপ্ৰিল মাহত স্থাপন কৰা হৈছিল। পাছত ১৯২৩ চনত কৃষি, কো-অপাৰেচন আৰু উদ্যোগ বিভাগ সংযুক্ত কৰা হৈছিল। বৰ্তমান কৃষি বিভাগে চৰকাৰী কাৰ্যসূচী আৰু আঁচনি প্ৰণয়ন আৰু ৰূপায়নেৰে উপলব্ধ সম্পদেৰে দ্ৰুতগতিত কৃষি উৎপাদন বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰি লৈছে। ইয়াৰ লক্ষ্য হৈছে কৃষকসকলক বিজ্ঞানসন্মত পদ্ধতিৰে বহনক্ষম আৰু কৃষিৰ বাণিজ্যিক দিশৰ ওপৰত শিক্ষিত কৰি তোলা। কৃষকসকলক জৈৱিক কৃষি পদ্ধতিৰ লগতে ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰে জলসিঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰি কৃষকসকলে নিজৰ কৃষিভূমিত অধিক লাভৱান হোৱাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। কৃষি বিভাগে কৃষকসকলৰ মাজত তথ্য আৰু প্ৰযুক্তি জ্ঞানৰ লগতে প্ৰাকৃতিক দুৰ্যোগ উপশম ব্যৱস্থাপনাৰ ওপৰতো বিশেষ কিছুমান কাৰ্যসূচী বিভিন্ন সময়ত অনুষ্ঠিত কৰি আহিছে।