You don't have javascript enabled. Please Enabled javascript for better performance.

পৰিবহণ বিভাগ, অসম

ৰাজহ উপাৰ্জনৰ দিশৰ পৰা অসমৰ পৰিবহণ বিভাগ এটা গুৰুত্বপূৰ্ণ বিভাগ। পৰিবহণ সেৱাৰ সূচল ব্যৱস্থাৰ লক্ষ্যৰে স্থাপিত এই বিভাগ ১৯৫০ চনৰ শেষৰ ভাগলৈকে গৃহ বিভাগৰ অন্তৰ্ভূক্ত এটা বিভাগ আছিল। পাছলৈ ইয়াক এক স্বতন্ত্ৰ বিভাগ হিচাবে প্ৰতিষ্ঠা কৰা হয়। পৰিবহণ বিভাগৰ মুৰব্বী অৰ্থাৎ আয়ুক্ত গৰাকীয়ে মটৰগাড়ী আইন আৰু নীতি নিয়ম, মটৰ গাড়ী পঞ্জীয়ন, কৰ আৰু মাচুল সংগ্ৰহ, যান-বাহন আদিৰ সক্ষমতা পৰীক্ষণেৰে মঞ্জুৰি প্ৰদান ইত্যাদি কাৰ্যকলাপ সমূহ তদাৰক কৰে। পৰিবহণ বিভাগৰ মূল কাৰ্যাৱলী সমূহ হৈছে – যাতায়াত সেৱা নিয়ন্ত্ৰণ, পথ সুৰক্ষা সম্পৰ্কীয় তত্বাৱধান, যান-বাহন পঞ্জীয়ন আৰু গাড়ী চালকক অনুজ্ঞাপত্ৰ প্ৰদান, গাড়ী চালনৰ অনুজ্ঞাপত্ৰ প্ৰদান আৰু নৱীকৰণ, যাতায়ত আইন ভংগকাৰী সকলৰ চিনাক্তকৰণ আৰু ব্যৱস্থা গ্ৰহণ, বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ ইত্যাদি। যাতায়াত সম্পৰ্কীয় আন্ত:গাঁথনিৰ প্ৰসাৰেৰে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন সাধনো এই বিভাগৰ এক অন্যতম লক্ষ্য। গ্ৰাম্য যাতায়াত সংযোগীকৰণৰ লগতে জনসাধাৰণৰ কল্যাণৰ বাবে বিভাগে বহু আঁচনি হাতত লৈছে।