You don't have javascript enabled. Please Enabled javascript for better performance.

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?

Start Date: 26-03-2020
End Date: 03-05-2020

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ? ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?

বিশ্বজুৰি কৰ’না ভাইৰাছ সংক্ৰমণৰ জটিল পৰিস্থিতিত বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰতবৰ্ষতো ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্য সুৰক্ষাৰ অৰ্থে নিজৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্য ঘৰতে আবদ্ধ হৈ থকাটো অত্যন্ত জৰুৰী কথা।

দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনশৈলী কিছু সালসলনি কৰি আমি সকলোৱে এই সময়খিনি নিজৰ পৰিয়ালৰ সৈতে সুন্দৰকৈ কটোৱাৰ লগতে বিভিন্ন গঠনমূলক কৰ্মৰাজিৰ সৈতে নিজকে জড়িত কৰাৰ ক্ষেত্ৰতো সুযোগ লাভ কৰিছো। ঘৰৰ সুস্থ বাতাবৰণত আমি গান শুনা, চিনেমা চোৱা, কিতাপ পঢ়া, প্ৰিয় খাদ্য প্ৰস্তুত কৰা, ক্ৰাফট মেকিং, বাগিচাত কাম কৰা, ঘৰ পৰিষ্কাৰ কৰা ইত্যাদি বিভিন্ন কৰ্মৰ লগতে কিছুমান উদ্ভাৱনীমূলক চিন্তা-চৰ্চা তথা কৰ্মৰাজিৰে সময়খিনি সুন্দৰকৈ অতিবাহিত কৰিব পাৰো।

আপুনিও যদি ঘৰত থকাৰ এই দিনকেইটাৰ বাবে এনেধৰণৰ এখন কৰ্মসূচী সাজু কৰি লৈছে, তেন্তে সেই বিষয়ে সবিশেষ লিখি (পৰাপক্ষত ফটো অথবা ভিডিঅ’সহ) আমালৈ প্ৰেৰণ কৰক।

সকলো মন্তব্য
মুঠ অৱদান ( 164) অনুমোদিত অৱদানসমূহ (150) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (14) জমা বন্ধ
Reset
150 তথ্য পোৱা গ’ল
1350

Monowar Hussain 4 বছৰ 1 সপ্তাহ পূৰ্বে

লক ডাউনৰ সময়খিনিত মই ঘৰতেই থাকি বহুতো কাম কৰিব পাৰিছো । আনৰ দৰে মোৰ সিমান এটা আমনি লগা নাই কাৰণ মই এজন ইউটিউবাৰ আৰু সেইবাবে এই বন্ধৰ সময়খিনিত মই ঘৰতেই থাকি নতুন নতুন ভিডিঅ'বনাই আছো । ইয়াৰ উপৰিও মই দুই এটা গল্প বা সাধুৰ কিতাপ পঢ়ো ।

692140

JAYANTA TOPADAR 4 বছৰ 1 সপ্তাহ পূৰ্বে

Sir,
Staying at home during Lockdown days,I find my space for the fulfilment of my pending works, my creativity, my interest in writing poems, articles, letter to the Editor of newspapers : Hindi & English,reading good books, knowing about all the updates regarding the truth about our national fight against Covid-19 (Corona Virus). I am, really inspired by our State Govt. & our Central Govt. for all the necessary arrangements in case of need. The national media is making us aware!

692140

JAYANTA TOPADAR 4 বছৰ 1 সপ্তাহ পূৰ্বে

Sir,
Staying at home during these Lockdown days, I have been keeping myself updated with the ongoing notification being issued by the Government.It is a very qualitative time that I have been honestly utilising after getting up early in the morning,doing some free-hand exercises, pranayam, surya namaskar,meditation & some yogadan as in order to keep myself feet for this Nation. Indeed, we can,still, contribute our level best to serve our society & the hoi poloi, staying safe at home.

400

Ratna Chetia 4 বছৰ 2 সপ্তাহ পূৰ্বে

এই দুৰ্দিনৰ সময়ত আজি আমাৰ গাঁৱৰ যুৱক সংঘ আৰু সমাজ সচেতন ব্যক্তিসকলে গাঁওখনৰ ২১০টা পৰিয়ালক ১০ কেজি চাউল, ২ কেজি আলু, ১ পেকেট নিমখ,মিঠাতেল আৰু এটুকুৰা দেটল চাবোন দি যি সহায়ৰ হাত আগবঢ়ালে তাত মই নিজেও সহযোগিতা আগবঢ়াবলৈ পাই অতি আনন্দিত হৈছোঁ ।