You don't have javascript enabled. Please Enabled javascript for better performance.

অসমৰ ঐতিহ্য সংৰক্ষণত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ভূমিকা

অসমৰ ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে গুৱাহাটীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ে। এই সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছিল কামৰূপ অনুসন্ধান সমিতিৰ দ্বাৰা আৰু ১৯৪০ চনৰ ২১ এপ্ৰিল তাৰিখে অবিভক্ত অসমৰ ৰাজ্যপাল ছাৰ ৰবাৰ্ট ৰেইডে ইয়াক মুকলি কৰিছিল। ১৯৫৩ চনত এই সংগ্ৰহালয় অসম চৰকাৰৰ শিক্ষা বিভাগৰ সংগ্ৰহালয় আৰু প্ৰত্নতত্বৰ অধীনলৈ অনা হৈছিল। অসমৰ বিভিন্ন সময়ৰ ইতিহাস আৰু ঐতিহ্য সঠিক ৰূপত উপস্থাপন আৰু সংৰক্ষণৰ দিশত এই সংগ্ৰহালয়ে কাম কৰি আহিছে। আহক অসমৰ এক অমূল্য সম্পদ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কিছু কথাৰ গম লওঁ।
সকলো মন্তব্য
আলাপ আলোচনা
Reset
1 তথ্য পোৱা গ’ল