You don't have javascript enabled. Please Enabled javascript for better performance.

অসমৰ পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰসাৰৰ উদ্দেশ্যে ভ্লগিং প্ৰতিযোগিতা

Start Date: 08-12-2020
End Date: 31-01-2021

ক'ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমাৰ সমাজ ব্যৱস্থা যথেষ্ট ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
অসমৰ পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰসাৰৰ উদ্দেশ্যে ভ্লগিং প্ৰতিযোগিতা

ক'ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমাৰ সমাজ ব্যৱস্থা যথেষ্ট প্ৰভাৱান্বিত হ’ল ৷ এনে জটিল পৰিস্থিতিত ৰাজ্যখন আৰ্থিকভাৱেও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৷ অন্যান্য দিশসমূহৰ সমান্তৰালভাৱে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনৰ প্ৰতিও ভাবুকি নামি আহিল ৷

এনে পৰিপ্ৰেক্ষিতত পৰ্যটন ক্ষেত্ৰখনৰ পুনৰুত্থানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে ৷ সেয়েহে এই দিশটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰসাৰৰ লক্ষ্যৰে জনতাৰ চৰকাৰ মাই গভ্ অসমে যুৱপ্ৰজন্মৰ পৰা ভ্লগৰ আহ্বান কৰিছে ৷ আগ্ৰহীসকলে অসমৰ পুৰাতাত্ত্বিক স্থান,কৃষ্টি-সংস্কৃতি,সাংস্কৃতিকভাৱে চহকী আৰু ইতিহাসপ্ৰসিদ্ধ ঠাই,থলুৱা খাদ্য-সম্ভাৰ,ৰাষ্ট্ৰীয় উদ্যান,বন্যপ্ৰাণী ইত্যাদি প্ৰতিফলিত কৰি একোটা ভ্লগ প্ৰস্তুত কৰি আমালৈ প্ৰেৰণ কৰিব লাগিব ৷

শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত পাঁচটা ভিডিঅ' মাই গভ্ অসমৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জৰিয়তে প্ৰচাৰ কৰা হ'ব । লগতে নিৰ্বাচিত পাঁচোগৰাকী অংশগ্ৰহণকাৰীলৈ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ স্বাক্ষৰ সম্বলিত একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব।

ভিডিঅ' কিদৰে প্ৰেৰণ কৰিব ?
অংশগ্ৰহণকাৰীসকলে নিজৰ ভিডিঅ' Google Drive ত আপলোড কৰি লিংকটো তলত মন্তব্য আকাৰে প্ৰেৰণ কৰিব লাগিব ৷
পৰৱৰ্তী সময়ত নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলৰ সৈতে যোগাযোগ কৰা হ'ব ৷

নিয়মাৱলীসমূহ :

    ভিডিঅ' MP4/MOV format ত প্ৰেৰণ কৰিব লাগিব
    নিৰ্ধাৰিত সময় ১০ মিনিট অথবা তাতোকৈ কম
    কেৱল ভ্লগ ফৰ্মেটত প্ৰেৰণ কৰা ভিডিঅ'হে গ্ৰহণযোগ্য
    ভিডিঅ'ৰ জৰিয়তে কেৱল ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰহে প্ৰতিফলিত হ'ব লাগিব
    প্ৰয়োজনত অংশগ্ৰহণকাৰীসকলে অৰিজিনেল ফাইলটো প্ৰেৰণ কৰিব লাগিব আৰু মাই গভ্ অসমে প্ৰচাৰ কৰাৰ পূৰ্বে অংশগ্ৰহণকাৰীসকলে ভিডিঅ'টি ব্যক্তিগতভাৱে প্ৰচাৰ কৰিব নোৱাৰিব ৷ অন্যথা সেই ভিডিঅ' প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ'ব
    অংশগ্ৰহণকাৰীসকলে প্ৰেৰণ কৰা ভিডিঅ'সমূহত মাই গভ্ অসমৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকিব ৷ (প্ৰয়োজনত অৰিজিনেল ফাইলটো সম্পাদনা কৰা হ'ব ৷)
    চৌৰ্যবৃত্তিৰ আশ্ৰয় লোৱাৰ সম্ভেদ পালে তেনে ভিডিঅ' বাতিল কৰা হ'ব
    কোনো সামগ্ৰী/ব্ৰেণ্ড আদিৰ প্ৰসাৰৰ উদ্দেশ্যে প্ৰেৰণ কৰা ভিডিঅ' গ্ৰহণ কৰা নহ'ব
    অংশগ্ৰহণকাৰীৰ সংখ্যা আশানুৰূপ নহ'লে এই প্ৰতিযোগিতা বাহাল ৰখা নহ'ব
সকলো মন্তব্য
মুঠ অৱদান ( 15) অনুমোদিত অৱদানসমূহ (0) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (15) জমা বন্ধ