You don't have javascript enabled. Please Enabled javascript for better performance.

যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান

Start Date: 02-11-2021
End Date: 25-11-2024

যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান

যান-বাহনৰ গতিবেগ সন্দৰ্ভত মতামত তথা পৰামৰ্শ প্ৰেৰণৰ আহ্বান লোকনিৰ্মাণ (পথ) বিভাগ, অসমৰ দ্বাৰা জনতাৰ চৰকাৰ মাই গভ অসমৰ সহযোগত পথ সুৰক্ষা সম্পৰ্কত বিভাগটোৰ অধীনস্থ পথসমূহৰ (ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে) ওপৰত সকলো শ্ৰেণীৰ বাহন চলাচলৰ ক্ষেত্ৰত সৰ্বোচ্চ গতিবেগ নিৰ্ধাৰণৰ উদ্দেশ্যে এখন নতুন খচৰা অধিসূচনা (Draft Notification) জাৰি কৰাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে। এই সম্পর্কত পথ সুৰক্ষাৰ দিশত সচেতন নাগৰিকসকলৰ অংশগ্রহণেৰে এক বিশেষ পদক্ষেপেৰে খচৰা অধিসূচনাখন প্রস্তুত কৰিবলৈ মনস্থ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে আন পথসমূহৰ ক্ষেত্ৰত সৰ্বোচ্চ গতিবেগৰ সূচকসহ অধিসূচনাৰ খচৰা নিম্ন উল্লেখিত ধৰণে প্ৰস্তুত কৰা হৈছে। পথৰ শ্ৰেণী------------------------------------- সৰ্বাধিক গতি (কিঃমিঃ/ঘণ্টা) পথ বিভাজন থকা ৪ লেনযুক্ত পথ-------------- ৮০ সমতল এলেকাৰ ২ লেনযুক্ত (৭ মিটাৰ বহল) পথৰ লগতে পকী দাঁতি সংলগ্ন পথ--------------------------------------------- ৭০ সমতল এলেকাৰ পকী দাঁতিবিহীন ২ লেনযুক্ত (৭ মিটাৰ বহল)পথ--- ৬০ সমতল এলেকাৰ পকী দাঁতি সংলগ্ন থকা বা নথকা ইণ্টাৰমেডিয়েট লেনযুক্ত (৫.৫ মিটাৰ বহল) পথ------------------------------ ৫০ সমতল এলেকাৰ এক লেনযুক্ত (৩.৭৫ মিটাৰ বহল) পথ--------- ৪০ গুৱাহাটী মহানগৰীৰ এলেকাৰ ভিতৰত ভৌতিক মধ্যমাৰ দ্বাৰা পৃথকীকৃত পথ- ৫০ গুৱাহাটী মহানগৰ আৰু আন পৌৰসভা/নগৰ এলেকাৰ অন্তর্গত আন পথ- ৪০ গাঁও, শিক্ষা প্রতিষ্ঠান আদিৰ লগতে আৰক্ষী কর্তৃপক্ষৰদ্বাৰা চিহ্নিত স্পর্শকাতৰ এলেকা আৰু ইয়াৰ সমীপৱর্তী পথ----------------------------- ৩০ অতি জনবহুল বজাৰ এলেকাৰ পথ-------------------------- ২০ পাহাৰীয়া এলেকাৰ ২ লেনযুক্ত (৭মিটাৰ বহল) পথ------------------- ৫০ পাহাৰীয়া এলেকাৰ ইণ্টাৰমিডিয়েট লেনযুক্ত (৫.৫ মিটাৰ বহল) পথ---- ৪০ পাহাৰীয়া এলেকাৰ এক লেনযুক্ত (৩.৭৫ মিটাৰ বহল) পথ------- ৩০ উপর্যুক্ত বিভিন্ন পথভেদে নির্ধাৰিত সর্বোচ্চ গতিৰ সম্পর্কত প্রাক-অধিসূচনা পর্যায়ৰ পৰামর্শমূলক প্রক্রিয়া হিচাপে পথ সুৰক্ষাৰ প্রতি সচেতন নাগৰিকসকলক পৰামৰ্শ/ মন্তব্য প্ৰেৰণৰ বাবে অনুৰোধ জনোৱা হৈছে। আপোনাৰ বহুমূলীয়া মতামত/পৰামৰ্শ তলত মন্তব্য আকাৰে আগবঢ়াব পাৰে। মন্তব্য আগবঢ়োৱাৰ অন্তিম তাৰিখ : ২৫ নৱেম্বৰ, ২০২১। পৰামর্শ/মতামত আগবঢ়োৱাসকলে নাম, ঠিকনা, কর্ম পদবী তথা যোগাযোগৰ নম্বৰ উল্লেখ কৰাটো বাঞ্ছনীয়। অন্যথা তেখেতসকলৰ মতামত/পৰামর্শ মূল্যায়নৰ ক্ষেত্রত বিবেচিত নহ’ব।

সকলো মন্তব্য
Reset
221 তথ্য পোৱা গ’ল
4111760

CHANDA NAGARAJU 7 হিচাপ 4 সপ্তাহ পূৰ্বে

While driving, you might be focused on checking your mirrors and keeping an eye on the road, but it's crucial not to forget about your speedometer. Develop a habit of checking your speedometer regularly, ideally every 5 minutes, to ensure you are within the legal speed limits. Regular checks will help you make necessary adjustments to avoid traffic tickets for speeding

4111760

CHANDA NAGARAJU 7 হিচাপ 4 সপ্তাহ পূৰ্বে

Be alert, watch for, and obey speed limit signs. Use extra caution in school zones, residential areas, and on secondary roads. Remember that there is a reason for posted speed limits. Speed limits are designed to protect all – drivers, passengers, and pedestrians.

4111760

CHANDA NAGARAJU 8 হিচাপ 1 দিন পূৰ্বে

చట్టబద్ధమైన వేగ పరిమితుల ఉదాహరణలు:  నివాస లేదా పాఠశాల జిల్లాల్లో 25 mph ,  గ్రామీణ రహదారులపై 55 mph మరియు గ్రామీణ అంతర్రాష్ట్ర రహదారులపై  70 mph. పోస్ట్ చేయబడిన వేగ పరిమితులు (కొన్నిసార్లు రెగ్యులేటరీ స్పీడ్ లిమిట్స్ అని పిలుస్తారు) అనేది రహదారి పొడవునా సైన్-పోస్ట్ చేయబడినవి మరియు చట్టం ప్రకారం అమలు చేయబడతాయి.