You don't have javascript enabled. Please Enabled javascript for better performance.

কন্যা শিশুৰ ক্ষেত্ৰত এক সবল সামাজিক স্থিতি গঢ়ি তোলাৰ উদ্দেশ্যে পৰামৰ্শৰ আহ্বান

Start Date: 22-01-2019
End Date: 31-12-2022

যিসময়ত সমাজৰ মহিলাই অসীম ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰে বিভিন্ন দিশত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

যিসময়ত সমাজৰ মহিলাই অসীম ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰে বিভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শনেৰে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে সেই সময়তে কিন্তু সেই একেখন সমাজতেই আন একাংশই কন্যা শিশু জন্ম হোৱাটো এক অভিশাপ ৰূপে গণ্য কৰি আহিছে। যুগ যুগ ধৰি আমাৰ সমাজৰ সকলো ক্ষেত্ৰতে মহিলাৰ পৰিৱৰ্তে পুৰুষক প্ৰাধান্য তথা অগ্ৰাধিকাৰ দিয়াৰ মানসিকতাই মহিলাসকলক বিভিন্ন ক্ষেত্ৰত অৱহেলিত হিচাবে গণ্য কৰা দেখা যায়। ভ্ৰূণ হত্যা, শাৰীৰিক আৰু মানসিক নিৰ্যাতন, লিংগ বৈষম্য আদি সমাজৰ ব্যাধিসমূহৰ বাবে এতিয়াও আমাৰ সমাজখন বিভিন্ন ক্ষেত্ৰত পিছপৰি ৰৈছে। এনে পৰিপ্ৰেক্ষিতত এক সুস্থ বাতাবৰণ সৃষ্টিৰে কন্যা শিশুসকলৰ উপযুক্ত সুৰক্ষা প্ৰদান কৰাটো এগৰাকী সচেতন নাগৰিক হিচাবে আমাৰ প্ৰত্যেকৰে প্ৰধান দায়িত্ব হোৱা উচিত। উপযুক্ত শিক্ষা প্ৰদানেৰে প্ৰতিগৰাকী কন্যা শিশুক একো একোগৰাকী সু- নাগৰিক ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই দায়ৱদ্ধ হোৱাতো সময়ৰ এক আহ্বান।

“ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস” উপলক্ষে জনতাৰ চৰকাৰ মাই গভ্‍ অসমে নিম্ন উল্লেখিত দিশসমূহৰ ক্ষেত্ৰত জনসাধাৰণৰ পৰামৰ্শ বিচাৰিছে।

• কন্যা শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সামাজিক দায়ৱদ্ধতা
• কন্যা শিশুৰ অধিকাৰ, আশা-আকাংক্ষা পূৰণ আদিৰ ক্ষেত্ৰত সজাগতা সৃষ্টি
• কন্যা শিশুৰ নিৰাপত্তা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত সমাজৰ স্থিতি

তলত মন্তব্য হিচাবে আপোনাৰ মতামত সমূহ আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
397 তথ্য পোৱা গ’ল

NayanaSarma 2 বছৰ 10 হিচাপপূৰ্বে

শিক্ষাই মানুহক জ্ঞানৰ পোহৰ দিয়ে, প্ৰগতিৰ পথ দেখুৱাই। সেয়েহে শিক্ষা ব্যৱস্থাৰ লগতে বিশেষ ভাৱে গুৰুত্বপূৰ্ণ হৈছে কন্যা শিক্ষা। কন্যা সকলৰ শিক্ষাৰ ওপৰত দেশখনৰ আভ্যন্তৰীণ বিকাশ নিৰ্ভৰ কৰে, সেয়েহে কন্যা শিক্ষাৰ প্ৰয়োজন।

MD UBAIDUL HOQUE 2 বছৰ 10 হিচাপপূৰ্বে

শিক্ষাৰ ক্ষেত্ৰত নাৰীয়ে সমানে আগবাঢ়ি গৈছে যদিও সংখ্যালঘু আৰু জনজাতীয় অঞ্চল সমূহত এতিয়াও পিছ পৰি আছে। সাধাৰণতে দুখীয়া মানুহে ছোৱালীক শিক্ষা দিয়াটো অথলে যাব বুলি ভাবে । তেওঁলোকে ছোৱালীক উচ্চ শিক্ষা দিয়াৰ পৰা বিৰত থাকে । এই ক্ষেত্ৰত চৰকাৰী আৰু স্হানীয় বেচৰকাৰী সংস্থাই গুৰুত্ব দিব লাগে। কন্যা শিশুক কেন্দ্ৰীয় কিছু পৰিমাণে বৃত্তি দিছে যদিও সেয়া যথেষ্ট নহয় । কন্যা শিশুৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোনো নম্বৰৰ‌ বাধ্যতা নাৰাখি প্ৰাথমিক পৰ্যায়ৰ পৰা বৃত্তি প্ৰদান কৰিব লাগে।

rupeshyadav 2 বছৰ 10 হিচাপপূৰ্বে

ৰাজ্যখনৰ উন্নয়নৰ সমান্তৰালকৈ নাৰী সৱলীকৰণৰ কামো ভালদৰে কৰি আছে মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মহিলাসকলে ব্যক্তিগত আৰু চৰকাৰী বিভাগত পুৰুষৰ সৈতে কান্ধ মিলাই কাম কৰি আছে। মই পৰামৰ্শ দিওঁ যে আগন্তুক শিক্ষক নিযুক্তি পৰীক্ষাত মহিলাসকলক বিশেষ সংৰক্ষণ দিয়া হওক যাতে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত ভাল কাম কৰিব পাৰে, লগতে ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলত অধিক সংখ্যক ছোৱালীৰ বিদ্যালয়-মহাবিদ্যালয় খুলিব লাগে। - https://www.samacharpress.com

TubulSarma 2 বছৰ 10 হিচাপপূৰ্বে

যেতিয়ালৈকে নিজৰ পৰিয়ালত কোনো শিশুক গুণগত শিক্ষাৰ পাঠ দিয়া নহয় আৰু সেই শিক্ষা শিশুৰ ব্যক্তিগত জীৱন শৈলীত prayog কৰি দেখুওৱা নহয় লৰা ছোৱালীৰ মাজত বৈষম্য আঁতৰাই দিয়া নহয় তেতিয়ালৈকে সমাজত নাৰী পুৰুষ সমানে সকলো ক্ষেত্ৰত একেলগে আগ বাঢ়ি যোৱাত আমিয়ে আমাৰ হেঙাৰ হৈ ৰম, ইয়াৰ বাবে চৰকাৰে উচিত শিক্ষা আৰু ব্যবস্থা কৰিব লাগে।

Biswajyoti Devi 2 বছৰ 10 হিচাপপূৰ্বে

চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰীৰ self defences ৰ প্ৰশিক্ষণ দিব লাগে। শিক্ষাৰ ক্ষেত্ৰত পিছ পৰা অঞ্চলত লিংগ বৈষম্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব লাগে। চৰকাৰ গঠনত অৰ্ধাংশ মহিলা নিয়োগ হব লাগে।

LIPIKA DAS 2 বছৰ 10 হিচাপপূৰ্বে

যিসময়ত পুৰুষ আৰু মহিলা সমান বুলি জয়ঢোল বজোৱা হৈছে, সেই একেটা সময়তে লিংগ বৈষম্যৰ কবলত পৰি এতিয়াও বহু কন্যা শিশুৰ ভ্ৰূণ হত্যা, Honour Killing আদিৰ সন্মুখীন হ'ব লগা হয় আছে । মহিলাৰ স্থিতি এচাম মানুহৰ ঠেক গণ্ডীৰ পৰা বাহিৰ ওলাই আহিব পৰা নাই । যাৰ বাবে এতিয়াও বহু মহিলাৰ বাবে ঘৰৰ চাৰি বেৰৰ মাজৰ জীৱনটোৱেই সমগ্ৰ পৃথিৱী হৈ ৰৈছে । আমি মনত পেলোৱা ভাল যে গাৰ্গী, মৈত্ৰেয়ী আদিৰ দৰে বিদুষী মহিলাহে আমাৰ কাম্য,মনু সংহিতাই কোৱাৰ লেখিয়া নিজস্বতা নথকা নাৰী আমি নিবিচাৰো ।