You don't have javascript enabled. Please Enabled javascript for better performance.

আহক সুস্বাস্থ্যৰ বাবে খাদ্যাভ্যাস সলনি কৰো

Start Date: 17-03-2020
End Date: 30-04-2020

জনসংখ্যা বৃদ্ধি, সহজ উৎপাদন, আধুনিকতাৰ প্ৰভাৱ ইত্যাদি বিভিন্ন ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

জনসংখ্যা বৃদ্ধি, সহজ উৎপাদন, আধুনিকতাৰ প্ৰভাৱ ইত্যাদি বিভিন্ন কাৰকৰ ফলত বৰ্তমান সময়ত ৰাসায়নিক দ্ৰৱ্য মিহলাই সাৰ প্ৰস্তুত কৰি শাক-পাচলিৰ উৎপাদনৰ সহজ পদ্ধতি অৱলম্বনৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব আৰোপ কৰা দেখা যায়। আমাৰ শৰীৰৰ বাবে অতিকৈ ক্ষতিকাৰক এনে শাক-পাচলিসমূহ গ্ৰহণ কৰাৰ ফলত আমাৰ দৈনন্দিন জীৱন ভয়াৱহভাৱে ক্ষতি হ’বলৈ ধৰিছে। ইয়াৰ উপৰিও বহুল জনপ্ৰিয় ফাষ্ট ফুডজাতীয় খাদ্য বিভিন্ন ৰোগ সৃষ্টিৰ অন্যতম কাৰক হিচাবে বিবেচিত হৈছে। মুখৰ জুতিৰ বাবে এনেবোৰ খাদ্য গ্ৰহণ কৰি আমি নিজেই নিজৰ স্বাস্থ্যৰ সুৰক্ষাৰ দিশটোক আওকাণ কৰি আহিছো।

কিন্তু ইয়াৰ মাজতেই একাংশ লোক কিছু ব্যতিক্ৰম। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত সচেতন আমাৰ সমাজৰ কিছু সংখ্যক লোকে দৈনন্দিন ব্যস্ততাৰ মাজতো ব্যায়াম, যোগ চৰ্চা ইত্যাদিৰ সমান্তৰালভাৱে উচিত খাদ্যাভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ লৈছে । জৈৱিক কৃষি পদ্ধতি অৱ্লম্বন কৰি, জৈৱিক কৃষি পদ্ধতিৰ দ্বাৰা উৎপাদিত খাদ্য গ্ৰহণ কৰি এইসকল সচেতন লোকে স্বাস্থ্য সুৰক্ষাৰ হকে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে।

সুস্বাস্থ্যৰ বাবে উচিত খাদ্যাভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত সকলোৰে মাজৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে জনতাৰ চৰকাৰ মাই গভ অসমে গ্ৰহণ কৰিছে এক বিশেষ প্ৰয়াস। এগৰাকী সচেতন ব্যক্তি হিচাবে নিজৰ স্বাস্থ্য সুৰক্ষাৰ বাবে আপুনি গঢ়ি তোলা খাদ্যাভ্যাসৰ সবিশেষ মাই গভ অসমৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ অভিজ্ঞতাই আন বহুজনক উৎসাহিত কৰিব লগতে Eat Right India মুভমেন্টৰ উদ্দেশ্য সফল কৰি তোলাত পূৰ্ণ মাত্ৰাই অৰিহণা যোগাব। আপোনাৰ অভিজ্ঞতা তলত মন্তব্য আকাৰে প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
18 তথ্য পোৱা গ’ল
5860

Sujit Kumar Panda 3 হিচাপ 3 সপ্তাহ পূৰ্বে

Those who are doing farming govt have to give better training in field not in office how to do organic farming..how to take govt subsidy &loan if he will know then he definitely to do good organic farming...our govt have to take more action about farming...

5520

mukut dev choudhuruy 3 হিচাপ 3 সপ্তাহ পূৰ্বে

though green veg is good for health but excessive use of fertilizers and hormon and insecticides make the vegetables more harmful than its nutrition , more over vegetables are sold in many place unhygienic condition on foot path. people should change habit to pulses and try grow veg in kitchen garden ,

31130

chanda nagaraju 4 হিচাপ 5 ঘন্টা পূৰ্বে

Dear Modi ji
Please motivate URBAN youth Generation to cultivate ROOF TOP Forming especially Vegetables inorder to Skip from Chemical fertilizers. plz provide sufficient Infrastruvture and give proper guidance. make it mandatory for who have take house loan.

2040

Bijoy Dey 4 হিচাপ 1 দিন পূৰ্বে

স্বাস্হই সম্পদ বুলি এষাৰ কথা আছে. সুস্বাস্হ বযায় ৰাখিবলৈ আমাৰ খাদ্যভ্যাষৰ ওপৰত চকু দিব লাগিব. পালো খালো অভ্যাস এৰিব লাগিব. ৰাতিপুৱা,দুপৰিয়া আৰু ৰাতি খাদ্য খোৱাৰ সময় মানি চলিব লাগিব. ৰাতি লঘু আহাৰ গ্রহন কৰিব লাগে. সদায় পুষ্টিদায়ক খাদ্য গ্রহন কৰিব লাগে.

51560

Jayanta Topadar 4 হিচাপ 2 দিন পূৰ্বে

Sir,
It's time to recheck our food habits and stop wasting our hard-earned money on expensive food outdoors and along with that a horde of spreading diseases are brought within without even our knowledge. Why are we so careless while consuming food items? Why can't we control our taste buds and allow our tongue to taste only balanced diet, no other unhygienic & unhealthy food stuff?Our belly is not a garbage bin to fill in anything & everything!
ThuTo live a long life, live well.

51560

Jayanta Topadar 4 হিচাপ 1 সপ্তাহ পূৰ্বে

Sir,
Indeed, we ought to check our food habits with keen attention and wherever we find ourselves in health issues (due to unhygienic fast food outside), we must STOP there & then and go back to our homemade food. Let's listen to our body clock and change our improper food habits for the sake of our long life. We can easily look back to our ancient times when our firefathers mainly depended upon homemade food -- the natural supply of vegetables & other types of balanced diet. Time fir a break!

11980

Jyotiska boruah 4 হিচাপ 1 সপ্তাহ পূৰ্বে

নাহৰকটীয়া,নামৰূপ, জয়পুৰ অঞ্চলত বৰ্তমান জৈৱিক চাহ পদ্ধতিৰে চাহ উৎপাদনৰ পথ মুকলি হৈছে ৷ কিন্তু উপযুক্ত বজাৰৰ অভাৱত কিছু পৰিমানেহে লাভাম্বিত হৈছে ৷ এইবিলাক অঞ্চলত কেইজনমান কৃষকে এই পদ্ধতিৰে অৰ্থ উপাৰ্জন কৰিছে যদিও উপযুক্ত বজাৰৰ অভাৱত কেতিয়াবা বিভিন্ন সমস্যাত ভূগিৱলগীয়াও হৈছে ৷ চৰকাৰে এইক্ষেত্ৰত সহায় সহযোগীতা তথা যথোপযুক্ত উদ্যোগিক ভূমিকা পালন কৰিলে কৃষক সকল উপকৃত হোৱাৰ ওপৰিও নতুন প্ৰজন্মৰ বাৱে স্বাৱলম্বীতাৰ এক নিৰ্ণায়ক নতুন পথৰ সন্ধান হৱ ৷

11980

Jyotiska boruah 4 হিচাপ 1 সপ্তাহ পূৰ্বে

স্বাস্হ্যই পৰম ধন আৰু সম্পদ ৷ বৰ্তমান অসমৰ কৃষিত ৰাসায়নিক সাৰ,কীটনাশক দৰৱ সমূহৰ প্ৰয়োগৰ ফলত মানুহৰ শৰীৰত বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিয়াৰ উপৰিও শিশুৰ পৰা বয়োজেস্ঠ,তথা জীৱজন্তুও মৃত্যু মূখত পৰিছে ৷ জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰা আৰু কৃষক সকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিৱলৈ ৰাজহুৱা সভা সমিতিৰ বৰ্তমান নিতান্তই প্ৰয়োজন হৈ পৰিছে ৷তদুপৰি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱ পৰিহাৰ কৰি সম্পূৰ্ণ জৈৱিক চাহ উৎপাদনত চৰকাৰে উদগনি দিলে চাহৰ বজাৰৰ লগতে স্বাস্হ্যও সুন্দৰ হৱ ৷