You don't have javascript enabled. Please Enabled javascript for better performance.

মোৰ মাঘ বিহু উদযাপন

Start Date: 06-01-2022
End Date: 15-01-2022

আপোনাৰ অঞ্চলৰ মাঘৰ মেজি-ভেলাঘৰ আৰু পিঠা-পনাৰ ছবি 'মাই গভ্ অসম'লৈ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আপোনাৰ অঞ্চলৰ মাঘৰ মেজি-ভেলাঘৰ আৰু পিঠা-পনাৰ ছবি 'মাই গভ্ অসম'লৈ পঠিয়াওক

পুহ মাহৰ সংক্ৰান্তিৰ দিনা অসমবাসীয়ে মাঘ বিহু উদযাপন কৰে। ভোগালীৰ অন্যতম লোকাচাৰ উৰুকা হ’ল সিদিনা ৰাতি আত্মীয়-স্বজন, বন্ধু-বান্ধৱ মিলি এসাঁজ খোৱাৰ লগতে আকৌ এবাৰ সমন্বয়ৰ সূতাৰে বান্ধ খোৱাৰ এটা অনন্য দিন। এই দিনটোত সজাই থোৱা মেজি, ভেলাঘৰ আদি পিছদিনা ব্ৰহ্মপুৱাতে স্নানাদি কৰি বয়োজ্যেষ্ঠজনে দাহন কৰা পৰম্পৰা অতীজৰে পৰা চলি আহিছে।

প্ৰতি বছৰৰ দৰে এইবেলিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে আগন্তুক মাঘ বিহুৰ প্ৰস্তুতি। বিভিন্ন ঠাইত অতি উলহ-মালহেৰে ৰাইজে ঘৰে ঘৰে লাৰু-পিঠা প্ৰস্তুত কৰাৰ লগতে লগে-ভাগে মিলি সাজিছে মাঘ বিহুৰ মেজি আৰু ভেলাঘৰ। বৰ্তমান সময়ত লাৰু-পিঠাৰ প্ৰস্তুতিৰ সমান্তৰালভাৱে বিভিন্ন দৃষ্টিনন্দন আৰ্হিৰে আটকধুনীয়াকৈ মেজি আৰু ভেলাঘৰ সজাৰ স্ফূৰ্তিয়ে বিহুৰ আনন্দ দুগুণে বৃদ্ধি কৰা পৰিলক্ষিত হয়।

এইবেলিও বিহু বুলি যদি আপুনি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে তেন্তে, সেই আনন্দৰ মুহূৰ্তবোৰ (মেজি-ভেলাঘৰ/লাৰু-পিঠাৰ প্ৰস্তুতি) ফটো অথবা ভিডিঅ’ আকাৰে আমালৈ প্ৰেৰণ কৰক।

আপুনি প্ৰেৰণ কৰা ফটো/ভিডিঅ’সমূহ 'মাই গভ্ অসম'ৰ সামাজিক মাধ্যসমূহৰ জৰিয়তে প্ৰচাৰ কৰা হ’ব।
ফটো/ভিডিঅ’সমূহ তলত মন্তব্য আকাৰে প্ৰেৰণ কৰিব পাৰে অথবা সামাজিক মাধ্যমত আপলোড কৰি 'মাই গভ্ অসম'ক টেগ কৰিব পাৰে।

অন্তিম তাৰিখ : ১৫ জানুৱাৰী, ২০২২

সকলো মন্তব্য
মুঠ অৱদান ( 5) অনুমোদিত অৱদানসমূহ (0) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (5) জমা বন্ধ