You don't have javascript enabled. Please Enabled javascript for better performance.

বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে ফটোগ্ৰাফী প্ৰতিযোগিতা

Start Date: 19-08-2019
End Date: 08-09-2019

অসমৰ থলুৱা খাদ্যসম্ভাৰৰ আছে এক বিশেষ পৰিচয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসমৰ থলুৱা খাদ্যসম্ভাৰৰ আছে এক বিশেষ পৰিচয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি অসমৰ বিভিন্ন খাদ্যসম্ভাৰে বহন কৰে বিভিন্ন জনগোষ্ঠীৰ চহকী ঐতিহ্য। বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে জনতাৰ চৰকাৰ মাই গভ অসমে আয়োজন কৰিছে এক ফটোগ্ৰাফী প্ৰতিযোগিতা। অসমৰ থলুৱা খাদ্যক বিষয়বস্তু হিচাবে লৈ আয়োজিত এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব।

পাঁচগৰাকী প্ৰতিযোগীৰ শ্ৰেষ্ঠ পাঁচখন ফটোগ্ৰাফ জনতাৰ চৰকাৰ মাই গভ অসমৰ বিভিন্ন ছ’চিয়েল নেটৱৰ্ক প্লেটফৰ্মসমূহত প্ৰকাশ কৰা হ’ব। লগতে শ্ৰেষ্ঠ পাঁচগৰাকী প্ৰতিযোগীলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ স্বাক্ষৰ সম্বলিত প্ৰশংসা পত্ৰ প্ৰেৰণ কৰা হ’ব।

ফটোসমূহ এই শিতানৰ মন্তব্য শাখাৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব।

যোগদানৰ অন্তিম তাৰিখ : ৯ ছেপ্তেম্বৰ

নিয়মাৱলী :

· এগৰাকী প্ৰতিযোগীয়ে সৰ্বাধিক ৫ খন ফটো পঠিয়াব পাৰিব।

· ফটোৰ মানদণ্ড High Resolution হোৱাটো বাঞ্চনীয়।

· মোবাইল ফোন ফটোগ্ৰাফী গ্ৰহণযোগ্য।

· ফটোৰ লগত ফটোৰ সবিশেষ পঠিওৱা বাঞ্চনীয়।

· ফটোগ্ৰাফাৰৰ সম্পূৰ্ণ নাম ঠিকনা যোগাযোগ নম্বৰ প্ৰেৰণ কৰাটো জৰুৰী।

· পাঁচগৰাকী প্ৰতিযোগীৰ শ্ৰেষ্ঠ পাঁচখন ফটো নিৰ্বাচন কৰি উলিওৱা হ’ব।

· নিৰ্বাচিত ফটোসমূহ জনতাৰ চৰকাৰ মাই গভ অসমৰ সম্পত্তি হিচাবে বিবেচিত হ’ব। ফটোসমুহ বিভিন্ন জনতাৰ চৰকাৰ মাই গভ অসমৰ বিভিন্ন প্ৰকল্পত ব্যৱহাৰ কৰাৰ কৰ্তৃত্ব থাকিব।

· নিৰ্বাচিত পাঁচগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বাক্ষৰ সম্বলিত প্ৰশংসা পত্ৰ প্ৰদান কৰা হ’ব।
প্ৰেৰণ কৰা ফটোগ্ৰাফ সমূহ সম্পূৰ্ণভাৱে নিজৰ হোৱাটো বাঞ্চনীয়।

. চৌৰ্যবৃত্তিৰ আশ্ৰয় লোৱাৰ সম্ভেদ পালে তেনে ফটো প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব।

. আনৰ কপিৰাইটযুক্ত ফটো গ্ৰহণ কৰা নহ’ব। তেনে ক্ষেত্ৰত প্ৰেৰণকাৰী ব্যক্তিগৰাকী সম্পুৰ্ণৰূপত আইনীভাৱে দায়বদ্ধ হ’ব। এই ক্ষেত্ৰত ‘জনতাৰ চৰকাৰ (MyGov Assam)’ কোনোপধ্যে জগৰীয়া নহ’ব।

সকলো মন্তব্য
Total Submissions ( 81) Approved Submissions (80) Submissions Under Review (1) জমা বন্ধ
Reset
80 তথ্য পোৱা গ’ল

Sabita Talukdar 6 বছৰ 3 সপ্তাহ পূৰ্বে

1.পৈতা ভাত,পোৰা মাছ, পোৰা আলু , বুট-পদিনা বতা, জলকীয়া - কেচা পিযাজ।
2.পানী, দোৰোন শাক,অমিতাৰ খাৰ্, কল পচলা, থেকেৰা টেঙা –মাছ. সৰুমাছ আদা, নৰসিন্হা মাছ , মাহৰ দাইল্, সৰু মাছ -শেৱালি ফুল, ৰঙা লাউৰ গুটি- মাছৰ আন্জা, ভাতৰ থালিত‌ নেমুটেঙা, কেচা জলকীয়া, ঢেকীয়া শাক, সৰু মাছ পাতত দিয়া, কটা তামূল - পাণ্।
3. টেকেলী পিঠা, খোলাচপৰিয়া পিঠা,দৈ,লাৰু,টোপোলা পিঠা, তিল পিঠা, চিৰ,কল্,গুৰ্,ভজা পিঠাগুৰি, সন্দহ্.।
4. থলুৱা ফল্ মূল-মাহ প্ৰসাদ।
Sabita Haloi Talukdar
NIPCCD RCG, Khanapara 781022

Pranjit Boruah 6 বছৰ 3 সপ্তাহ পূৰ্বে

থলুৱা খাদ্য সম্ভাৰৰ ফটো প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা মোৰ ফটো দুখনৰ বিৱৰণ ।
খাদ্য : ভাত আৰু খৰিকাত দিয়া পুৰা গাহৰি মাংস ।
ভাতৰ লগত আছে মচুৰ ডালি , মাটি ডালি , আলু পিটিকা , ভাত কেৰেলা আলু ভাজি , বেচনত ভজা পটল ,পাপৰ , নেমু , আৰু খৰিকাত জুইত পুৰা গাহৰি মাংস আৰু কেঁচা জলকীয়া ।
স্থান : উত্তৰ লখিমপুৰ । অসম ।

ফটো প্ৰেৰকৰ নাম আৰু ঠিকনা :
নাম : প্ৰাণজিৎ বৰুৱা ।
কোঁৱৰ গাঁও , ডাক মৈদমীয়া , পিন ৭৮৭০০১ , জিলা লখিমপুৰ ।
ফোন :৭০০২৯০৪১৩১
Email : Pranjitboruah91@gmail.com

Pranjit Boruah 6 বছৰ 3 সপ্তাহ পূৰ্বে

থলুৱা খাদ্য সম্ভাৰৰ ফটো প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা মোৰ ফটো দুখনৰ বিৱৰণ ।
খাদ্য : ভাত আৰু খৰিকাত দিয়া পুৰা গাহৰি মাংস ।
ভাতৰ লগত আছে মচুৰ ডালি , মাটি ডালি , আলু পিটিকা , ভাত কেৰেলা আলু ভাজি , বেচনত ভজা পটল ,পাপৰ , নেমু , আৰু খৰিকাত জুইত পুৰা গাহৰি মাংস আৰু কেঁচা জলকীয়া ।
স্থান : উত্তৰ লখিমপুৰ । অসম ।

ফটো প্ৰেৰকৰ নাম আৰু ঠিকনা :
নাম : প্ৰাণজিৎ বৰুৱা ।
কোঁৱৰ গাঁও , ডাক মৈদমীয়া , পিন ৭৮৭০০১ , জিলা লখিমপুৰ ।
ফোন :৭০০২৯০৪১৩১
Email : Pranjitboruah91@gmail.com

Sabita Talukdar 6 বছৰ 3 সপ্তাহ পূৰ্বে

1. পৈতাভাত,পোৰা মাছ, পোৰা আলু পিতিকা, বুট -পদিনা বতা , জলকীয়া - কেচা পিযাজ, নিমখ - মিঠাতেল
2. পানীৰ লোটা, দোৰোন শাকৰ ভাজি, অমিতাৰ খাৰ্, কল পচলা, থেকেৰা টেঙা - মাছৰ আন্জা, সৰুমাছৰ আদা দিয়া, নৰসিন্হা - মানিমুণিৰ মাছৰ আন্জা, মাটি মাহৰ দাইল্, সৰু মাছ- শেৱালি ফুল, ৰঙা লাউৰ গুটি - মাছৰ আন্জা, ভাতৰ থালিত‌ নেমুটেঙা, কেচা জলকীয়া, ঢেকীয়া শাক, সৰু মাছৰ কলপাতত দিয়া , কটা তামূল - পাণ্।
3টেকেলি পিঠা,খোলাচপৰীয়া পিঠা, দৈ,লাৰু,টোপোলা পিঠা,তিল্ পিঠা,চিৰা,কল্,গুৰ্,ভজা পিঠাগুৰি, সান্দহ্গুৰি
4.থলুৱা ফল্,প্ৰসাদ।

Taru Chetia Phukan 6 বছৰ 3 সপ্তাহ পূৰ্বে

৫|মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যঃ
১|পুৰাং আপিন -কৌপাতেৰে বন্ধা টোপোলা ভাত
২|বাঃনাম এগ আদিন -পোৰা গাহৰি মাংস
৩|বাঃনাম অঃঙ-যিকোনো পোৰা মাছ ও পিটিকি
৪|নামচিং -শুকতি মাছ
৫|তাক্কুক এগ আদিন অয়িং -বৰ ডিমৰুৰে গাহৰি মাংস ভাজি
৬|ৰাচৰ-যিকোনো উহোৱা বনশাক
৭ |পাক্কম এগ আদিন অয়িং-নেফাফু বনশাকেৰে গাহৰি মাংস ভজা
৮ |পেৰেত অয়িং ল এগ আদিন -ফলা মাটিমাহৰ লগত গাহৰি মাংসৰ চৰ্বি
৯ |পঃৰক আদিন ল পিঠাং অয়িং-পিঠা গুড়িৰে কুকুৰা মাংস আঞ্জা
নামঃ তৰু চেতিয়া ফুকন
ভ্ৰাম্যভাষ--৯৪৩৫২৮৪২৭৮

Taru Chetia Phukan 6 বছৰ 3 সপ্তাহ পূৰ্বে

৪|আহোম সম্প্ৰদায়ৰ পৰম্পৰাগত মাহৰশাক বৰা ভাত সাঁজঃ
১|চেৱা দিয়া ভাত
২|ডলি লোৱা মাটিমাহ , কাঠ আলুৰ ব্যঞ্জন
৩|হাঁহ মাংসৰ শুকান ভাজি
৪|জুইত পোৰা গাহৰি মাংস
৫|এৰি মুগা লেটা ভাজি
৬|আৰি মাছ সেকা
৭|পটাত বটা আমলখি ,মানধনিয়া
৮|নহৰু কোঁহ দি ৰন্ধা ৰঙালাউ ভাজি
৯|কুমলীয়া লাইশাক,গাহৰি মাংস
নামঃতৰু চেতিয়া ফুকন
ভ্ৰাম্যভাষ--৯৪৩৫২৮৪২৭৮

Taru Chetia Phukan 6 বছৰ 3 সপ্তাহ পূৰ্বে

৩|পৰম্পৰাগত খাৰৰ জুতিঃ খাৰত হালধি ,টেঙা ব্যৱহাৰ নকৰে।
১| সৰিয়হ ফুটুৱাই ৰন্ধা খাৰণী ভাত,
২| অমিতা খাৰ আলু ,জলকীয়াৰে
৩| শুকুতা খাৰ পিঠা,জালুকেৰে
৪| পচলা খাৰ তিতা ভেঁকুৰি ,জলকীয়াৰে
৫|পচলা খাৰ উহোৱা সান্দহ,জালুকেৰে
৬ |কলতি খাৰ জালুক ,খুদ চাউলেৰে
৭| দোৰণ শাকৰ খাৰ খুদ চাউল ,জলকীয়াৰে
৮ |মাটিমাহৰ খাৰ কচু টেপো,জালুকেৰে
৯| লাইশাকৰ খাৰ বুটমাহেৰে
নামঃ তৰু চেতিয়া ফুকন
ভ্ৰাম্যভাষ--৯৪৩৫২৮৪২৭৮