You don't have javascript enabled. Please Enabled javascript for better performance.

বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে ফটোগ্ৰাফী প্ৰতিযোগিতা

Start Date: 19-08-2019
End Date: 08-09-2019

অসমৰ থলুৱা খাদ্যসম্ভাৰৰ আছে এক বিশেষ পৰিচয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসমৰ থলুৱা খাদ্যসম্ভাৰৰ আছে এক বিশেষ পৰিচয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি অসমৰ বিভিন্ন খাদ্যসম্ভাৰে বহন কৰে বিভিন্ন জনগোষ্ঠীৰ চহকী ঐতিহ্য। বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে জনতাৰ চৰকাৰ মাই গভ অসমে আয়োজন কৰিছে এক ফটোগ্ৰাফী প্ৰতিযোগিতা। অসমৰ থলুৱা খাদ্যক বিষয়বস্তু হিচাবে লৈ আয়োজিত এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব।

পাঁচগৰাকী প্ৰতিযোগীৰ শ্ৰেষ্ঠ পাঁচখন ফটোগ্ৰাফ জনতাৰ চৰকাৰ মাই গভ অসমৰ বিভিন্ন ছ’চিয়েল নেটৱৰ্ক প্লেটফৰ্মসমূহত প্ৰকাশ কৰা হ’ব। লগতে শ্ৰেষ্ঠ পাঁচগৰাকী প্ৰতিযোগীলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ স্বাক্ষৰ সম্বলিত প্ৰশংসা পত্ৰ প্ৰেৰণ কৰা হ’ব।

ফটোসমূহ এই শিতানৰ মন্তব্য শাখাৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব।

যোগদানৰ অন্তিম তাৰিখ : ৯ ছেপ্তেম্বৰ

নিয়মাৱলী :

· এগৰাকী প্ৰতিযোগীয়ে সৰ্বাধিক ৫ খন ফটো পঠিয়াব পাৰিব।

· ফটোৰ মানদণ্ড High Resolution হোৱাটো বাঞ্চনীয়।

· মোবাইল ফোন ফটোগ্ৰাফী গ্ৰহণযোগ্য।

· ফটোৰ লগত ফটোৰ সবিশেষ পঠিওৱা বাঞ্চনীয়।

· ফটোগ্ৰাফাৰৰ সম্পূৰ্ণ নাম ঠিকনা যোগাযোগ নম্বৰ প্ৰেৰণ কৰাটো জৰুৰী।

· পাঁচগৰাকী প্ৰতিযোগীৰ শ্ৰেষ্ঠ পাঁচখন ফটো নিৰ্বাচন কৰি উলিওৱা হ’ব।

· নিৰ্বাচিত ফটোসমূহ জনতাৰ চৰকাৰ মাই গভ অসমৰ সম্পত্তি হিচাবে বিবেচিত হ’ব। ফটোসমুহ বিভিন্ন জনতাৰ চৰকাৰ মাই গভ অসমৰ বিভিন্ন প্ৰকল্পত ব্যৱহাৰ কৰাৰ কৰ্তৃত্ব থাকিব।

· নিৰ্বাচিত পাঁচগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বাক্ষৰ সম্বলিত প্ৰশংসা পত্ৰ প্ৰদান কৰা হ’ব।
প্ৰেৰণ কৰা ফটোগ্ৰাফ সমূহ সম্পূৰ্ণভাৱে নিজৰ হোৱাটো বাঞ্চনীয়।

. চৌৰ্যবৃত্তিৰ আশ্ৰয় লোৱাৰ সম্ভেদ পালে তেনে ফটো প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব।

. আনৰ কপিৰাইটযুক্ত ফটো গ্ৰহণ কৰা নহ’ব। তেনে ক্ষেত্ৰত প্ৰেৰণকাৰী ব্যক্তিগৰাকী সম্পুৰ্ণৰূপত আইনীভাৱে দায়বদ্ধ হ’ব। এই ক্ষেত্ৰত ‘জনতাৰ চৰকাৰ (MyGov Assam)’ কোনোপধ্যে জগৰীয়া নহ’ব।

সকলো মন্তব্য
Total Submissions ( 81) Approved Submissions (80) Submissions Under Review (1) জমা বন্ধ
Reset
80 তথ্য পোৱা গ’ল

Taru Chetia Phukan 6 বছৰ 4 সপ্তাহ পূৰ্বে

২| পৰম্পৰাগত পঁইতা ভাতৰ জুতিঃ
।খাটি জুতিৰে ২০বিধ থলুৱা সম্ভাৰৰ মাজত উহোৱা চাউলৰ পঁইতা ভাত । সোঁফালৰ পৰা -
শুকতি মাছ পাতত দিয়া
আলু পিটিকা
জালুকেৰে কচুঠুৰি পিটিকা
কচু টেপো পিটিকা
গোল নেমুৰে পোৰা পুঠি মাছৰ পিটিকা
সংৰক্ষণ কৰা বৰথেকেৰা,হেলচ ,নগাটেঙা ,
লেটেকু,ৰূপহী থেকেৰা,পানীটেঙা
খৰিচাৰে পোৰা গৰৈ মাছৰ পিটিকা
কঁঠাল গুটি খৰিচাৰে পিটিকা
বনশাকৰ ভাজি
বেঙেনা পিটিকা
কাজি নেমু,পিয়াজ, আদা,নিমখ,জলকীয়া

Taru Chetia Phukan 6 বছৰ 4 সপ্তাহ পূৰ্বে

প্ৰেৰকঃতৰু চেতিয়া ফুকন
ৰন্ধন,ফটোগ্ৰাফ সম্পূৰ্ণ নিজৰ
সেউজপুৰ ,ডিব্ৰুগড়-১
ভ্ৰাম্যভাষ--৯৪৩৫২৮৪২৭৮
প্ৰতিযোগিতাৰ বাবে ৫ খন ফটোগ্ৰাফী প্ৰেৰণ কৰিলো-
১| বিহুৰ পৰম্পৰাগত পিঠা-পনা,জা-জলপানঃ
সম্ভাৰত আছে-
বকুল বৰা চিৰা
বৰপিঠা,ঘিলাপিঠা,কান্দুলি পিঠা,জোনবিৰি পিঠা,
সুতলি পিঠা ,কেট্ লি মুখৰ পিঠা
তিলৰ লাড়ু,মুৰি লাড়ু,চিৰা লাড়ু
কাঁহী সোঁফালৰ পৰা -
বৰা সান্দহ,হুৰুম ,দুৱাই ভজা,গুড়,মুৰি,এঁৱা গাখীৰ,উহোৱা সান্দহ,ম'হৰ থমা দৈ ,গৰু গাখীৰৰ দৈ ।

Munmi Sharma 6 বছৰ 4 সপ্তাহ পূৰ্বে

ফটো- এসাজ ভাত
#ভাত #মচুৰ দাইল #লোকেল মূৰ্গীৰ জোল #কলপাতত ধনীয়া দি মাছৰ ভাপা #কচুৰ জ্বলা #পেতুখাৰ #বেঙেনা ভজা #বে
ন দি ভেন্দি ভজা#পদিনা চাটনি #
ঠিকনা- মুনমী শৰ্মা । বিশ্বনাথ চাৰিআলি। অসম।পিনকোড -৭৮৪১৭৬।
ফোন নং - ৮৬৩৮৭৭০৬৮৭।

Nilakshi Deka 6 বছৰ 4 সপ্তাহ পূৰ্বে

অসমীয়া পৰম্পৰাগত খাদ্যত মোৰ ফটোসমূহৰ বিৱৰণ:-

(১) অমিতাৰ খাৰ, জাতিলাউৰ আন্জা
(২) ভাত, দালি, আলু পিতিকা, বন্ধাকবিৰ তৰকাৰী, নেমু, জলকীয়া
(৩) আলুয়েদি পালেং শাকৰ তৰকাৰী, থেকেৰা টেঙাদি মাছৰ জোল
(৪) খোলা চাপৰি পিঠা, তিলৰ পিঠা, গাখীৰ, নাৰিকলৰ লাৰু, চিৰা, কল, কঁঠালৰ গুটি..

নাম :- নীলাক্ষী ডেকা
ঠিকনা :- বেলতলা, দিছপুৰ
যোগাযোগ নম্বৰ :- ৯৯৫৭০-৮৩৭৮২..

Mukul Sarma 6 বছৰ 4 সপ্তাহ পূৰ্বে

ফটো: ভাত-পিঠা
বিবৰণ: ভাত-পিঠা হ'ল অসমৰ এবিধ পৰম্পৰাগত খাদ্য। এই পিঠা চাউলৰ গুড়িৰ পৰা বিশেষ ভাৱে প্ৰস্তুত কৰা হয়। দেখাত ভাত সদৃশ হোৱাৰ বাবে ইয়াক ভাত পিঠা বুলি কোৱা হয়। ইয়াক গাখীৰ, দৈ, গুৰ, ঘিউ, মৌ আদিৰ লগত খাব পাৰি। তাৰোপৰি মাংস (বিশেষকৈ হাঁহ)-ৰ লগতো খোৱা হয়। অসমীয়া পৰম্পৰা অনুসৰি ভাদ মাহত জন্ম হোৱা লোকক এই পিঠা খুওৱাতো এক প্ৰকাৰৰ নিয়ম। এই পৰম্পৰা উৎসৱৰ দৰেই অসমৰ বহু ঠাইত আজিও পালন কৰা হয়।

Exif: f/5.3 @1/20s,ISO 800

Mukul Sarma
Howajan-Napamua,Biswanath,PIN-784169
Mb.No.9864541233

Parthadeep D Bhuyan 6 বছৰ 1 monthপূৰ্বে

Details:-
Photo 1- Assamese delicacies/dished that are being prepared during Bhogali Bihu (Magh Bihu)
Photo 2- Assamese delicacies that are being prepared during Bohag Bihu (New Year according to Assamese calendar)

Name of the Photographer- Parthadeep Dutta Bhuyan
Address- Hengrabari Club, Rupkonwar Path. H/No-18. Ghy-36
Contact- 7002329677