You don't have javascript enabled. Please Enabled javascript for better performance.

বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে ফটোগ্ৰাফী প্ৰতিযোগিতা

Start Date: 19-08-2019
End Date: 08-09-2019

অসমৰ থলুৱা খাদ্যসম্ভাৰৰ আছে এক বিশেষ পৰিচয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসমৰ থলুৱা খাদ্যসম্ভাৰৰ আছে এক বিশেষ পৰিচয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি অসমৰ বিভিন্ন খাদ্যসম্ভাৰে বহন কৰে বিভিন্ন জনগোষ্ঠীৰ চহকী ঐতিহ্য। বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে জনতাৰ চৰকাৰ মাই গভ অসমে আয়োজন কৰিছে এক ফটোগ্ৰাফী প্ৰতিযোগিতা। অসমৰ থলুৱা খাদ্যক বিষয়বস্তু হিচাবে লৈ আয়োজিত এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব।

পাঁচগৰাকী প্ৰতিযোগীৰ শ্ৰেষ্ঠ পাঁচখন ফটোগ্ৰাফ জনতাৰ চৰকাৰ মাই গভ অসমৰ বিভিন্ন ছ’চিয়েল নেটৱৰ্ক প্লেটফৰ্মসমূহত প্ৰকাশ কৰা হ’ব। লগতে শ্ৰেষ্ঠ পাঁচগৰাকী প্ৰতিযোগীলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ স্বাক্ষৰ সম্বলিত প্ৰশংসা পত্ৰ প্ৰেৰণ কৰা হ’ব।

ফটোসমূহ এই শিতানৰ মন্তব্য শাখাৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব।

যোগদানৰ অন্তিম তাৰিখ : ৯ ছেপ্তেম্বৰ

নিয়মাৱলী :

· এগৰাকী প্ৰতিযোগীয়ে সৰ্বাধিক ৫ খন ফটো পঠিয়াব পাৰিব।

· ফটোৰ মানদণ্ড High Resolution হোৱাটো বাঞ্চনীয়।

· মোবাইল ফোন ফটোগ্ৰাফী গ্ৰহণযোগ্য।

· ফটোৰ লগত ফটোৰ সবিশেষ পঠিওৱা বাঞ্চনীয়।

· ফটোগ্ৰাফাৰৰ সম্পূৰ্ণ নাম ঠিকনা যোগাযোগ নম্বৰ প্ৰেৰণ কৰাটো জৰুৰী।

· পাঁচগৰাকী প্ৰতিযোগীৰ শ্ৰেষ্ঠ পাঁচখন ফটো নিৰ্বাচন কৰি উলিওৱা হ’ব।

· নিৰ্বাচিত ফটোসমূহ জনতাৰ চৰকাৰ মাই গভ অসমৰ সম্পত্তি হিচাবে বিবেচিত হ’ব। ফটোসমুহ বিভিন্ন জনতাৰ চৰকাৰ মাই গভ অসমৰ বিভিন্ন প্ৰকল্পত ব্যৱহাৰ কৰাৰ কৰ্তৃত্ব থাকিব।

· নিৰ্বাচিত পাঁচগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বাক্ষৰ সম্বলিত প্ৰশংসা পত্ৰ প্ৰদান কৰা হ’ব।
প্ৰেৰণ কৰা ফটোগ্ৰাফ সমূহ সম্পূৰ্ণভাৱে নিজৰ হোৱাটো বাঞ্চনীয়।

. চৌৰ্যবৃত্তিৰ আশ্ৰয় লোৱাৰ সম্ভেদ পালে তেনে ফটো প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব।

. আনৰ কপিৰাইটযুক্ত ফটো গ্ৰহণ কৰা নহ’ব। তেনে ক্ষেত্ৰত প্ৰেৰণকাৰী ব্যক্তিগৰাকী সম্পুৰ্ণৰূপত আইনীভাৱে দায়বদ্ধ হ’ব। এই ক্ষেত্ৰত ‘জনতাৰ চৰকাৰ (MyGov Assam)’ কোনোপধ্যে জগৰীয়া নহ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 81) অনুমোদিত অৱদানসমূহ (80) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (1) জমা বন্ধ
Reset
80 তথ্য পোৱা গ’ল
29090

Momi das 4 বছৰ 6 হিচাপপূৰ্বে

আজি হঠাতে আলহী আহি ওলাল এসাঁজ নিৰামিষ আহাৰ খাবলৈ ৷
Starter:-
১. চাহ লগত কুকিচ ৷
২. অসমীয়া জলপান ৷
Main Course:-
১. ভাত ৷
২. পঁইতা ভাতৰ লগত কলা দালিৰ চাতনী ৷
৩. তিয়হৰ চালাদ আৰু নেমু টেঙা ৷
৪. বৰা চাউলৰ পোলাও ৷
৫. আলু আৰু বেঙেনা পিটিকা ৷
৬. পতল ভাজি আৰু মচুৰ দালিৰ বৰা ৷
৭. পদিনা বটা আৰু ভেন্দী আলু ভাজি ৷
৮. ঔ টেঙাৰ চাতনী আৰু ভূত জলকীয়াৰ আচাৰ ৷
৯. ঔ টেঙা দালি আৰু তৰকাৰি৷
Dessert:-
১. জহা চাউলৰ পায়স৷

Momi Das
Kailashpur, Byelane 1 ,P.O. Guwahati University, Guwahati

200

Nasmin Begum 4 বছৰ 6 হিচাপপূৰ্বে

অসমীয়া জুতি নিৰামিষ কাহী

১.ঔটেঙাৰ সৈতে মচুৰ দাইল,
২.মাটিমাহৰ খাৰ,
৩.অমিতাৰ খাৰ,
৪.আলুপিটিকা,
৫.বেঙেনাৰ পিটিকা,
৬.ৰঙালাওৰ পিটিকা,
৭.বিলহীৰ পিটিকা,
৮.মচুৰ দাইলৰ বৰ,
৯.বুট দাইলৰ সৈতে কলডিলৰ ভাজি,
১০.আলুৰ ভাজি,
১১.ঢেকীয়া শাকৰ ভাজি,
১২.মানধনিয়াৰ চাটনি

নাম: নাছমিন আৰা বেগম
ঠিকনা : ৰতনপুৰীয়া গাও দেওৰজা,
জিলা:শিৱসাগৰ,
পিনকোড: 785680
অসম,
ফোন নং -9101592442

500

Simi Kalita 4 বছৰ 6 হিচাপপূৰ্বে

ফটো - মাঘ বিহুৰ বিভিন্ন পিঠা-পনা

প্ৰেৰকৰ নাম- চিমী কলিতা
ডাকঘৰ- বলদমাৰী
ডাকসূচাঙক- ৭৮৩১২১
জিলা- গোৱালপাৰা(অসম)
দূৰভাষ-৭০৩৫৭৭৩০৩৯

220

Chitralekha Sharma 4 বছৰ 6 হিচাপপূৰ্বে

কলা কচুৰ থোৰৰ জালুকীয়া জ্বাল , অতিশয় সুস্বাদু আৰু অতি সহজতে আৰু কম সময়তে হোৱা এক থলুৱা খাদ্য , কলা কচুত আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়..

প্ৰস্তুতকৰোতা : চিত্ৰলেখা শৰ্মা , ডিফু , কাৰ্বি আংলং
যোগাযোগৰ নং : 8134062834

1020

Stuti Bandana Borkakati 4 বছৰ 7 হিচাপপূৰ্বে

চিত্ৰ ১-- সৰিয়হৰ সৈতে ভাপত দিয়া মাছ৷
অসমীয়া সুস্বাদু আমিষ ব্যঞ্জনসমূহৰ ভিতৰত সৰিয়হৰ সৈতে ভাপত দিয়া মাছ অন্যতম৷ তম৷ তেলবিহীন কম মছলাযুক্ত এইবিধ ব্যঞ্জন অতি পুষ্টিকৰ৷ খুব সময়ৰ ভিতৰত অতি কম উপাদানেৰে সৈতে ইয়াক প্ৰস্তুত কৰিব পাৰি

চিত্ৰ২-- গাহৰিৰ লগত শুকান খৰিছাৰ ভাজি৷ ই এবিধ থলুৱা ব্যঞ্জন৷ সামান্য পৰিমাণৰ মছলাৰে প্ৰস্তুত এই খাদ্যবিধ অত্যন্ত সু-স্বাদু

প্ৰতিযোগীৰ নাম-- স্তুতিবন্দনা বৰকাকতী,গুৱাহাটী বিশ্ববিদ্যালয়
ফোন-8638478570
ই-মেইল- stutibandana.jaba@gmail.com

29490

DEEPSHIKHA KEOT 4 বছৰ 7 হিচাপপূৰ্বে

অসমৰ পৰম্পৰাগত জলপান তথা অসমৰ জাতীয় উৎসৱ বিহুৰ খাদ্য সম্ভাৰ।। বৰাধানৰ চিৰা,দৈ আৰু গুৰ;খোলা পিঠা,ঘিলা পিঠা,বৰ পিঠা,তিলৰ লাড়ু,নাৰিকলৰ লাড়ু আৰু মুড়ী লাড়ু ইত্যাদি কাঁহৰ থালত আপোন বিহুৱান খনৰে আগবঢ়োৱা হৈছে।।
-Deepshikha Keot,TEZPUR ,Assam.

2670

gitashree hatibaruah 4 বছৰ 7 হিচাপপূৰ্বে

১) জেং পিঠা
২)পিৰালি পালেংৰে মাছৰ জোল
৩)কলমৌ শাকৰ ভাজি
৪)তেল পিঠা বা ঘিলা পিঠা
৫)খুদ চাউলেৰে শেৱালী ফুলৰ খাৰ

Gitashree Hatibaruah
Lankeswar,Bye_Lane - 1
P.O. - Guwahati University
Dist- Kamrup (Metro)
Assam
Pin- 781014
8638153581

620

Urbashi Phukan 4 বছৰ 7 হিচাপপূৰ্বে

মাছৰ জুতিৰে এসাঁজ
জহা চাউলৰ ভাত, ঔটেঙা আৰু আলুৰ মাছৰ আঞ্জা, মাছ ফ্ৰাই, ঢেঁকীয়া ভাজি, শুকান মাছৰ চাটনি, বেঙেনা ফ্ৰাই আৰু চালাড ।