You don't have javascript enabled. Please Enabled javascript for better performance.

থলুৱা খাদ্যসম্ভাৰৰ ৰন্ধন প্ৰণালী প্ৰেৰণ কৰক মাই গভ অসমলৈ

Start Date: 10-03-2021
End Date: 10-04-2021

থলুৱা খাদ্য সম্ভাৰত অতিকৈ চহকী অসম। বিভিন্ন জাতি- জনগোষ্ঠীৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

থলুৱা খাদ্য সম্ভাৰত অতিকৈ চহকী অসম। বিভিন্ন জাতি- জনগোষ্ঠীৰ মিলনভূমি অসমত যিদৰে বাৰেবৰণীয়া সাংস্কৃতিক পৰম্পৰা বিৰাজমান ঠিক সেইদৰে বিভিন্ন প্ৰচলিত খাদ্যাভাসেও চহকী কৰি তোলে অসমৰ সাংস্কৃতিক ঐতিহ্যক। বিভিন্ন থলুৱা তথা জনগোষ্ঠীয় খাদ্যসম্ভাৰে অসমক দিছে এক অনন্য পৰিচয়।

পৰম্পৰাগত খাদ্যসমূহে বৰ্তমান আমাৰ মাজত খুবেই জনপ্ৰিয়তা অৰ্জন কৰিছে। আমি ঘৰতো এই খাদ্যসম্ভাৰ প্ৰয়োজনীয় উপকৰণৰ দ্বাৰা প্ৰস্তুত কৰি ল’ব পাৰো। অসমৰ সমাজ জীৱনৰ বিভিন্ন পৰম্পৰাগত খাদ্যসম্ভাৰ প্ৰস্তুত কৰি যদি আপুনি ভাল পায়, তেন্তে আমালৈ প্ৰেৰণ কৰক খাদ্যসম্ভাৰৰ ফটোৰে সৈতে আপোনাৰ ৰন্ধন প্ৰণালী।

নিৰ্বাচিত ১০ টা ৰন্ধন প্ৰণালীক মাই গভ অসমৰ সামাজিক মাধ্যম সমূহত প্ৰকাশ কৰা হ’ব আৰু আগবঢ়োৱা হ’ব একোখনকৈ প্ৰশংসা পত্ৰ।

যোগদানৰ অন্তিম তাৰিখ ১০ জুন

নাম, যোগাযোগ নম্বৰ সহ খাদ্যসম্ভাৰৰ ফটো আৰু ৰন্ধন প্ৰণালী তলত মন্তব্য আকাৰে প্ৰেৰণ কৰিব পাৰে।

নিয়মাৱলীঃ
• এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব
• প্ৰস্তুত কৰা খাদ্যসম্ভাৰৰ ফটো নিজে তোলাটো বাঞ্চনীয়
• প্ৰেৰকৰ নাম, ঠিকনা, যোগাযোগ নম্বৰ থকাটো বাধ্যতামূলক।
• এগৰাকী প্ৰতিযোগীয়ে কেইবাটাও ৰন্ধন প্ৰণালী পঠিয়াব পাৰিব।
• প্ৰস্তুত কৰা খাদ্য সম্ভাৰৰ চমু বিৱৰণ থকাটো বাধ্যতামূলক। লগতে থলুৱা উপকৰণ সমূহৰ নাম উল্লেখ থকাটো প্ৰয়োজনীয়।
• আনৰ পৰা বিনা অনুমতিত প্ৰেৰণ কৰা ৰন্ধন প্ৰণালী আৰু ফটো গ্ৰহণযোগ্য নহ’ব।
• বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 51) অনুমোদিত অৱদানসমূহ (40) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (11) জমা বন্ধ
Reset
40 তথ্য পোৱা গ’ল
20060

Nilakshi Deka 3 বছৰ 10 হিচাপপূৰ্বে

প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে সৌভাগ্যৱতী বুলি ভাবিছো.মোৰ থলুৱা থালিখনত receipe বুলিবলৈ একোৱে নাই কাৰণ সকলোৱে জানেই.মোৰ থালিখন অতি সাধৰণ অসমীয়া থালি. থালিখনত আছে - ১)ভাত,২)আলুপিতিকা,৩)দালি বটা,৪)ঘৰতে বনোৱা অলপ মিঠা দৈ,৫)বুটৰ দাইল,৬)বিলাহীৰ চালাদ,৭)অমিতাৰ সাৰ,৮)পালেং শাক ভাজি

নাম:- শ্ৰী নীলাক্ষী ডেকা
ঠিকনা:-দিছপুৰ,গুৱাহাটী, কামৰূপ মেট্ৰ
ফোন নম্বৰ:- ৬০০১৫৫১৩১১(6001551311)

8040

YourName_5807 3 বছৰ 10 হিচাপপূৰ্বে

#পৰম্পৰাগত_খাদ্যাসম্ভাৰ
#ভেদাইলতা_আৰু_ৰৌমাছৰ_জোল-
#ৰন্ধন প্ৰণালীঃৰৌমাছ কেইটুকুৰা কেৰাহীত মিঠাতেল গৰম কৰি ভাজি লৈছো,এতিয়া তেলত পিয়াজ দি ৰঙচুৱা হোৱাত আদা নহৰু বটা দি ১মিনিট পাছত হালধি, কণবিলাহী পেষ্ট দিলোঁ আৰু অলপ পিছত সিজোৱা আলু এটা ভাঙি লৈ দিছো, অলপ ৰঙচুৱা যেন হৈ তেল এৰিব ধৰাত ভেদাইলতাৰ ৰসখিনি দিলো, আৰু নিমখ দি এতিয়া ভালকৈ লৰাই অলপ অলপকৈ ডাঙৰ দুইকাপ মান পানী দি ভালকৈ কিছু সময় উতলাই লৈছোঁ,একেবাৰে শেষত মাছ কেইপিছ দি উতলাই নমাই থলো।
#প্ৰস্তুতি- ধৰিত্ৰী বৰুৱা,গাঁও-গৰগৰী,ডাক-বুঢ়ীনগৰ,পিন-৭৮৪১৪৭

8040

YourName_5807 3 বছৰ 10 হিচাপপূৰ্বে

#পৰম্পৰাগত_খাদ্যসম্ভাৰ
#পুৰৈ_শাকৰ_সৈতে_দাইলৰ_খাৰ-
#ৰন্ধন_প্ৰণালী- পুৰৈ শাক মুঠি ধুই কাটি ললো। মুগ-মচুৰ দাইল খিনি ৪০ মিনিট তিয়াই ধুই লৈছোঁ। এতিয়া কেৰাহীত তেল খিনি গৰম কৰি পাঁচফোৰণ দি আদা বটা দিলোঁ। আৰু এক মিনিট পিছত দাইল খিনি দি কম জুইত ভাজি থাকিলো।৭-৮ মিনিট পিছত শাক খিনি , কলাখাৰ আৰু নিমখ, জলকীয়া দি লৰাই দুই মিনিট ঢাকি থলো। এতিয়া পানী দুই কাপ দি ভালকৈ উতলাই নমাই পৰিবেশন কৰিলোঁ।
#প্ৰস্তুত_কৰোঁতা- ধৰিত্ৰী বৰুৱা, গাঁও-গৰগৰী,
ডাক- বুঢ়ীনগৰ, পিন- ৭৮৪১৪৭

8040

YourName_5807 3 বছৰ 10 হিচাপপূৰ্বে

#পৰম্পৰাগত_খাদ্যসম্ভাৰ
#কেঁচা_আমৰ_টক
#ৰন্ধন_প্ৰণালী- আম খিনি ৰুকি লৈছোঁ। কেৰাহীত তেল অলপ গৰম কৰি পাঁচ ফোৰণ খিনি দি সৰিয়হ খিনি দিলোঁ, সৰিয়হ ফুটি উঠাত আম খিনি দি লৰাই দিলোঁ। হালধি আৰু নিমখ খিনি দি পুনৰ লৰাই ৩ মিনিট মান পিছত চেনী খিনি দিলোঁ। আকৌ এক দেৰ মিনিট পিছত পানী এক কাপ দি ঢাকনি দি থলো, পানী খিনি কমি অহাত আকৌ এক কাপ পানী দি নিমখৰ পৰিমাণ চাই উতলি থূপথূপিয়া হৈ অহাত নমাই পৰিবেশন কৰিলোঁ।
#প্ৰস্তুত_ কৰোঁতা-
শ্ৰী ধৰিত্ৰী বৰুৱা
ঠিকনা- গাঁও- গৰগৰী,ডাকঘৰ-বুঢ়ীনগৰ, পিন-৭৮৪১৪৭

8040

YourName_5807 3 বছৰ 10 হিচাপপূৰ্বে

#পৰম্পৰাগত_খাদ্যসম্ভাৰ
#ৰঙালাও_আগ_আৰু_মাছৰ_কণীৰ_খাৰ
#ৰন্ধন_প্ৰণালী-ৰঙালাউ আগখিনি চুচ এৰুৱাই সৰু সৰুকৈ কাটি ললো।কেৰাহী এটাত গৰম তেলত মাছৰ কণী ৫ মিনিট ভাজিলো,এতিয়া আকৌ সেইখন কেৰাহীতে নহৰু তিনিকোঁহ দি ৰঙচুৱা হোৱাত ৰঙালাউ আগ খিনি দিলোঁ। ৫ মিনিট লৰাই হালধি আৰু জলকীয়া আৰু কলাখাৰ খিনি দিলোঁ,আকৌ অলপ লৰাই পানী দিলোঁ একাপ আৰু সিজিব দিলোঁ, পানী কমি অহাত মাছৰ কণী খিনি দি লৰাই আকৌ দুই কাপ পানী দিলোঁ। নিমখ খিনি দি লাও আগ সিজি অহাত নমাই ৰাখিলোঁ।
প্ৰস্তুতি-ধৰিত্ৰী বৰুৱা, গাঁও- গৰগৰী,ডাক-বুঢ়ীনগৰ,পিন-৭৮৪১৪৭

8040

YourName_5807 3 বছৰ 10 হিচাপপূৰ্বে

#পৰম্পৰাগত_খাদ্যাসম্ভাৰ
#ভেদাইলতা_আৰু_মাগুৰ_মাছৰ_জোল-
#ৰন্ধন প্ৰণালীঃমাছ তিনি টুকুৰা কেৰাহীত গৰম তেলত ভাজি লৈছো,এতিয়া তেলত পিয়াজ দি ৰঙচুৱা হোৱাত আদা নহৰু বটা দি এক মিনিট পাছত হালধি, কণবিলাহী পেষ্ট দিলোঁ আৰু অলপ পিছত সিজোৱা আলু এটা ভাঙি লৈ দিছো, অলপ ৰঙচুৱা যেন হৈ তেল এৰিব ধৰাত ভেদাইলতাৰ ৰসখিনি দিলো, আৰু নিমখ দি এতিয়া ভালকৈ লৰাই অলপ অলপ কৈ ডাঙৰ দুই কাপ মান পানী দি ভালকৈ কিছু সময় উতলাই একেবাৰে শেষত মাছ কেইপিছ দি উতলাই নমাই থলো।
#প্ৰস্তুতি-ধৰিত্ৰী বৰুৱা,গাঁও-গৰগৰী,ডাক-বুঢ়ীনগৰ,পিন-৭৮৪১৪৭

8040

YourName_5807 3 বছৰ 10 হিচাপপূৰ্বে

#পৰম্পৰাগত_খদ্যাসম্ভাৰ
#মানিমুনি আৰু কাৱৈমাছৰ জোল

#ৰন্ধন প্ৰণালী-
মানিমুনিখিনি খুন্দি ৰস উলিয়াই ললো। এটা আলু সিজাই ললো, কটা পিয়াজ, আদা নহৰুৰ পেষ্ট,নিমখ হালধি,জলকীয়া দুটা ললো। মাছখিনি ভাজি লৈছো(একেবাৰে মচমচীয়া কৰা নাই)। এতিয়া সিজোৱা আলু টো ভাঙি লৈছো আৰু পিয়াজ,হালধি,আদা নহৰুৰ পেষ্ট অলপ দি ভাজিছো। অলপ ৰঙচুৱা যেন হওতে তাত মনিমুনিৰ ৰসখিনি দিলো,জলকীয়া আৰু গৰম পানী আৰু মাছখিনি দি অলপ উতলালো।নিমখখিনি দিছো।৫মিনিট মান পিছত নমাই থলো।
#প্ৰস্তুতি-ধৰিত্ৰী বৰুৱা,
গাঁও-গৰগৰী,ডাক-বুঢ়ীনগৰ,পিন-৭৮৪১৪৭

420

Purabee Pathak 3 বছৰ 10 হিচাপপূৰ্বে

#অসমৰ_বিভিন্ন_জনজাতিৰ_থলুৱা_ব্যঞ্জন
#কুলথিৰে #মাছৰ #খাৰ

#উপকৰণ-
১.কুলথি -৫ চামুচ
২.মাছ -৩ টুকুৰা
৩.পানী -৩ কাপ
৪.জলকীয়া -২ টা
৫.চদাখাৰ -১ চামুচ
৬.নিমখ -২ চামুচতকৈ অলপ কম ।

#প্ৰণালী -
প্ৰথমে কেৰাহীত পানী তিনি কাপ দি ভালদৰে পানীখিনি উতলাই তাত নিমখ আৰু ভাজি গুৰি কৰি ৰখা কুলথি খিনি দি ঢাকনি লগাই সিজিব দিব। অলপ উতলাৰ পিছত খাৰ এক চামুচ দি লগতে জলকীয়া দুটা কাটি দি আকৌ সিজিবলে ঢাকনি লগাই দিব।কুলথি প্ৰায় সিজিলে মাছ কেইটুকুৰা দি অলপ সময় উতলাই জোলখন অলপ ঘন হলে নমাই পৰিবে

6960

Shivam Gupta 3 বছৰ 10 হিচাপপূৰ্বে

नाम- शिवम् गुप्ता
संपर्क- 8227848048
नुस्खा- तिल पीठा
तिल पिठा असम में बिहू के समय बनाया जाने वाला नुस्खा हैं।
मगर स्वासथ्यवर्ध्दक होने के कारण नाश्ता के रूप में भी प्रयोग लाया जाता हैं।