You don't have javascript enabled. Please Enabled javascript for better performance.

থলুৱা খাদ্যসম্ভাৰৰ ৰন্ধন প্ৰণালী প্ৰেৰণ কৰক মাই গভ অসমলৈ

Start Date: 10-03-2021
End Date: 10-04-2021

থলুৱা খাদ্য সম্ভাৰত অতিকৈ চহকী অসম। বিভিন্ন জাতি- জনগোষ্ঠীৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

থলুৱা খাদ্য সম্ভাৰত অতিকৈ চহকী অসম। বিভিন্ন জাতি- জনগোষ্ঠীৰ মিলনভূমি অসমত যিদৰে বাৰেবৰণীয়া সাংস্কৃতিক পৰম্পৰা বিৰাজমান ঠিক সেইদৰে বিভিন্ন প্ৰচলিত খাদ্যাভাসেও চহকী কৰি তোলে অসমৰ সাংস্কৃতিক ঐতিহ্যক। বিভিন্ন থলুৱা তথা জনগোষ্ঠীয় খাদ্যসম্ভাৰে অসমক দিছে এক অনন্য পৰিচয়।

পৰম্পৰাগত খাদ্যসমূহে বৰ্তমান আমাৰ মাজত খুবেই জনপ্ৰিয়তা অৰ্জন কৰিছে। আমি ঘৰতো এই খাদ্যসম্ভাৰ প্ৰয়োজনীয় উপকৰণৰ দ্বাৰা প্ৰস্তুত কৰি ল’ব পাৰো। অসমৰ সমাজ জীৱনৰ বিভিন্ন পৰম্পৰাগত খাদ্যসম্ভাৰ প্ৰস্তুত কৰি যদি আপুনি ভাল পায়, তেন্তে আমালৈ প্ৰেৰণ কৰক খাদ্যসম্ভাৰৰ ফটোৰে সৈতে আপোনাৰ ৰন্ধন প্ৰণালী।

নিৰ্বাচিত ১০ টা ৰন্ধন প্ৰণালীক মাই গভ অসমৰ সামাজিক মাধ্যম সমূহত প্ৰকাশ কৰা হ’ব আৰু আগবঢ়োৱা হ’ব একোখনকৈ প্ৰশংসা পত্ৰ।

যোগদানৰ অন্তিম তাৰিখ ১০ জুন

নাম, যোগাযোগ নম্বৰ সহ খাদ্যসম্ভাৰৰ ফটো আৰু ৰন্ধন প্ৰণালী তলত মন্তব্য আকাৰে প্ৰেৰণ কৰিব পাৰে।

নিয়মাৱলীঃ
• এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব
• প্ৰস্তুত কৰা খাদ্যসম্ভাৰৰ ফটো নিজে তোলাটো বাঞ্চনীয়
• প্ৰেৰকৰ নাম, ঠিকনা, যোগাযোগ নম্বৰ থকাটো বাধ্যতামূলক।
• এগৰাকী প্ৰতিযোগীয়ে কেইবাটাও ৰন্ধন প্ৰণালী পঠিয়াব পাৰিব।
• প্ৰস্তুত কৰা খাদ্য সম্ভাৰৰ চমু বিৱৰণ থকাটো বাধ্যতামূলক। লগতে থলুৱা উপকৰণ সমূহৰ নাম উল্লেখ থকাটো প্ৰয়োজনীয়।
• আনৰ পৰা বিনা অনুমতিত প্ৰেৰণ কৰা ৰন্ধন প্ৰণালী আৰু ফটো গ্ৰহণযোগ্য নহ’ব।
• বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 51) অনুমোদিত অৱদানসমূহ (40) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (11) জমা বন্ধ
Reset
40 তথ্য পোৱা গ’ল
710

Himadri Goswami 3 বছৰ 9 হিচাপপূৰ্বে

নাম- হিমাদ্ৰী বৰকটকী
যোগাযোগ নম্বৰ- 9678382170
ঠিকনা- 2নং উপপথ, শিৱনগৰ, নগাওঁ-৭৮২০০৩
ৰন্ধনৰ নাম- থলুৱা অসমীয়া আমিষ থালী
বিৱৰণ- অসমৰ মানুহৰ ঘৰত একোখনকৈ শাক পাচলিৰ বাৰী থাকে। এই বাৰীখনত বিভিন্ন ধৰণৰ ঔষধিযুক্ত আৰু থলুৱা শাক-পাচলি ও পোৱা যায়।গতিকে ঘৰতে পোৱা শাক-পাচলিৰ পৰা এসাজ সুস্বাদু আহাৰ তৈয়াৰ কৰি দৰ্শকলৈ আগবঢ়ালো।
থলুৱা উপকৰণ সমূহৰ নাম-
১. ভাত
২. মগু ডালি
৩. মাছৰ টেঙা
৪. পচলা
৫. কচু-মচন্দৰী
৬. ভেবেলী লতাৰ বৰ
৭. নৰসিংহৰ বৰ
৮. মাহগুৰি
৯. বেহুৱা
১০. আমৰ আচাৰ
১১. দৈ

918610

Susanta Kumar Pattnaik 3 বছৰ 9 হিচাপপূৰ্বে

It has traditional value and consists of norms and mores. Traditional reciep makes'we feel'and develops positive attitude and habits, refines culture and behavior. It generates unity and uniformity, integrity and sovereignty. Traditional reciep are herbs, vegitables and typical pattern which unites people and creates enthusiasm and zest to use. It has excellence in defusion of culture and teaches being a fulfledge humanbeing. It excels humaniterian value and philanthropic grants. It has impotanc

420

Purabee Pathak 3 বছৰ 9 হিচাপপূৰ্বে

(কুকুৰাৰ মাংসৰে পিঠা গুড়িৰ খাৰনি )
#প্ৰণালী
প্ৰথমে কেৰাহীত তেল গৰমাই কাটি লোৱা পিয়াঁজ খিনি ৰঙচুৱা কৈ ভাজি তাত মাংসখিনি দি ঢাকনি লগাই দিলোঁ, তাৰপিছত আদা, নহৰু বটা,জিৰাগুৰি,নিমখ,হালধী, জলকীয়া কেইটা দি মাংস খিনি কম জুইত ভাজি সিজিলে মাংস খিনি নমাই থব। কেৰাহী খনত পানী তিনিকাপ উতলাই চদাখাৰ এক চামুচ দি পিঠাগুৰি খিনি অলপকৈ দি লৰাই উতল অহাত মাংস ঢাকনি লগাই দি আঞ্জা খন অলপ ডাঠ হলে নমাই থব।
পূৰৱী পাঠক
গোৱালপাৰা
৮১৩৫৯৬৭৭৫৮

650

karishmita saikia 3 বছৰ 9 হিচাপপূৰ্বে

karishmita saikia
ph.no:9531056775

steamed fish

Place the fish pieces in a clay pot. Add ginger, garlic, green chillies ,2tsp oil, salt, grilled
tomato,grilled dried chilli. Add lemon juice and mix. Add lemon roundels and half a cup of water.

Put the lid on and bring it to a boil, reduce the heat and cook for about four minutes.

Chop the coriander leaves along with their stems and mint leaves add it to the boiling fish. Cover once again and cook for one minute. Serve hot.

420

Purabee Pathak 3 বছৰ 9 হিচাপপূৰ্বে

#বইল #বিলাহী #শুকাণ মাছেৰে

#উপকৰণ -
১. বিলাহী - ৩ টা
২.শুকানমাছ -৬/৭ টা
৩.জলকীয়া - ৫ টা
৪.ধনীয়াপাত - ১ মুঠি
৫.পানী - ২ কাপ

#প্ৰণালী -
প্ৰথমে এখন কেৰাহীত পানী দুকাপ দি অলপ গৰম হ'লে কাটি লোৱা বিলাহী, জলকীয়া, নিমখ দি ঢাকনি লগাই সিজিব দিব ।বিলাহী আধা সিজাত মাছকেইটা দি উতলিব দিব ।থুপথুপিয়া হ'লে ধনীয়াপাত কাটি দি গৰম ভাতৰ লগত পৰিৱেশন কৰিব ।
পূৰৱী পাঠক
গোৱালপাৰা

8040

YourName_5807 3 বছৰ 9 হিচাপপূৰ্বে

#পৰম্পৰাগত_খাদ্যসম্ভাৰ
#পাৰ মাংসৰ জালুকীয়া
#ৰন্ধন_প্ৰণালী-আলু আৰু কণবিলাহী টুকুৰা টুকুৰ কৈ কাটি লৈছো,মাংস কাটি বাচি লৈ নিমখ,হালধি সানি ১৫মিনিট ঢাকি থলো,কেৰাহীত মিঠাতেল দি গৰম হ'লে তেজপাত,লং,ইলাচি, ডালচেনী দি পিয়াঁজ খিনি দিব, ৰঙচুৱা কৈ ভাজি আদা নহৰু জালুকৰ পেষ্টখিনি দিব, কিছু সময় ভাজি লৈ মাংস আৰু আলু দি ভাজি লৈ বিলাহীখিনি দি সিজি গলে ডুব যোৱাকৈ পানী দি আলু সিজিলে কেইটুকুৰামান ভাঙি দি থুপথুপীয়া হৈ আহিলে ধনিয়া কাটি দি নিমখৰ জোখ চাই নমালো।
#প্ৰস্তুত_কৰোঁতা-ধৰিত্ৰী বৰুৱা,ফোন নং-৯১০১৯৮৬৭৯৯

83430

Soorya Devaraju 3 বছৰ 9 হিচাপপূৰ্বে

Assam is known for Assam tea and Assam silk. The state was the first site for oil drilling in Asia.
Aloo Pitika is a simple side dish accompanied to riceand dal. A soul food in its truest sense, aloo pitika is loved by all of Assam. It is essentially mashed potatoes with mustard oil, onion, coriander and salt.Pitha is one of the most popular sweet dishes of Assam.Food has been a universal connection between people for a really long time now. 
Assam is famous for its distinct flavoringinfluenc