You don't have javascript enabled. Please Enabled javascript for better performance.

থলুৱা খাদ্যসম্ভাৰৰ ৰন্ধন প্ৰণালী প্ৰেৰণ কৰক মাই গভ অসমলৈ

Start Date: 10-03-2021
End Date: 10-04-2021

থলুৱা খাদ্য সম্ভাৰত অতিকৈ চহকী অসম। বিভিন্ন জাতি- জনগোষ্ঠীৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

থলুৱা খাদ্য সম্ভাৰত অতিকৈ চহকী অসম। বিভিন্ন জাতি- জনগোষ্ঠীৰ মিলনভূমি অসমত যিদৰে বাৰেবৰণীয়া সাংস্কৃতিক পৰম্পৰা বিৰাজমান ঠিক সেইদৰে বিভিন্ন প্ৰচলিত খাদ্যাভাসেও চহকী কৰি তোলে অসমৰ সাংস্কৃতিক ঐতিহ্যক। বিভিন্ন থলুৱা তথা জনগোষ্ঠীয় খাদ্যসম্ভাৰে অসমক দিছে এক অনন্য পৰিচয়।

পৰম্পৰাগত খাদ্যসমূহে বৰ্তমান আমাৰ মাজত খুবেই জনপ্ৰিয়তা অৰ্জন কৰিছে। আমি ঘৰতো এই খাদ্যসম্ভাৰ প্ৰয়োজনীয় উপকৰণৰ দ্বাৰা প্ৰস্তুত কৰি ল’ব পাৰো। অসমৰ সমাজ জীৱনৰ বিভিন্ন পৰম্পৰাগত খাদ্যসম্ভাৰ প্ৰস্তুত কৰি যদি আপুনি ভাল পায়, তেন্তে আমালৈ প্ৰেৰণ কৰক খাদ্যসম্ভাৰৰ ফটোৰে সৈতে আপোনাৰ ৰন্ধন প্ৰণালী।

নিৰ্বাচিত ১০ টা ৰন্ধন প্ৰণালীক মাই গভ অসমৰ সামাজিক মাধ্যম সমূহত প্ৰকাশ কৰা হ’ব আৰু আগবঢ়োৱা হ’ব একোখনকৈ প্ৰশংসা পত্ৰ।

যোগদানৰ অন্তিম তাৰিখ ১০ জুন

নাম, যোগাযোগ নম্বৰ সহ খাদ্যসম্ভাৰৰ ফটো আৰু ৰন্ধন প্ৰণালী তলত মন্তব্য আকাৰে প্ৰেৰণ কৰিব পাৰে।

নিয়মাৱলীঃ
• এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব
• প্ৰস্তুত কৰা খাদ্যসম্ভাৰৰ ফটো নিজে তোলাটো বাঞ্চনীয়
• প্ৰেৰকৰ নাম, ঠিকনা, যোগাযোগ নম্বৰ থকাটো বাধ্যতামূলক।
• এগৰাকী প্ৰতিযোগীয়ে কেইবাটাও ৰন্ধন প্ৰণালী পঠিয়াব পাৰিব।
• প্ৰস্তুত কৰা খাদ্য সম্ভাৰৰ চমু বিৱৰণ থকাটো বাধ্যতামূলক। লগতে থলুৱা উপকৰণ সমূহৰ নাম উল্লেখ থকাটো প্ৰয়োজনীয়।
• আনৰ পৰা বিনা অনুমতিত প্ৰেৰণ কৰা ৰন্ধন প্ৰণালী আৰু ফটো গ্ৰহণযোগ্য নহ’ব।
• বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 51) অনুমোদিত অৱদানসমূহ (40) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (11) জমা বন্ধ
Reset
40 তথ্য পোৱা গ’ল
700

Garima Baruah 4 বছৰ 5 হিচাপপূৰ্বে

ৰেচিপীৰ নাম: খাৰ আৰু পিঠাগুৰি ৰ সৈতে কলপচলা

কল পচলা বহু ৰোগত উপকাৰী ।ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে। ইয়াৰ উপৰিও ভিটামিন B6, পটাচিয়াম, আইৰণ আদি পোৱা যায়।
ৰেচিপী: পোনপ্ৰথমে পচলাখিনি মিহি মিহিকৈ কাটি ললো। তাৰপিছত কেৰাহীত তেল আৰু সৰিয়হ অলপ দি বহাই দিলো।কিছুসময় পিছত কলাখাৰ দি দিলো।তাৰ অলপ সময় পিছত পিঠাগুৰি দি দিলো। একেবাৰে শেষত আদা-নহৰু আৰু জলকীয়া দি দিলো আৰু নমাই থলো

4670

Puravee Bordoloi 4 বছৰ 5 হিচাপপূৰ্বে

Pura Goroi Maas Pitika

Ingredients:
Goroi Maas: 200 gram
One onion: finely chopped.
Fresh chilli: 3 chopped.
Salt to taste.
Mustard oil : 1 tbsp.
Coriander leaves & Lemon juice : 2 tsp.
Process:
To prepare pura mach/roasted fish pitika, directly throw the fishes in hot charcoal or grilled it in low gas flame. Once it done, let them cool for few minutes. Next remove the main bone & head and clean properly. Now mash the fish with all ingredients & Enjoy.

4670

Puravee Bordoloi 4 বছৰ 5 হিচাপপূৰ্বে

Pura Goroi Maas Pitika

Ingredients:
Goroi Maas: 200 gram
One onion: finely chopped.
Fresh chilli: 3 chopped.
Salt to taste.
Mustard oil : 1 tbsp.
Coriander leaves & Lemon juice : 2 tsp.
Process:
To prepare pura mach/roasted fish pitika, directly throw the fishes in hot charcoal or grilled it in low gas flame. Once it done, let them cool for few minutes. Next remove the main bone & head and clean properly. Now mash the fish with all ingredients & Enjoy.

200

Munmuni K H 4 বছৰ 5 হিচাপপূৰ্বে

Fish in mustard sauce(In microwave)
Recipe:
Fish cut Bengali cut (2-4 pieces)
2 tbsp mustard seeds ground into a fine paste
1 tbsp oil
1tsp salt
1-2 green chillies
1-2 leaves of wild coriander ( maan dhoniya)
1 onion (create a paste)
1 tsp garlic paste
Method:
In a baking tray,put oil and let it heat for 2-3 mins in a convection combo mode 210•c
Now,mix in the onion paste & garlic paste with the oil , heat for 3 min
Add fish,bake for10mins
Garnish with green chilly& coriander

840

oli choudhury 4 বছৰ 5 হিচাপপূৰ্বে

নৰসিংহ, আলু আৰু মাছৰ জোল--
প্ৰথমতে দুইপিছ মাছ আধা ভজাকৈ উঠাই থলোঁ। দুটা আলু সিজাই লৈছো। নৰসিংহ পাতখিনি ভালকৈ ধুই বতি লৈ পানী মিক্স কৰি অলপ উতলিবলৈ দিলোঁ। এতিয়া কেৰাহীত দুই চামুচ মিঠাতেল গৰম হবলৈ দি তাত আগতেই কুটি ৰখা পিয়াঁজ, আদা -নহৰু বতা, জিৰা ধনীয়া গুৰি আধা চামুচ, অলপ হালধি দি ভালকৈ ভাজি কাটি ৰখা বিলাহী এটা দি ভালকৈ ভাজি , আন্দাজমতে নিমখ , তাত সিজোৱা আলুখিনি অলপ ভাঙি দি উতলাই ৰখা নৰসিংহ-পানীৰ মিশ্ৰনখিনি আৰু মাছ দুইপিছ দি ঢাকি থলোঁ। ভালকৈ উতলাত নমাই থলোঁ।
অলি চৌধুৰী
জালুকবাৰী
7002747831

840

oli choudhury 4 বছৰ 5 হিচাপপূৰ্বে

টেঙেচী শাক আৰু আলুৰ জোল---
উপকৰণ সমূহ-
আধামুঠি টেঙেচী শাক
দুটা সিজাই লোৱা আলু
2 চামুচ মিঠাতেল
1/3 চামুচ হালধি
সোৱাদ অনুসৰি নিমখ
আধা চামুচ সৰিয়হ
প্ৰণালী-
প্ৰথমতে টেঙেচী শাক খিনি ভালকৈ বতি লৈ সিজাই দুই গিলাচ পানী যোগ কৰি 10 মিনিট গৰম কৰি লৈছো। এতিয়া কেৰাহীত 2 চামুচ মিঠাতেল দি সৰিয়হ খিনি দি ফুটিব দিছো। সিজোৱা আলুখিনি হাতেৰে অলপ ভাঙি দি তেল ত দি 2মিনিটমান হালধি, নিমখ দি অলপ সময় ভাজি তাত গৰম টেঙেচী শাক-পানী খিনি ঢালি দিছোঁ। পিছত ভালকৈ উতল অহাত নমাই থলোঁ ।
অলি চৌধুৰী
জালুকবাৰী
7002747831