You don't have javascript enabled. Please Enabled javascript for better performance.

জ্ঞান ভাৰতী ইণ্ডিয়া কুইজ ২০২০

Start Date: 08-08-2020
End Date: 11-08-2020

ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বৰ দৰে আমাৰ দেশতো ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বৰ দৰে আমাৰ দেশতো জনজীৱন ব্যাহত হৈ পৰিছে। আমাৰ ৰাজ্যতো বৰ্তমান সকলো প্ৰান্ততে পৰিস্থিতি জটিল। এনে পৰিস্থিতিত সামাজিক দূৰত্ব বাধ্যতামূলক হোৱাৰ পৰিপ্ৰেক্ষিতত সকলোবোৰ গুৰুত্বপূৰ্ণ কাম-কাজ বৰ্তমান ডিজিটেল মাধ্যমৰ জৰিয়তে পৰিচালনা কৰিবলগীয়া হৈছে। বিগত কেইবামাহো ধৰি অনলাইনযোগেই সম্পন্ন হৈ আহিছে বিভিন্ন আলোচনা চক্ৰ, ৰাজহুৱা সভা আদি।

এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনতাৰ চৰকাৰ মাই গভ অসমে বিগত তিনিটা বৰ্ষ ধৰি আয়োজন কৰি অহা জ্ঞান ভাৰতী ইণ্ডিয়া কুইজ শীৰ্ষক মুকলি কুইজ প্ৰতিযোগিতাখনি এইবাৰ অনলাইনযোগে আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত বৰ্ষকেইটাৰ দৰে এইবাৰো দেশৰ স্বাধীনতা দিৱসৰ দিনাই অনলাইনযোগে সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । পৰিচালনা কৰিব কুইজ মাষ্টাৰ আশুতোষ দাসে। প্ৰাৰম্ভিক আৰু চূড়ান্ত দুটা পৰ্যায়ত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা মুঠ ছটা দল চূড়ান্ত পৰ্যায়ৰ বাবে নিৰ্বাচন কৰা হ’ব। প্ৰতিটো দলতে তিনিগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। চূড়ান্ত প্ৰতিযোগিতা এক ভিডিঅ’ কনফাৰেন্সিং প্লেটফৰ্মৰ জৰিয়তে অনুষ্ঠিত হ’ব।

গুৰুত্বপূৰ্ণ তাৰিখসমূহ:
পঞ্জীয়নৰ অন্তিম তাৰিখ: ১১ আগষ্ট, ২০২০ (সন্ধিয়া ৬ বজালৈ)
প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰতিযোগিতা
১২ আগষ্ট, ২০২০ (Google Form ব্যৱহাৰ কৰা হ’ব)
সময়: সন্ধিয়া ৬ঃ৩০ ৰ পৰা ৭ঃ৩০ বজালৈ
চূড়ান্ত প্ৰতিযোগিতা:
১৫ আগষ্ট, ২০২০ (video conferencing platform ব্যৱহাৰ কৰা হ’ব)

পুৰস্কাৰসমূহ:

প্ৰথম পুৰস্কাৰ: ৫,০০০ টকা
দ্বিতীয় পুৰস্কাৰ: ৩,০০০ টকা
তৃতীয় পুৰস্কাৰ: ২,০০০ টকা
চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লোৱা আন তিনিটা দললৈ ১,০০০ টকাকৈ আগবঢ়োৱা হ’ব।

নিয়মাৱলীসমূহ:
• বয়স, শিক্ষা, বৰ্তমান থকা ঠাই নিৰ্বিশেষে অসমত বাস কৰা লোকৰ বাবে কুইজ প্ৰতিযোগিতা মুকলি থাকিব
• প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে তিনিজনীয়া দল গঠন হ’ব লাগিব। প্ৰতিটো দলৰে এজন দলপতি থাকিব লাগিব
• প্ৰতিটো দলত যিকোনো প্ৰতিষ্ঠান বা বয়সৰ ব্যক্তি থাকিব পাৰিব
• প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিগৰাকী প্ৰতিযোগীয়ে MyGov Assam পৰ্টেলত (assam.mygov.in) ১১ আগষ্ট, ২০২০ (সন্ধিয়া ৬ বজালৈ) ৰ পূৰ্বে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব
• প্ৰতিটো দলৰে দলপতিয়ে তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ নিজৰ দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ নাম, ই-মেইল আই ডি আৰু ফোন নম্বৰসমূহ তলত মন্তব্য আকাৰেৰে লিখিব লাগিব
• প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে প্ৰতিটো দলৰ দলপতিলৈ মেইলযোগে Google Form ৰ লিংক প্ৰেৰণ কৰা হ’ব।
• জমা দিবৰ বাবে ৬ঃ৩০ বজাত লিংকটো এক্টিভেট কৰা হ’ব আৰু ৭ঃ৩০ বজালৈ সময় দিয়া হ’ব।প্ৰতিটো দলৰ কেৱল এগৰাকী প্ৰাৰ্থীয়ে উত্তৰসমূহ জমা দিব লাগিব। দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে প্ৰশ্নসমূহ চাব পাৰিব।
• Google Form ৰ লিংকৰ জৰিয়তে প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ সকলো নীতি-নিৰ্দেশনা উপলব্ধ কৰা হ’ব
• এক video conferencing platform ৰ জৰিয়তে চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব
• চূড়ান্ত প্ৰতিযোগিতাৰ বাবে ছটা দল নিৰ্বাচন কৰা হ’ব।
• প্ৰতিযোগিতাৰ আৰম্ভণিতেই সকলো নিয়মাৱলী বুজাই দিয়া হ’ব

যিকোনো তথ্যৰ বাবে মাই গভ অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব।

সকলো মন্তব্য
মুঠ অৱদান ( 181) অনুমোদিত অৱদানসমূহ (181) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ