You don't have javascript enabled. Please Enabled javascript for better performance.

কবিতাৰে আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টালৈ শ্ৰদ্ধাঞ্জলি

Start Date: 24-08-2018
End Date: 09-09-2018

আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি। সততা আৰু নিষ্ঠাৰ প্ৰতিভূ এইগৰাকী মহান নেতাই দেশখনক শক্তিশালী কৰাৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় স্বাভিমান সুৰক্ষা আৰু দেশৰ প্ৰগতিৰ গতি ত্বৰাম্বিত কৰাৰ বাবে তেখেতে ভাৰতবাসীৰ মনত যি আত্মবিশ্বাসৰ ভাৱনা জাগৃত কৰিছল, তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে বিশ্ব দৰৱাৰত আমাৰ স্থিতি শক্তশালী কৰিছিল। এগৰাকী কবি, সাহিত্যিক হিচাবে অটল বিহাৰী বাজপেয়ীদেৱে ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ অনুভূতিক সৰ্বাত্মক ৰূপত প্ৰতিফলিত কৰি আলোকৰ বাটেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাইছিল।
আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীদেৱক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যৰে জনতাৰ চৰকাৰ মাই গভ অসমে এক স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ আায়োজন কৰিছে ।

নিয়মাৱালী
১. অংশগ্ৰহণকাৰীসকলে অসমত ব্যৱহৃত যিকোনো ভাষাতেই কবিতা প্ৰেৰণ কৰিব পাৰিব।
২.কবিতাৰ বিষয়বস্তু অটল বিহাৰী বাজপেয়ী দেৱৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত হ'ব লাগিব।
৩. ‘বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ’ আৰু ‘সকলোৰে বাবে মুকলি’ - এই দুটা নিৰ্ধাৰিত শাখাত (ক আৰু খ) এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
৪. ‘ক’ শাখা অৰ্থাৎ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ বাবে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাবে ক্ৰমে – ৩,০০০, ২,০০০ আৰু ১,০০০ টকাৰ নগদ ধন আগবঢ়োৱা হ’ব। সকলোৰে বাবে মুকলি অৰ্থাৎ ‘খ’ শাখাৰ বাবে ক্ৰমে - ৫,০০০, ৩,০০০ আৰু ২,০০০ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হ’ব।
৫. যি ভাষাত কবিতা প্ৰেৰণ কৰা হয়, সেই ভাষাৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক।
৬.মাই গভ অসম পৰ্টেল যোগে অহা ১০ ছেপ্টেম্বৰ, ২০১৮ৰ ভিতৰত কবিতা প্ৰেৰণ কৰিব লাগিব।
৭. অংশগ্ৰহণকাৰীসকলে যিকোনো এটা শাখাৰ বাবেহে কবিতা প্ৰেৰণ কৰিব পাৰিব।
৮. এটাতকৈ অধিক কবিতা প্ৰেৰণ কৰিব নোৱাৰিব।
৯. প্ৰেৰণ কৰা কবিতা মৌলিক হোৱাটো বাঞ্চনীয়। আনৰ পৰা নকল কৰা কবিতা গ্ৰহণযোগ্য নহ’ব।
১০. বিচাৰকৰ সিদ্ধান্তই হ’ব চূড়ান্ত সিদ্ধান্ত।
১১.অংশগ্ৰহণকাৰীসকলে প্ৰেৰণ কৰা কবিতাসমূহৰ এখনি সংকলন প্ৰস্তুত কৰা হ’ব।

সকলো মন্তব্য
Total Submissions ( 178) Approved Submissions (176) Submissions Under Review (2) জমা বন্ধ
Reset
176 তথ্য পোৱা গ’ল

Sikha Sarma 7 বছৰ 6 হিচাপপূৰ্বে

ডা:শিখা শৰ্মা খ-শাখা কবিতাৰ ভাষা অসমীয়া

---অজেয় অটল---

অজেয় অটল তুমি
পংকিলতাৰ ৰাজনীতিত ভীষ্ম পিতামহ হৈ
জ্বলাইছিলা বন্তি এগছি
যাৰ পোহৰত ভাৰতৰ ৰাজনীতি
উঠিছিল উজ্বলি
পদুমে মেলিছিল পাহি।
হে শব্দৰ প্ৰেমিক
তোমাৰ কবিতাৰ বৰষূণত তিতি
শব্দৰ আবেশত যাম যেন উটি
যি শব্দৰ কোঁহে কোঁহে সনা আছে
শাশ্বত প্ৰেমৰ আবিৰ।
উচ্চতাৰ শীৰ্ষত আৰোহণ কৰিও
মাটিৰ শিপাত খামুচি
আনৰ দৃষ্টিত নিজক বিচাৰি
সময়ৰ প্ৰতি লহমাক অনুভৱ কৰি
দেশমাতৃৰ সৌন্দৰ্য্যক হিয়াত লৈছিলা আঁকি।।

---------

Vinod Vaishnav 7 বছৰ 6 হিচাপপূৰ্বে

1.Poem in Hindi Language
2.Category [B) Open for all.
3.Assam my Gov. Profile is up to date.

"वो जो अटल था
जो हार नहीं मानता था
जो रार नहीं ठानता था
वो अब चुप है
वो अब चला गया
बिना बोले
बिना कहे
शायद बरसों पहले
उसने लड़ना छोड़ दिया था"