You don't have javascript enabled. Please Enabled javascript for better performance.

বোৱা-কটাৰে স্বাৱলম্বী হৈছে বকোৰ পৈৰঙা গাঁৱৰ মহিলাসকল

Start Date: 25-07-2018
End Date: 31-07-2021
তাঁতশালখন বকোৰ পৈৰঙা গাঁৱৰ মহিলাসকলৰ অতি হেঁপাহৰ আৰু মৰমৰ সম্পদ। নিজৰ তাঁতশালখনতেই যেন সপোন ৰচিছে পূৱ পৈৰঙা গাঁৱৰ ৰাভা জনগোষ্ঠী আৰু পশ্চিম পৈৰঙা গাঁৱৰ মুছলমান সম্প্ৰদায়ৰ মহিলাসকলে। দুয়োখন গাঁৱৰ মহিলাসকলে সমিল মিলেৰে বোৱা কটাৰ কামত আত্মনিয়োগ কৰিছে। গাঁওখনৰ প্ৰতিঘৰতেই আছে একোখনকৈ তাঁতশাল। শেহতীয়াকৈ IIE ৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত হৈ গাঁও দুখনৰ প্ৰতিগৰাকী মহিলাই কাপোৰ বোৱাৰ নতুন নতুন কৌশল তথা পদ্ধতি আয়ত্ব কৰিবলৈ শিকিলে। তেওঁলোকে বোৱা কাপোৰৰ চাহিদাও ক্ৰমাৎ বাঢ়ি আহিল আৰু এনেকৈয়ে স্বাৱলম্বিতাৰ বাট মোকলাই ল’বলৈ শিকিলে গাওঁ দুখনৰ মহিলাসকলে। নাৰী সৱলীকৰণৰ এক নিদৰ্শন হৈ পৰিছে বকোৰ পূৱ আৰু পশ্চিম পৈৰঙা গাঁৱৰ মহিলাসকল।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল