You don't have javascript enabled. Please Enabled javascript for better performance.

দৰিদ্ৰ অশিক্ষিত সকলৰ মাজত শিক্ষাৰ পোহৰ বিলোৱা তুলতুল দে

Start Date: 12-07-2018
End Date: 31-07-2021
জীৱনত কিবা এটা কৰাৰ সপোন সকলোৰে থাকে। আত্মনিৰ্ভৰশীল হৈ জীৱনটোক এক ন ৰূপত সজোৱাৰ হেপাঁহটোৱে আমাৰ সকলোকে বাৰুকৈয়ে উৎসাহী কৰি থাকে। কিন্তু দৰিদ্ৰতা, ঘৰুৱা সমস্যা আদিৰ দৰে বিভিন্ন সমস্যাৰ বাবে বহুতৰে সপোন আধৰুৱা হৈয়েই ৰৈ যায়। কিন্তু এতিয়া সময় সলনি হ’ল। অসম ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত বিভিন্ন পিছপৰা আৰু দৰিদ্ৰ নিবনুৱাৰ আধৰুৱা সপোন লাহে লাহে পূৰ্ণ হ’বলৈ ধৰিছে। এই অভিযানৰ অধীনত প্ৰয়োজনীয় সকলোবোৰ সুবিধা লাভ কৰি ঢেকিয়াজুলিৰ তুলতুল দে নামৰ এগৰাকী উদ্যমী মহিলাই অঞ্চলটোৰ দৰিদ্ৰ তথা শৈক্ষিক দিশত পিছপৰা যুৱক-যুৱতীসকলক স্বাৱলম্বী হ’ব পৰাকৈ দক্ষ কৰি তোলাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি আহিছে। অসম ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত লাভ কৰা সাহাৰ্যৰে এটা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰি যুৱক যুৱতীসকলক কম্পিউটাৰ শিক্ষা প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ অশিক্ষিত মহিলা সকলক শিক্ষাৰ আলোকেৰে আলোকিত কৰিছে। লগতে মহিলাসকলক চিলাই প্ৰশিক্ষণেৰে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰটো এইগৰাকী উদ্যমী মহিলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল