You don't have javascript enabled. Please Enabled javascript for better performance.

দুগ্ধ উৎপাদনেৰে স্বাৱলম্বী বজালীৰ বৰ্মন দম্পত্তি

Start Date: 07-07-2018
End Date: 31-07-2021
বৰপেটা জিলাৰ বজালী অঞ্চলৰ বাসিন্দা জোনা তামুলী বৰ্মন। গো-পালনেৰে স্বাৱলম্বিতাৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰি শ্ৰীযুতা বৰ্মন বৰ্তমান এইঅঞ্চলৰ এগৰাকী আগৰণুৱা মহিলা গো-পালক হিচাবে স্বীকৃতি লাভ কৰিছে। এজনী গাইগৰুৰে আৰম্ভ কৰা এই সাফল্যৰ যাত্ৰা বৰ্তমান আগবঢ়িছে ১৯ জনী গাই গৰুৰে। ২০০৪ চনৰে পৰা গো-পালনৰ লগত জড়িত এই যাত্ৰাত তেখেতক প্ৰতি মূহুৰ্তত সহায়ৰ হাত আগবঢ়াই আহিছে স্বামী প্ৰণৱ কুমাৰ বৰ্মনে। প্ৰতিদিনে প্ৰায় ১৫০লিটাৰকৈ গাখীৰ উত্পাদনেৰে এক লাভজনক ব্যৱসায় হিচাবে গো-পালনক সাৰথি কৰি লোৱা বজালীৰ এই দম্পত্তিয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ নতুন বাট। গো-পালনত দেখুওৱা এই সাফল্যৰ বাবে জোনা তামুলী বৰ্মনে ইতিমধ্যে লাভ কৰিছে ‘মুখ্যমন্ত্ৰী প্ৰেৰণা বঁটা’। বজালী অঞ্চলৰ লগতে অসমৰ নৱপ্ৰজন্মৰ বাবে জোনা তামুলী বৰ্মন হৈছে এক অনুপ্ৰেৰণাৰ উৎস।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
4 তথ্য পোৱা গ’ল
161730

Jyotiska boruah 4 বছৰ 4 হিচাপপূৰ্বে

কৃত্ৰিম দুগ্ধ উৎপাদনৰ পৰিমাণ হ্ৰাস কৰি গো পালনৰ জৰিয়তে অসমত দুগ্ধ উৎপাদনৰ আঁচনি গ্ৰহন আৰু স্বাৱলম্বী হৱ পৰা ব্যৱস্হা বৰ্তমানৰ চৰকাৰ খনে গ্ৰহন কৰা উচিত ৷

769850

JAYANTA TOPADAR 5 বছৰ 1 monthপূৰ্বে

सराहनीय कर्म...! गौशाला में सेवा कार्य कर आप दोनों ने इस मानव समाज को प्रेरणा देकर अपना जीवन सार्थक किया...!!!

4600

Chandan Sharma_2 6 বছৰ 7 হিচাপপূৰ্বে

I have been looking for starting dairy in my area. But due to financial stability, I approached nearby bank. No help yet. Anyhow I will look forward and small by small I will start a dairy where purity will be the top priority. Love to that many educated are coming forward and hope we will be focusing on purity and health.