You don't have javascript enabled. Please Enabled javascript for better performance.

ঔষধি উদ্ভিদৰ খেতিৰে ৰঞ্জিত কুমাৰ বৰাই দেখুৱাইছে নতুন বাট

Start Date: 26-05-2018
End Date: 26-05-2018
অসমৰ হাবি-বননিত ভিন ভিন ঔষধি গছ-লতিকা সিঁচৰতি হৈ আছে। বৰ্তমান আন্ত:ৰাষ্ট্ৰীয় বজাৰত ঔষধি গছৰ চাহিদা দ্ৰুতগতিত বাঢ়ি অহাৰ লগে লগে ইয়াৰ গুৰুত্বও সমানে বৃদ্ধি পাইছে। এই প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰখনত নিজকে নিয়োজিত কৰি এগৰাকী সফল ব্যৱসায়ী হিচাবে প্ৰতিষ্ঠিত হৈছে নগাঁও জিলাৰ কলিয়াবৰৰ ৰঞ্জিত কুমাৰ বৰা। থলুৱা ঔষধি উদ্ভিদৰ খেতি আৰু ইয়াৰ পৰা উৎপাদিত ঔষধি তেলৰ ব্যৱসায়েৰে বৰা ডাঙৰীয়াই স্বাৱলম্বিতাৰ এক নতুন উদাহৰণ দাঙি ধৰিছে। লগতে, ঔষধি বনৰ খেতি তথা সংৰক্ষণেৰে অৰ্থনৈতিকভাৱে লাভাম্বিত হোৱা 'কলিয়াবৰ নাৰ্চাৰী'ৰ স্বত্বাধিকাৰী গৰাকীয়ে অসমৰ নৱ-প্ৰজন্মক দেখুৱাইছে এটা আদৰ্শৰ বাট। 'অসম কৌশল বিকাশ অভিযান'ৰ অধীনত বহু নিবনুৱা যুৱক-যুৱতীক ঔষধি উদ্ভিদ আৰু ইয়াৰ বণিজ্যিক উৎপাদনৰ প্ৰশিক্ষণ প্ৰদান কৰি এই ক্ষেত্ৰত তেওঁলোকক দক্ষ হিচাবে গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে এইগৰাকী কৃষি উদ্যোগীয়ে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে