You don't have javascript enabled. Please Enabled javascript for better performance.

আই আই এমৰ পৰা খেতিপথাৰলৈ পুষ্পধৰ দাসৰ সফল যাত্ৰা

Start Date: 20-08-2018
End Date: 20-08-2018
বাংগালোৰৰ ভাৰতীয় ব্যৱস্থাপনা সংস্থান (IIM Bangalore) আৰু নতুন দিল্লীৰ ছেইন্ট ষ্টিফেনচ কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ পুষ্পধৰ দাস বহু বছৰ বাহিৰত কটাই অসমলৈ ঘূৰি আহি কৃষিকৰ্মৰ লগত জড়িত হৈ পৰিছিল। ২০০৩ চনৰ পৰা কৃষি কৰ্মত জড়িত হৈ পৰা পুষ্পধৰ দাস বৰ্তমান ব্যস্ত হৈ আছেমীন পালন, দুগ্ধ উত্পাদন, পথাৰত কৃষি যন্ত্ৰৰ প্ৰয়োগ ইত্যাদিত। পুষ্পধৰ দাস বৰ্তমান ভিজন ২০২০ : সীতাজখলা দুগ্ধ সমবায় সমিতিৰ ভিজন ডিৰেক্টৰৰ লগতে বাক্সাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান পৰামৰ্শদান সমিতিৰ এগৰাকী সদস্য হিচাবে কৰ্মৰত হৈ আছে। কৃষিকাৰ্যত দেখুওৱা সফলতাৰ বাবে পুষ্পধৰ দাসে ২০১৭ চনত লাভ কৰিছিল নন্দলাল উপধ্যায় ৰাজ্যিক কৃষক বঁটা। ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত এম ভেংকায়া নাইডুৱে ২০১৮ চনত যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ স্বৰ্ণজয়ন্তী উপলক্ষে পুষ্পধৰ দাসক জনাইছিল সম্বৰ্ধনা।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে