You don't have javascript enabled. Please Enabled javascript for better performance.

অসমত ক'লা ধানৰ খেতিৰ পথ প্ৰদৰ্শক উপেন্দ্ৰ ৰাভা

Start Date: 19-08-2018
End Date: 19-08-2019
গোৱালপাৰা জিলাৰ দুধনৈৰ ওচৰৰ আমগুৰিপাৰা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক হৈছে উপেন্দ্ৰ ৰাভা। অসমত ক’লা চাউলৰ খেতিৰ ক্ষেত্ৰত এক নৱজাগৰণৰ সূচনা কৰা ব্যক্তিগৰাকীয়েই আছিল উপেন্দ্ৰ ৰাভা। ২০১১ চনত পোনপ্ৰথমে উপেন্দ্ৰ ৰাভাই ক’লা চাউলৰ খেতি আৰম্ভ কৰি লাভ কৰিছিল সফলতা। ক’লা ধানৰ খেতিক অসমৰ কৃষিখণ্ডৰ লগত পৰিচয় কৰাই দিয়া বাবে ক’লা ধানৰ এটা প্ৰজাতিৰ নাম ৰখা হৈছে ‘উপেন্দ্ৰ চাউল’ হিচাবে। ২০১৮ চনৰ মে’ মাহত অসম চৰকাৰৰ উদ্যোগত ভিয়েটনাম ভ্ৰমণ কৰা অসমৰ ১৫ গৰাকী কৃষকৰ মাজৰ এগৰাকী অন্যতম সদস্য আছিল উপেন্দ্ৰ ৰাভা।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল