You don't have javascript enabled. Please Enabled javascript for better performance.

অদম্য সাহস আৰু প্ৰেৰণাৰ উদাহৰণ - অভিষেক গগৈ

Start Date: 19-07-2019
End Date: 19-07-2019
শৈশৱৰ পৰাই শাৰীৰিক প্ৰতিবন্ধকতাক প্ৰত্যাহ্বান স্বৰূপে ল’বলৈ শিকিছিল পিতৃ্হাৰা কিশোৰজনে। অৰ্থৰ অভাৱকে ধৰি অনেক জটিলতাৰ মাজতো মাতৃৰ অনুপ্ৰেৰণাৰে সকলো হেঙাৰ নেওচি কিশোৰজনে কঠিন বাধাকো হেলাৰঙে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। অফুৰন্ত ইচ্ছাশক্তি আৰু অদম্য সাহসেৰে অসমলৈ সুনাম কঢ়িয়াই আনিছে এইগৰাকী দিব্যাংগ কিশোৰে। নাম - অভিষেক গগৈ। ক্ৰীড়াৰ ক্ষেত্ৰত আগৰণুৱা অভিষেক গগৈয়ে শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰিছে। শেহতীয়াকৈ আবু ধাবিত অনুষ্ঠিত হোৱা বিশেষ অলিম্পিকৰ চাইক্লিঙত অংশ লৈ ৰূপৰ পদক আজুৰি অভিষেকে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। অভিষেকৰ এই প্ৰেৰণাময় যাত্ৰাৰ আমিও অংশীদাৰ হওঁ আহক। See Less
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে