You don't have javascript enabled. Please Enabled javascript for better performance.

৫ জুন বিশ্ব পৰিবেশ দিৱস উপলক্ষে আলোচনাৰ বিষয়বস্তু

Start Date: 19-05-2017
End Date: 05-06-2017

প্ৰতি বছৰে ৫ জুন তাৰিখে আমাৰ ধৰাখন ৰক্ষাৰ স্বাৰ্থত আৰু পৰিবেশ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰতি বছৰে ৫ জুন তাৰিখে আমাৰ ধৰাখন ৰক্ষাৰ স্বাৰ্থত আৰু পৰিবেশ সংক্ৰান্তীয় বিভিন্ন বিষয়বস্তু সন্দৰ্ভত সমগ্ৰ বিশ্বজুৰি এক সজাগতা সৃষ্টি কৰিবলৈ আটাইবোৰ দেশ একগোট হয়। ৰাষ্ট্ৰসংঘই পৰিবেশ সজাগতাৰ বাবে আৰম্ভ কৰা বিশ্ব পৰিবেশ দিৱসত প্ৰতিবছৰে ভিন্ন বিষয়বস্তু আলোচনাৰ বাবে নিৰ্ধাৰণ কৰা হয়। যোৱা চাৰিটা দশক ধৰি বিশ্ব পৰিবেশ দিৱসে বিভিন্ন পৰিবেশ সম্পৰ্কীয় সজাগতা যেনে জলবায়ু পৰিবৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ ওপৰত অধিক গুৰুত্ব দি আহিছে।

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰেও পৰিবেশ সজাগতাৰ লগতে ইয়াৰ সংৰক্ষণৰ ওপৰতো গুৰুত্ব দি আহিছে। এই ক্ষেত্ৰত অসম চৰকাৰে বহু পদক্ষেপ হাতত লৈছে। ইয়াৰ ভিতৰত বিদ্যালয় শিক্ষাত পৰিবেশ অধ্যয়ন, বনজ সম্পদ সংৰক্ষণ, গঁড় হত্যা ৰোধ, ৰাজ্যজুৰি গছপুলি ৰোপণ, এখন বহনক্ষম ধৰাৰ প্ৰতি সজাগতা বৃদ্ধি, ৰাজ্যৰ চহকী জৈৱ বৈচিত্ৰৰ সংৰক্ষণ আদিয়েই প্ৰধান।

৫ জুন বিশ্ব পৰিবেশ দিৱস উপলক্ষে অসম চৰকাৰে জনসাধাৰণৰ পৰা অসমক এখন সেউজ আৰু প্ৰদূষণমুক্ত ৰাজ্য হিচাবে গঢ়ি তুলিবৰ বাবে মতামত আৰু পৰামৰ্শ বিচাৰিছে।

যোগদানৰ অন্তিম তাৰিখ : ৫ জুন, ২০১৭

সকলো মন্তব্য
Reset
127 তথ্য পোৱা গ’ল
370

MUKUT CHANDRA BORKAKOTY 6 বছৰ 11 হিচাপপূৰ্বে

উদ্যোগ সমূহৰ দ্বাৰা সৃষ্টি হোৱা জল, বায়ু আৰু শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ কঠোৰ হোৱা উচিত ।
উদ্যোগিক ক্ষেত্ৰসমূহৰ চৌদিশে অতি কমেও ৫০ ফুট প্ৰস্হৰ সেউজ আবেষ্টনী,বৃক্ষ (ঔষধি আৰু বায়ু পৰিশোধক গছৰ সৈতে ) ৰোপনৰ দ্বাৰা গঢ়ি তুলিব লাগে। উদ্যোগিক ক্ষেত্ৰৰ বিভিন্ন গোট আৰু কাৰ্য্যালয়ৰ সমীপত ফুল গছৰ লগতে কম উচ্চতাৰ বায়ু পৰিশোধক গছ থকা উচিত বুলি ভাবো। এই ক্ষেত্ৰত পৰিৱেশ বিজ্ঞানীৰ পৰামৰ্শ লোৱা উচিত।

100

Lalit Saikia 6 বছৰ 11 হিচাপপূৰ্বে

অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো I অসমৰ মহাবিদ্যালয়ৰ স্নাতক মহলাত যদিও ‘পৰিবেশ অধ্যয়ন’ বিষয়টো আছে, প্ৰায়বোৰ মহাবিদ্যালয়ত সুকীয়া শিক্ষক নথকাত বিষয়টোৱে যথোপযুক্ত গুৰুত্ব পোৱা নাই আৰু বিশেষ লাভ হোৱা নাই ৷ গুৰুত্ব উপলব্ধি কৰি আৰু অসমত অৰ্হতা সম্পন্ন লোক থকালৈ লক্ষ্য ৰাখি পৰিবৰ্তনকামী চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক পৰিবেশ বিজ্ঞানৰ অৰ্হতা সম্পন্ন লোকক স্থায়ীভাৱে নিযুক্তি দিবলৈ বিনম্ৰ অনুৰোধ জনালো I

120

Kangkan Goswami 6 বছৰ 11 হিচাপপূৰ্বে

এজন সচেতন নাগৰিক হিচাপে দুটি পৰিৱেশ সম্পৰ্কীয় কথা জনাব বিচাৰিছো। আমাৰ বাছষ্টেণ্ড সমুহত প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা কৰিব লাগে। ঘাইপথৰ ডিভাইদাৰ বিলাকত নিমগছ ৰোপন কৰিলে বায়ু প্ৰদুষণ ৰোধত সহায়ক হব।

100

Supriya Singh 6 বছৰ 11 হিচাপপূৰ্বে

Firstly, I would recommend organizing awareness programs in private and government offices regarding the necessity of environment protection and how we can also contribute for a clean, green and safe environment.
Secondly, medicinal plants and trees such as neem, eucalyptus, bamboo shoots etc which can help in lowering down the concentration air pollutants up to some extent should be planted as much as possible.

300

Silgamchiy Shira 6 বছৰ 11 হিচাপপূৰ্বে

Being a student of earth science department . it is my appeal and humble request for the recruitment of qualified M.Sc environment science faculties on the permanent basis to teach the compulsory subject i.e environmental studies in the colleges and colleges should open the dept. of environmental science ... Because it is our responsibility to save our mother earth . .

370

Shasank Choudhury 6 বছৰ 11 হিচাপপূৰ্বে

Entrepreneurs can train villagers to build a bamboo dustbin at their home and put all the organic thrash on that dustbin and thereafter tranform the thrash in organic fertilisers. Swatch ghar and thereafter income genration through collection and processing of organic fertilisers from each village household.

Even vermi compost can be prepared through this idea. Clean your home and earn something out of it.

300

Snigdha Borah 6 বছৰ 11 হিচাপপূৰ্বে

I feel that whatever theme is picked if we all can resolve to follow it throughout the year will bring in lot of improvement in our perspective and actions. I also feel that not just planting trees but also grass seeding is necessary as they are good soil binders. Local communities should be encouraged in conserving the community forest lands and sacred grooves extensively.