You don't have javascript enabled. Please Enabled javascript for better performance.

৫ জুন বিশ্ব পৰিবেশ দিৱস উপলক্ষে আলোচনাৰ বিষয়বস্তু

Start Date: 19-05-2017
End Date: 05-06-2017

প্ৰতি বছৰে ৫ জুন তাৰিখে আমাৰ ধৰাখন ৰক্ষাৰ স্বাৰ্থত আৰু পৰিবেশ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰতি বছৰে ৫ জুন তাৰিখে আমাৰ ধৰাখন ৰক্ষাৰ স্বাৰ্থত আৰু পৰিবেশ সংক্ৰান্তীয় বিভিন্ন বিষয়বস্তু সন্দৰ্ভত সমগ্ৰ বিশ্বজুৰি এক সজাগতা সৃষ্টি কৰিবলৈ আটাইবোৰ দেশ একগোট হয়। ৰাষ্ট্ৰসংঘই পৰিবেশ সজাগতাৰ বাবে আৰম্ভ কৰা বিশ্ব পৰিবেশ দিৱসত প্ৰতিবছৰে ভিন্ন বিষয়বস্তু আলোচনাৰ বাবে নিৰ্ধাৰণ কৰা হয়। যোৱা চাৰিটা দশক ধৰি বিশ্ব পৰিবেশ দিৱসে বিভিন্ন পৰিবেশ সম্পৰ্কীয় সজাগতা যেনে জলবায়ু পৰিবৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ ওপৰত অধিক গুৰুত্ব দি আহিছে।

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰেও পৰিবেশ সজাগতাৰ লগতে ইয়াৰ সংৰক্ষণৰ ওপৰতো গুৰুত্ব দি আহিছে। এই ক্ষেত্ৰত অসম চৰকাৰে বহু পদক্ষেপ হাতত লৈছে। ইয়াৰ ভিতৰত বিদ্যালয় শিক্ষাত পৰিবেশ অধ্যয়ন, বনজ সম্পদ সংৰক্ষণ, গঁড় হত্যা ৰোধ, ৰাজ্যজুৰি গছপুলি ৰোপণ, এখন বহনক্ষম ধৰাৰ প্ৰতি সজাগতা বৃদ্ধি, ৰাজ্যৰ চহকী জৈৱ বৈচিত্ৰৰ সংৰক্ষণ আদিয়েই প্ৰধান।

৫ জুন বিশ্ব পৰিবেশ দিৱস উপলক্ষে অসম চৰকাৰে জনসাধাৰণৰ পৰা অসমক এখন সেউজ আৰু প্ৰদূষণমুক্ত ৰাজ্য হিচাবে গঢ়ি তুলিবৰ বাবে মতামত আৰু পৰামৰ্শ বিচাৰিছে।

যোগদানৰ অন্তিম তাৰিখ : ৫ জুন, ২০১৭

সকলো মন্তব্য
Reset
127 তথ্য পোৱা গ’ল
370

MUKUT CHANDRA BORKAKOTY 6 বছৰ 10 হিচাপপূৰ্বে

বৰ্তমান আমাৰ ৰাজ্যত বিভিন্ন সংগঠনে পথ অবৰোধ কৰি Tyre জ্বলাই পথ ধ্বংস কৰাৰ ওপৰিও বায়ুমণ্ডল প্ৰদূষিত কৰি আহিছে। এই ক্ষেত্ৰত চৰকাৰে শিথিল মনোভাৱ নলৈ দূস্কৃতিকাৰী তথা সংশ্লিষ্ট সংগঠনৰ নেতাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষা দিয়াটো প্ৰয়োজন।

370

MUKUT CHANDRA BORKAKOTY 6 বছৰ 10 হিচাপপূৰ্বে

পৰিৱেশৰ ওপৰত ভিত্তি কৰি নগৰ আৰু গাওঁ সমূহক Grade দিয়াৰ ব্যৱস্থা কৰিব লাগে । নিম্ন Grade লাভ কৰা নগৰ আৰু গাওঁ সমূহক পৰৱৰ্তী সময়ত উচ্চ Grade লাভ কৰিব পৰাকৈ উপযুক্ত কৰি তুলিব লাগে। পৰিৱেশ উন্নতিৰ ওপৰত ভিত্তি কৰি নগৰ আৰু গাওঁ সমূহৰ নাম সংবাদ মাধ্যম যোগ প্ৰচাৰ কৰি প্ৰথম তিনিটা স্থান প্ৰাপ্ত নগৰ আৰু গাওঁ সমূহক পুৰস্কৃত কৰিব লাগে।

370

MUKUT CHANDRA BORKAKOTY 6 বছৰ 10 হিচাপপূৰ্বে

পৰিৱেশ উন্নতিৰ আৰু জনসাধাৰণক সজাগ কৰাৰ বাবে নগৰ আৰু গাওঁ সমূহত নিকা ভাৱমূৰ্তিৰ নিস্বাৰ্থ সমাজকৰ্মীক লৈ একোখন অবৈতনিক সমিতি গঠন কৰাৰ কথাটো প্ৰয়োজন হ'লে বিবেচনা কৰি চাব পৰা যায়। একোখন ঠাইৰ পৰিৱেশ উন্নতিৰ সামগ্ৰিক দায়িত্ব চৰকাৰে এজন দ্বায়িত্বশীল ব্যক্তিৰ (যেনে:স্থানীয় বিধায়ক, উপায়ুক্ত বা মহকুমাধিপতি) ওপৰত ন্যস্ত কৰাৰ কথাটো চৰকাৰে বিবেচনা কৰি চাব পাৰে।

370

MUKUT CHANDRA BORKAKOTY 6 বছৰ 10 হিচাপপূৰ্বে

Polythene bag ৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰি তাৰ পৰিবৰ্তে Biodegradable bag ৰ প্ৰচলন কৰিব লাগে। উৎসৱ আদিত খাদ্য পৰিবেশনত Plastic, Thermocol আদিৰ দৰে Non biodegradable স্বাস্থ্যৰ বাবে হানিকাৰক সামগ্ৰীৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰিব লাগে।

370

MUKUT CHANDRA BORKAKOTY 6 বছৰ 10 হিচাপপূৰ্বে

বৰ্তমান Air Conditioner ৰ ব্যৱহাৰ বৃদ্ধি পাইছে । Air Conditioner এ বায়ুমণ্ডললৈ অধিক তাপ এৰি দিয়ে। বায়ুমণ্ডললৈ এৰি দিয়া তাপৰ মাত্ৰা কমোৱাৰ বাবে কিবা সজুলি থাকিলে তাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিব লাগে নতুবা তেনে বিশেষ সজুলিৰ উদ্ভাৱনৰ বাবে অসমৰ উদ্ভাৱক দুৰ্লভ ভৰালীদেৱৰ লগত আলোচনা কৰিব লাগে।

370

MUKUT CHANDRA BORKAKOTY 6 বছৰ 10 হিচাপপূৰ্বে

Loud Speaker ৰ ব্যৱহাৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কঠোৰ ভাৱে পালন কৰা উচিত। (অসমতকৈ মহাৰাষ্ট্ৰত সূৰ্য্যাস্ত এঘন্টা পলম হোৱা সত্বেও মহাৰাষ্ট্ৰ চৰকাৰ এই ক্ষেত্ৰত কঠোৰ)

370

MUKUT CHANDRA BORKAKOTY 6 বছৰ 10 হিচাপপূৰ্বে

বায়ুমণ্ডলত প্ৰদূষণৰ মাত্ৰা নিয়মিত পৰীক্ষা কৰি প্ৰদূষণৰ উৎস চিনাক্ত কৰি ইয়াৰ মাত্রা হ্ৰাস কৰাৰ বাবে কাৰ্য্যব্যৱস্হা হাতত লব লাগে।

370

MUKUT CHANDRA BORKAKOTY 6 বছৰ 10 হিচাপপূৰ্বে

যান-বাহনৰ প্ৰদূষণ নিয়মিত ভাৱে পৰীক্ষা কৰাটো চৰকাৰে বাধ্যতামূলক কৰিছে যদিও কিছুমান বাহনৰ পৰা অস্বাভাৱিক ধোঁৱা ওলোৱা দেখা যায়। এই ক্ষেত্ৰত সংশ্লিষ্ট চৰকাৰী বিষয়াই সতৰ্ক দৃষ্টি ৰাখি কঠোৰ ব্যৱস্থা লোৱাটো প্ৰয়োজনীয়। ইয়াৰ উপৰিও কম বয়সীয়া Bike চালকে বিশেষ ব্যৱস্থা কৰি Bike ৰ Silencer ৰ পৰা বিকট শব্দ উলিয়াই শব্দ প্ৰদূষণ কৰি পৰিৱেশ প্ৰদূষিত কৰে। যান-বাহন আৰক্ষীয়ে এনে দুস্কৃতিকাৰীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে।

370

MUKUT CHANDRA BORKAKOTY 6 বছৰ 10 হিচাপপূৰ্বে

ৰাজ্যত বনাঞ্চল বৃদ্ধি তথা অৰণ্যত শাকাহাৰী পশু-পক্ষীৰ খাদ্য পৰ্যাপ্ত হোৱাৰ উদ্দেশ্যে অসমৰ বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠানক চৰকাৰৰ তত্বাবধানত সংশ্লিষ্ট বিভাগে নিৰ্দিষ্ট কৰি দিয়া অঞ্চলত (নদীৰ চাপৰি, অৰণ্যৰ ভিতৰ ভাগ ইত্যাদি ) বিভিন্ন প্ৰজাতিৰ বৃক্ষ ৰোপন কৰিবলৈ আহ্বান জনালে চৰকাৰৰ অতিৰিক্ত খৰছ নোহোৱাকৈ অসমৰ বনাঞ্চল যথেষ্ট বৃদ্ধি পাব বুলি মনে ধৰে।

370

MUKUT CHANDRA BORKAKOTY 6 বছৰ 10 হিচাপপূৰ্বে

মৃতপ্ৰায় জলাশয় সমূহ পৰিষ্কাৰ কৰি আগ্ৰহী ব্যক্তিক মীন পালনৰ বাবে আবন্টন দিব লাগে। সমগ্র ৰাজ্যত প্ৰতি বছৰে যিমান সংখ্যক গছপুলি ৰোৱা হয় তাৰ অধিক সংখ্যকেই প্ৰতিপালনৰ অভাৱত মৰি যায়। গতিকে গছপুলি ৰোৱাৰ লগতে প্ৰতিপালন কৰাটোও সংশ্লিষ্ট অনুষ্ঠান প্ৰতি ষ্ঠানৰ দ্বায়িত্ব হোৱাটো উচিত।