You don't have javascript enabled. Please Enabled javascript for better performance.

৫ জুন বিশ্ব পৰিবেশ দিৱস উপলক্ষে আলোচনাৰ বিষয়বস্তু

Start Date: 19-05-2017
End Date: 05-06-2017

প্ৰতি বছৰে ৫ জুন তাৰিখে আমাৰ ধৰাখন ৰক্ষাৰ স্বাৰ্থত আৰু পৰিবেশ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰতি বছৰে ৫ জুন তাৰিখে আমাৰ ধৰাখন ৰক্ষাৰ স্বাৰ্থত আৰু পৰিবেশ সংক্ৰান্তীয় বিভিন্ন বিষয়বস্তু সন্দৰ্ভত সমগ্ৰ বিশ্বজুৰি এক সজাগতা সৃষ্টি কৰিবলৈ আটাইবোৰ দেশ একগোট হয়। ৰাষ্ট্ৰসংঘই পৰিবেশ সজাগতাৰ বাবে আৰম্ভ কৰা বিশ্ব পৰিবেশ দিৱসত প্ৰতিবছৰে ভিন্ন বিষয়বস্তু আলোচনাৰ বাবে নিৰ্ধাৰণ কৰা হয়। যোৱা চাৰিটা দশক ধৰি বিশ্ব পৰিবেশ দিৱসে বিভিন্ন পৰিবেশ সম্পৰ্কীয় সজাগতা যেনে জলবায়ু পৰিবৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ ওপৰত অধিক গুৰুত্ব দি আহিছে।

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰেও পৰিবেশ সজাগতাৰ লগতে ইয়াৰ সংৰক্ষণৰ ওপৰতো গুৰুত্ব দি আহিছে। এই ক্ষেত্ৰত অসম চৰকাৰে বহু পদক্ষেপ হাতত লৈছে। ইয়াৰ ভিতৰত বিদ্যালয় শিক্ষাত পৰিবেশ অধ্যয়ন, বনজ সম্পদ সংৰক্ষণ, গঁড় হত্যা ৰোধ, ৰাজ্যজুৰি গছপুলি ৰোপণ, এখন বহনক্ষম ধৰাৰ প্ৰতি সজাগতা বৃদ্ধি, ৰাজ্যৰ চহকী জৈৱ বৈচিত্ৰৰ সংৰক্ষণ আদিয়েই প্ৰধান।

৫ জুন বিশ্ব পৰিবেশ দিৱস উপলক্ষে অসম চৰকাৰে জনসাধাৰণৰ পৰা অসমক এখন সেউজ আৰু প্ৰদূষণমুক্ত ৰাজ্য হিচাবে গঢ়ি তুলিবৰ বাবে মতামত আৰু পৰামৰ্শ বিচাৰিছে।

যোগদানৰ অন্তিম তাৰিখ : ৫ জুন, ২০১৭

সকলো মন্তব্য
Reset
127 তথ্য পোৱা গ’ল
300

Himashree Bhattacharyya 6 বছৰ 10 হিচাপপূৰ্বে

1. Donot let people especially dignitaries plant irresponsibly on 5th June and forget about the plant sapling.Ensure plantation of only native plants.

2. Move from awareness to action for Swachh Bharat. Fine people throwing garbage and spitting in public places

3. Make it compulsory for all goverent officials to use public transport (bus, trains) twice a month

370

MUKUT CHANDRA BORKAKOTY 6 বছৰ 10 হিচাপপূৰ্বে

দূৰ্নীতিমুক্ত পৰিবেশৰ অবিহনে কোনো কাৰ্যসূচী সফল নহ'ব কাৰণ বিভিন্ন আইন দূৰ্নীতিপৰায়ন কৰ্মচাৰীয়ে নিজৰ ধন ঘটাৰ আহিলা হিচাবে ব্যৱহাৰ কৰে। চৰকাৰে অসমৰ পৰিৱেশ উন্নতিৰ বাবে ৰাইজক কেৱল আহ্বান জনোৱাতেই ক্ষান্ত নাথাকি আইন উলংঘা কৰা সকলক আইন অনুযায়ী শাস্তি প্ৰদান কৰিলেহে আমাৰ ৰাজ্যখনৰ পৰিৱেশৰ উন্নতি হব।

370

MUKUT CHANDRA BORKAKOTY 6 বছৰ 10 হিচাপপূৰ্বে

বিভিন্ন প্ৰকাৰৰ আবৰ্জনা (Biodegradable পেলনীয়া সামগ্ৰী, বৰ্জিত ৰাসায়নিক পদাৰ্থ , Fluorescent lamp, e-waste ইত্যাদি ) নিষ্কাশনৰ বাবে পৃথক পৃথক ব্যৱস্থা লোৱা উচিত। বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি পেলনীয়া খাদ্য পশু-পক্ষীয়ে ভক্ষন কৰি মৃত্যু মুখত পৰে। বিষাক্ত ৰাসায়নিক পদাৰ্থৰ অপকাৰিতাৰ বিষয়ে চৰকাৰে ৰাইজক প্ৰচাৰ মাধ্যমৰ দ্বাৰা সজাগ কৰা উচিত। ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সম্বন্ধীয় জ্ঞান দিয়াৰ লগতে বিষাক্ত পদাৰ্থ সমূহে আমাৰ স্বাস্থ্যৰ ওপৰত কেনেধৰণে প্ৰভাৱ পেলাই সেইবিষয়ে সজাগ কৰিব লাগে।

370

MUKUT CHANDRA BORKAKOTY 6 বছৰ 10 হিচাপপূৰ্বে

ব্যক্তিগত পৰিবহন আস্থানৰ সমীপত আৰু নগৰৰ জনসমাগম হোৱা অঞ্চলত সুলভ শৌচালয় বা আন স্বাস্থ্যসন্মত প্ৰসাৱগাৰ আৰু শৌচালয় স্থাপন কৰিব লাগে। ব্যৱহাৰযোগ্য প্ৰসাৱগাৰ আৰু শৌচালয় থকা সত্বেও মুকলি ঠাইত মল মূত্ৰ ত্যাগ কৰাসকলক জৰিমনা বিহা উচিত।
কাৰ্য্যলয়, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৰাজহুৱা স্থানত CCTV স্থাপন কৰি পৰিৱেশ বিনস্ত কৰা(যিকোনো ঠাইত আবৰ্জনা পেলোৱা, তামোল খাই পিক পেলোৱা ইত্যাদি ) ব্যক্তিক জৰিমনা বিহা উচিত।