You don't have javascript enabled. Please Enabled javascript for better performance.

কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শৰ বাবে MyGov Assam লৈ প্ৰশ্ন প্ৰেৰণৰ আহ্বান

Start Date: 19-07-2018
End Date: 31-07-2021

একবিংশ শতিকা হৈছে শিক্ষাৰ ক্ষেত্ৰত ন ন কেৰিয়াৰ উদ্ভাৱন আৰু ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

একবিংশ শতিকা হৈছে শিক্ষাৰ ক্ষেত্ৰত ন ন কেৰিয়াৰ উদ্ভাৱন আৰু শিক্ষাগ্ৰহণৰ এক নতুন সময়। সময়ৰ লগে লগে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পৰম্পৰাগত বিষয়বস্তুৰ বাহিৰেও নতুন নতুন কেৰিয়াৰৰ বাট মুকলি হৈছে। যদিও ছাত্ৰ-ছাত্ৰী সকলে নিজা প্ৰিয় বিষয়বস্তু সমূহত অধ্যয়নৰ পোষকতা কৰে তথাপি মাজে সময়ে বিভিন্ন কেৰিয়াৰ সম্পৰ্কে মনত এক খু-দুৱনি থাকি যায়। এই খু-দুৱনিবোৰে ছাত্ৰ-ছাত্ৰীসকলৰ মনত এক অনিশ্চয়তাৰ ভাৱ জগাই কৰি তোলে যিয়ে ভৱিষ্যতৰ বিভিন্ন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলায়।
সময় এতিয়া নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ। ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এক ব্যস্ততাৰ সময়, সঠিক সময়ত সঠিক কেৰিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ। ছাত্ৰ-ছাত্ৰী সকলক সহায়ৰ হাত আগবঢ়াই এক সঠিক কেৰিয়াৰ সিদ্ধান্ত লোৱাত সহায় কৰিবলৈ জনতাৰ চৰকাৰ MyGov Assam য়ে ছাত্ৰ ছাত্ৰী সকলৰ পৰা বিচাৰিছে যিকোনো ধৰণৰ কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্ন। এই প্ৰশ্ন সমূহৰ উত্তৰ দিব বিভিন্ন ক্ষেত্ৰৰ আমাৰ কেৰিয়াৰ বিশেষজ্ঞ সকলে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে সঠিক পৰামৰ্শ লাভৰ জৰিয়তে কেৰিয়াৰৰ ক্ষেত্ৰখনত সফলতা লাভ কৰিব বুলি আমি দৃঢ়বিশ্বাসী। ছাত্ৰ-ছাত্ৰী সকলে কেৰিয়াৰ সম্পৰ্কীয় যিকোনো প্ৰশ্ন আমালৈ লিখি পঠিয়াব পাৰে তলৰ মন্তব্য শিতানত।

সকলো মন্তব্য
Reset
96 তথ্য পোৱা গ’ল
2290

Manoj kumar pathori 7 বছৰ 3 সপ্তাহ পূৰ্বে

Sir So many students from Assam are persuing Energy/Renewable Energy Engineering but they are sitting idle. If our Govt recruited them for Wind /Solar Energy as there is maximum needs in these field for continuation of power supply to Assam.Many state of India are already entered in renewable sector with the help of Central Govt.

4200

Munin khanikor 7 বছৰ 3 সপ্তাহ পূৰ্বে

নমস্কাৰ,
মই অসমীয়া বিষয়ক সন্মান হিচাপে লৈ এইবাৰ সাধাৰণভাৱে স্নাতক ডিগ্ৰী লাভ কৰিলো৷
এতিয়া পৰৱৰ্তী পদক্ষেপ হিচাপে উদ্যোগিক প্ৰশিক্ষণ অনুষ্ঠানত নামভৰ্তিৰ বাবে আবেদন কৰিছো৷

যদিহে তাত উত্তীৰ্ণ নহওঁ, তেতিয়া মই কি কৰাটো উচিত বা কি কৰিলে মই সুফল লাভ কৰিব পাৰিম?

100

Ananta Sharma 7 বছৰ 4 সপ্তাহ পূৰ্বে

H.S. পাছ কৰি মই B.A. ASSAMESE MAJOR লৈ এই বাৰ নাম ভৰ্তি কৰিছো মই এই বিভাগত গ'লে কোন পৰ্য্যায় পামগৈ আৰু সম্পূৰ্ণ ৰূপে জীৱনত সফল হবলৈ হ'লে কি কি পদক্ষেপ ল'ব লাগিব । জীৱনত কিবা সংস্থাপন পামনে। তদুপৰি মই নতুন CSCৰ কাৰণে আবেদন কৰিছো।

  •