You don't have javascript enabled. Please Enabled javascript for better performance.

এইবেলিৰ দীপান্বিতা আপুনি কেনেদৰে উদযাপন কৰিব?

Start Date: 23-10-2019
End Date: 20-11-2020

ভাৰতীয় ঐতিহ্য আাৰু পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ উৎসৱ হ’ল - দীপান্বিতা। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ভাৰতীয় ঐতিহ্য আাৰু পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ উৎসৱ হ’ল - দীপান্বিতা। বহু শতিকাজুৰি চলি অহা এই পোহৰৰ উৎসৱে দেশক দিয়ে এক অনন্য পৰিচয়। দেশৰ লগতে বিদেশৰো বহু প্ৰান্তত এই পোহৰ আৰু আনন্দৰ উৎসৱ উলহ মালহেৰে পালন কৰা হয়।

কিন্তু এই উৎসৱৰ লগতে সঘনাই চৰ্চিত হৈ থকা বিষয়টো হ’ল বায়ু আৰু শব্দ প্ৰদূষণৰ অত্যধিক মাত্ৰা। পৰিৱেশ প্ৰদূষণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন নীতি-নিৰ্দেশনা জাৰী কৰিছে যদিও ইয়াৰ প্ৰতি জন সচেতনতাৰ অভাৱ হোৱা পৰিলক্ষিত হয়। ইয়াৰ লগতে বিভিন্ন সময়ত দীপান্বিতাকে ধৰি অন্যান্য উৎসৱ পাৰ্বনত ফটকা ফুটুৱা আৰু পৰিৱেশ প্ৰদূষণৰ দিশটোক লৈ বিভিন্ন বিতৰ্কৰ সূচনা হোৱা দেখা যায়। এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনে? এইবাৰৰ দীপান্বিতা আপুনি কেনেদৰে উদযাপন কৰাৰ পৰিকল্পনা কৰিছে? আপোনাৰ অনুভৱ আমালৈ প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য আকাৰে।

আপোনাকে ধৰি পৰিয়ালৰ সকলোলৈকে দীপান্বিতাৰ আন্তৰিক শুভকামনা যাঁচিলো।

সকলো মন্তব্য
Reset
38 তথ্য পোৱা গ’ল

Apan Chowdhury 6 বছৰ 3 হিচাপপূৰ্বে

দিপাবলি হল পোহৰৰ উৎসৱ আমি সৰুৰে পৰা জানি আহিছোঁ এইবাৰ দিপাবলিত আমি প্ৰন কৰিছোঁ যে আমি কোনোধৰণৰ উচ্চ ধ্বনি ৰ আতস বাজিৰ পৰা আঁতৰি থাকিম আৰু লগতে যিটো ধনৰে আমি আত্স বাজি কিনিব লগা আছিলোঁ সেটো ধ্ণৰে আমি দুখীয়া মানুহ কেটাইক খোবা বস্তু খুৱাম তাতে দুখীয়া মানুহ কেইটাৰ ও দিপাবলী ভাল হব আৰু লগতে আমাৰ পৰিবেশ প্ৰদূষণৰ পৰা আঁতৰি থাকিব আমি সেইদৰে দিপাবালি উৎযাপন কৰিম বুলি ভাবিছোঁ

Navajit phukan 6 বছৰ 3 হিচাপপূৰ্বে

দিপাৱলী যে আনন্দৰ উৎসব ইয়াত কোনো সন্দেহ নাই। সকলোৱে কই বা কাগজপত্রত লিখে আমি কোনো ধৰণৰ আতশবাজি কৰি দীপান্বিতা উদযাপন কৰিব নালাগে। কিন্তু প্রকৃততে এনে কোনো কাম আমি দেখিবলৈ নাপাও। মই গুৱাহাটীত ২০১৪ ৰ পৰা ২০১৬ লৈকে পঢ়ি থকা সময়ত তাৰ দিপাৱলী উদযাপন কৰা ওচৰৰ পৰা দেখিছো। চাৰিওফালে আতশবাজি, কোলাহল, আদিৰ পৰিবেশ। আচলতে আমি মনৰ পৰা সংকলপ লৱ লাগিব, তেতিয়াহে আমাৰ চাৰিওফালে পৰিবেশ সুন্দৰ হব।

Sunil Bora 6 বছৰ 3 হিচাপপূৰ্বে

দীপান্বিতাত মোৰ পৰিয়ালে মাটিৰ চাকিত মিঠাতেল দি জলাম | কোনোধৰনৰ আতচ্ বাজী ব্যৱহাৰ নকৰো | বহুবছৰ আমি এনেদৰে পালন কৰি আহিছো আৰু গাঁৱৰ মানুহকো অনুৰোধ জনাম যাতে শব্দ প্ৰদূষণ নোহোৱাকৈ আৰু বায়ু প্ৰদূষণো হ্ৰাস কৰি পৰিৱেশ হিতৈষী ভাৱে পোহৰৰ উত্ সৱটি উদযাপন কৰে

Parag kumar bhattacharyya 6 বছৰ 3 হিচাপপূৰ্বে

আমি সৰুৰে পৰা মাটিৰ চাকিৰে দীপাৱলি পালন কৰি আহিছো। এইবাৰো মাটিৰ চাকিৰে এক প্ৰদূষণ মুক্ত দীপাৱলি পালন কৰিম ।

Nipan Goswami 6 বছৰ 3 হিচাপপূৰ্বে

সৰুৰে পৰা আমাৰ ঘৰত মাটিৰ চাকিৰে দেৱালী পালন কৰা হয় ৷ মাজতে ফটকা ইলেকট্ৰিক লাইট আদিৰ ব্যাৱহাৰ কৰিছিলো ৷ কিন্তু জনা হোৱাৰ পৰা পৰিৱেশ প্ৰদূষণ কাৰী সামগ্ৰীবোৰ আৰু বিজুলী বচোৱাৰ বাবে একমাত্ৰ মাটিৰ চাকি আৰু সৰিয়হৰ তেল ব্যাৱহাৰ কৰা যায় ৷ এইবাৰো ঘৰৰ মন্দিৰত শৰাই দি কেৱল মাটিৰ চাকিৰে দেৱালী পালন কৰা হব ৷

  •