You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ ক’ভিড জয়ৰ কাহিনী

Start Date: 17-05-2021
End Date: 30-06-2021

সমগ্ৰ বিশ্বৰ লগতে বৰ্তমান ভাৰতবৰ্ষই ক’ভিড ১৯ মহামাৰীৰ সৈতে যুঁজি ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
আপোনাৰ ক’ভিড জয়ৰ কাহিনী

সমগ্ৰ বিশ্বৰ লগতে বৰ্তমান ভাৰতবৰ্ষই ক’ভিড ১৯ মহামাৰীৰ সৈতে যুঁজি আছে। এক জটিল পৰিস্থিতিৰ মাজেৰে আমি মহামাৰীৰ বিৰুদ্ধে সাহসেৰে মোকাবিলা কৰি গৈ আছো। এই সংকটকালীন সময়ত আমাৰ মানসিক স্বাস্থ্যক সৱল কৰি ৰাখিবৰ বাবে অনুপ্ৰেৰণামূলক কাহিনী আৰু ক’ভিডকালীন সময়ৰ ইতিবাচক দিশসমূহ জনসাধাৰণৰ মাজলৈ উলিয়াই অনাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

বহুলোক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে, আন বহুতো লোক আছে যি ক’ভিড জয় কৰি স্বাভাৱিক জীৱনলৈ উভতি আহিছে। যদি আপুনি এজন ক’ভিডজয়ী ৰোগী, আপোনাৰ এই যুঁজত জয় হোৱাৰ অনুপ্ৰেৰণামূলক কাহিনী আমালৈ প্ৰেৰণ কৰক। আপোনাৰ এই জয়ৰ কাহিনীয়ে কঠিন সময়ৰ মাজেৰে অতিবাহিত কৰি থকা সহস্ৰজনৰ মনত আশা তথা অনুপ্ৰেৰণাৰ এক নতুন আলোকৰ সঞ্চাৰ ঘটাব পাৰে।
মাই গভ অসমৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জৰিয়তে ফটো/ভিডিঅ'ৰ সৈতে আপোনাৰ কাহিনী আমালৈ প্ৰেৰণ কৰক, আপোনাৰ পোষ্টত আমাক টেগ কৰক অথবা তলত মন্তব্য আকাৰে আপোনাৰ লেখা আমালৈ প্ৰেৰণ কৰক।

সকলো মন্তব্য
Reset
11 তথ্য পোৱা গ’ল

MRITYUNJOY KALITA 4 বছৰ 3 হিচাপপূৰ্বে

( *continuation*) নিজৰ ওপৰত, আৰু নিষ্ঠাবান চিকিৎসক সকলৰ ওপৰত। 4 দিন মূৰত জেনেৰেল অৰ্থ ৱাৰ্ড ত শ্বিফ্ট হলো, বেদ no 124, তাতেও সিমানেই ব্যৱস্থা, ইমান ৰোগীৰ মাজত থাকিও প্ৰত্যেক জনেই নিজৰ কাম কৰি গল, মইও ক্ৰমান্বয়ে সুস্থ হব ধৰিলোঁ, নিজৰ ৱাৰ্ড ৰ বৃদ্ধ মানুহক সহায় কৰিলোঁ, উৎসাহ দিলোঁ, শেষত যোৱা কালি দুপৰীয়া ঘৰ পালো, চিকিৎসকৰ নিয়ম মানি 7 দিন আকৌ isolate হৈ আছোঁ। লিখিম আৰু পাছত। ধন্যবাদ।

MRITYUNJOY KALITA 4 বছৰ 3 হিচাপপূৰ্বে

নমস্কাৰ লব, মই 6 মে ত COVID positive হৈছিলোঁ, home isolation ত আছিলোঁ 5 দিন মান, হঠাৎ 11 মে ৰাতিপুৱা, মোৰ oxygen saturation কমি গল, 74% only, উপায় বিহীন হৈ, 108 ত কল কৰি, GMC গৈ ওলালোঁ, গৈয়েই তাত বেদ এখন পালো, emargency ত, তাৰ পাছত 5 ঘণ্টা ৰ ভিতৰত ICU বেদ এখন (C-12) পালো, 4 দিন ICU ত মানসিক ভাৱে সবল হৈ, যুজঁ দি গলো, আপোনাৰ ডক্টৰ, nurse ৱাৰ্ড বয় সকলোৰে একান্ত নিষ্ঠাবান কৰ্মৰাজিয়ে মোক যথেষ্ট সাহস দিছিল, কাষৰ বিছনাৰ ৰোগী সকল এজনৰ পাছত এজন মৃত্যু হোৱাটো ভাঙি পৰা নাছিলো, বিশ্বাস আছিল আপোনাৰ ওপৰত, নিজ

SajidulIslam 4 বছৰ 3 হিচাপপূৰ্বে

COVID-19 ৰ বিৰুদ্ধে জয়ী লাভ কৰাৰ ভিতৰত ময়ো এজন হ'লো।

প্ৰভুৰ অশেষ কৃপা আৰু আপোনালোকৰ প্ৰাৰ্থনাৰ বাবে ১৭ দিন Home Quarantine থকাৰ পাছত আজি COVID-19 ঋণাত্মক হ'লো। সকলোলৈ অন্তৰৰ পৰা অশেষ ধন্যবাদ জনালো। আজি আমি খুবেই আনন্দিত। চৰকাৰৰ নিৰ্দেশনা মানি চলক, নিজে সুস্থ থাকক; আনকো সুস্থ কৰি তুলক।

PRANAB PATHAK 4 বছৰ 3 হিচাপপূৰ্বে

মই কোভিদ জয় কৰিলো । আপুনিও পাৰিব । সকলোকে এটাই আহ্বান - আহক এই জটিল সময়ত সকলোৱে এই মহামাৰীৰ বিৰুদ্ধে মাৰবান্ধি যুঁজ দিও ৷ চৰকাৰে বান্ধি দিয়া নিয়মবোৰ পালন কৰক ৷ ঘৰত থাকক সুস্হ থাকক ।

Rohid Al Faruk 4 বছৰ 3 হিচাপপূৰ্বে

সকলোকে এটাই আহ্বান - আহক এই জটিল সময়ত সকলোৱে এই মহামাৰীৰ বিৰোদ্ধে মাৰবান্ধি যুঁজ দিও ৷ চৰকাৰে বান্ধি দিয়া নিয়মবোৰ পালন কৰক ৷ ঘৰৰ পৰা অনাহকত বাহিৰ নোলাব ৷ সজাগতা আৰু সতৰ্কতাই হ'ল আমাৰ প্ৰধান অস্ত্ৰ ৷
গতিকে Vaccination কৰক নিজে বাছক আনকো বচাবলৈ চেষ্টা কৰক|
#maintain social distance
#please do vaccination
জয় আই অসম

Krishna Sharma 4 বছৰ 3 হিচাপপূৰ্বে

মই মুম্বাইত গৈছিলো কাম কৰিবলৈ তাত তিনি মাহ মান কাম কৰা পাছত কৰোনাত আক্ৰান্ত হলো আৰু চিকিৎসালয় গৈ ভাল হৈ ঘৰলৈ ঘুৰি আহিলো ,আহোতে ট্ৰেইন ,বাছ ,flight সকলো বন্ধ আছিল ,চাইকেল চলাই আহিলো।মোৰ ঘৰ তিনিচুকীয়া জাগুন ,৬/৭মাহ মান হল ঠিকেই আছো।