You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ ক’ভিড জয়ৰ কাহিনী

Start Date: 17-05-2021
End Date: 30-06-2021

সমগ্ৰ বিশ্বৰ লগতে বৰ্তমান ভাৰতবৰ্ষই ক’ভিড ১৯ মহামাৰীৰ সৈতে যুঁজি ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
আপোনাৰ ক’ভিড জয়ৰ কাহিনী

সমগ্ৰ বিশ্বৰ লগতে বৰ্তমান ভাৰতবৰ্ষই ক’ভিড ১৯ মহামাৰীৰ সৈতে যুঁজি আছে। এক জটিল পৰিস্থিতিৰ মাজেৰে আমি মহামাৰীৰ বিৰুদ্ধে সাহসেৰে মোকাবিলা কৰি গৈ আছো। এই সংকটকালীন সময়ত আমাৰ মানসিক স্বাস্থ্যক সৱল কৰি ৰাখিবৰ বাবে অনুপ্ৰেৰণামূলক কাহিনী আৰু ক’ভিডকালীন সময়ৰ ইতিবাচক দিশসমূহ জনসাধাৰণৰ মাজলৈ উলিয়াই অনাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

বহুলোক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে, আন বহুতো লোক আছে যি ক’ভিড জয় কৰি স্বাভাৱিক জীৱনলৈ উভতি আহিছে। যদি আপুনি এজন ক’ভিডজয়ী ৰোগী, আপোনাৰ এই যুঁজত জয় হোৱাৰ অনুপ্ৰেৰণামূলক কাহিনী আমালৈ প্ৰেৰণ কৰক। আপোনাৰ এই জয়ৰ কাহিনীয়ে কঠিন সময়ৰ মাজেৰে অতিবাহিত কৰি থকা সহস্ৰজনৰ মনত আশা তথা অনুপ্ৰেৰণাৰ এক নতুন আলোকৰ সঞ্চাৰ ঘটাব পাৰে।
মাই গভ অসমৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জৰিয়তে ফটো/ভিডিঅ'ৰ সৈতে আপোনাৰ কাহিনী আমালৈ প্ৰেৰণ কৰক, আপোনাৰ পোষ্টত আমাক টেগ কৰক অথবা তলত মন্তব্য আকাৰে আপোনাৰ লেখা আমালৈ প্ৰেৰণ কৰক।

সকলো মন্তব্য
Reset
11 তথ্য পোৱা গ’ল
3200

Himangshu Ranjan Bhuyan 2 বছৰ 11 হিচাপপূৰ্বে

যোৱা ছেপ্তেম্বৰ মাহৰ ১ তাৰিখে মই ক'ভিদ ত আক্ৰান্ত হৈছিলো ৷ আক্ৰান্ত হোৱাৰ ১৪ দিনলৈকে চিকিৎসকৰ পৰামৰ্শমতে নিজৰ ঘৰতে হ'ম আইচ'লেছন ত আছিলো ৷ অতি সতৰ্কতা আৰু সাৱধানতাৰে লাহে লাহে ক'ভিদৰ পৰা মুক্ত হ'লো ৷ বৰ্তমান ক'ভিদৰ প্ৰথম পালি প্ৰতিষেধকো গ্ৰহণ কৰিলো ৷
সকলোকে এটাই আহ্বান - আহক এই জটিল সময়ত সকলোৱে এই মহামাৰীৰ বিৰোদ্ধে মাৰবান্ধি যুঁজ দিও ৷ চৰকাৰে বান্ধি দিয়া নিয়মবোৰ পালন কৰক ৷ ঘৰৰ পৰা অনাহকত বাহিৰ নোলাব ৷ সজাগতা আৰু সতৰ্কতাই হ'ল আমাৰ প্ৰধান অস্ত্ৰ ৷ - হিমাংশু ৰঞ্জন ভূঞা, যুৱলেখক, জামুগুৰিহাট

  •