You don't have javascript enabled. Please Enabled javascript for better performance.

Share a Selfie with the tree planted last year on Van Mahotsav, 2017

Start Date: 02-07-2018
End Date: 31-07-2018

২০১৭ বৰ্ষত ৬৮ তম বন মহোৎসৱ উপলক্ষে আয়োজন কৰা চেলফি প্ৰতিযোগিতাত অংশ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

২০১৭ বৰ্ষত ৬৮ তম বন মহোৎসৱ উপলক্ষে আয়োজন কৰা চেলফি প্ৰতিযোগিতাত অংশ লোৱা প্ৰতিগৰাকী প্ৰতিযোগীক জনতাৰ চৰকাৰ MyGov Assam-ৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। এই প্ৰতিযোগিতাত অংশ লোৱা প্ৰতিযোগীসকলে নিজে ৰোপণ কৰা গছ পুলিটোৰ সৈতে এখন চেলফি তুলি আমালৈ প্ৰেৰণ কৰাৰ লগতে সেই পুলিটোৰ প্ৰতিপালনৰ সংকল্প গ্ৰহণ কৰিছিল। এইবাৰ অৰ্থাৎ ২০১৮ বৰ্ষত অহা ১ জুলাইৰ পৰা ৭ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া বন মহোৎসৱ উপলক্ষে বিগত বৰ্ষটোত প্ৰতিযোগীসকলে ৰোপণ কৰা গছ পুলিটোৰ সৈতে চেলফি তুলি জনতাৰ চৰকাৰ MyGov Assam লৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।

প্ৰতিপালনৰ দিশৰ পৰা শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত চেলফিৰ বাবে প্ৰমাণ পত্ৰ আগবঢ়োৱা হ’ব।

চৰ্তাৱলী:

১. প্ৰতিযোগীসকলে নতুনকৈ তোলা চেলফিখনৰ লগতে বিগত বৰ্ষত তোলা চেলফিখনো গাঁঠি দিব লাগিব।
২. বিগত বৰ্ষত ৰোপণ কৰা গছপুলিটোৰ লগতহে চেলফি উঠাটো বাধ্যতামূলক।
৩. ভুৱা চেলফি প্ৰেৰণ কৰা প্ৰতিযোগীসকলৰ যোগ্যতা বাতিল কৰা হ’ব।
৪. গছ পুলিটো ৰোপণ কৰা ঠাইৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক।
৫. চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে MyGov Assam-ৰ প্ৰতিনিধিয়ে পুলি ৰোপণৰ ঠাই নিৰীক্ষণ কৰিব।
৬. নিৰ্দিষ্ট সময়ৰ অন্তৰালত গছপুলিটো MyGov Assam-ৰ ফালৰ পৰা নিৰীক্ষণ কৰা হ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 6) অনুমোদিত অৱদানসমূহ (6) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল