You don't have javascript enabled. Please Enabled javascript for better performance.

জৈৱ-বৈচিত্ৰতাৰ সংৰক্ষণৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 22-05-2018
Start Date: 10-06-2019

পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে জৈৱ বৈচিত্ৰতাৰ সংৰক্ষণ এতিয়া এক ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে জৈৱ বৈচিত্ৰতাৰ সংৰক্ষণ এতিয়া এক সময়ৰ আহ্বান। চকুৰে মনিব নোৱাৰা সূক্ষ্ম জীৱৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰাণী, উদ্ভিদ আৰু আমাৰ পৰিৱেশতন্ত্ৰৰ সমষ্টিয়েই হৈছে জৈৱ-বৈচিত্ৰতা। ক্ৰমান্বয়ে বাঢ়ি অহা জনসংখ্যা, পৰিৱেশ প্ৰদূষণ, প্ৰাকৃতিক সম্পদ ধ্বংস, গোলকীয় উষ্ণতা বৃদ্ধি আদিয়ে পৰিবেশ ভাৰসাম্যতা ৰক্ষাত বিৰূপ প্ৰভাৱ পেলাইছে।

প্ৰায় ২৮৪ বিধ উদ্ভিদ ঘোৰ সংকটজনক (critically endangered), ১৪৯ বিধ প্ৰজাতি বিপন্ন (endangered), ৫৮ বিধ প্ৰজাতি অসুৰক্ষিত (vulnerable) আৰু ১৩ বিধ প্ৰজাতি সংকটাসন্ন (near threatened) হিচাবে চিহ্নিত কৰা হৈছে। অসমৰ চহকী জৈৱ বৈচিত্ৰলৈও আহিছে ভাবুকি, যাৰ ফলত বহু প্ৰজাতিৰ জীৱৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাই আহিছে।

জৈৱ-বৈচিত্ৰতাৰ বহনক্ষম ধাৰাটোক অটুট ৰাখিবলৈ আৰু জীৱকুলক ৰক্ষা কৰিবলৈ আমি সকলোৱে পৰিৱেশৰ প্ৰতি সজাগ হোৱাটো খুবেই প্ৰয়োজন।
আমাৰ চহকী জৈৱ বৈচিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত মাই গভ্‍ অসমে অসমৰ ৰাইজৰ পৰা বিচাৰিছে বিভিন্ন দিহা –পৰামৰ্শ।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
380

Dhrubajyoti Kalita 1 বছৰ 7 হিচাপপূৰ্বে

১) স্থানীয় পৰিৱেশত পোৱা সম্পদসমূহ বহনক্ষমভাবে ব্যৱহাৰ কৰি অসমত মানুহে গঢ়ি তুলিব পৰা বৃত্তিবোৰৰ চিনাক্ত কৰাৰ লগতে সেই বিষয়ে জনসাধাৰণক অৱগত কৰাব লাগে।
২) জীৱ বৈচিত্ৰৰ ক্ষতিৰ পৰা ভৱিষ্যতে ঘটিব পৰা দুৰ্যোগবোৰৰ বিষয়ে জনসাধাৰণক স্পষ্ট আৰু বিশদভাবে অৱগত কৰাব লাগে।
৩) স্থানীয় পৰ্যায়ত জীৱবৈচিত্ৰ্যৰ প্ৰতিপালন আৰু উন্নয়নৰ প্ৰাথমিক ব্যৱস্থাবোৰৰ বিষয়ে ৰাজহুৱা কৰ্মী গোট গঠন কৰাৰ লগতে প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে।