You don't have javascript enabled. Please Enabled javascript for better performance.

থলুৱা খাদ্যসম্ভাৰৰ ৰন্ধন প্ৰণালী প্ৰেৰণ কৰক মাই গভ অসমলৈ

Start Date: 10-03-2021
End Date: 10-04-2021

থলুৱা খাদ্য সম্ভাৰত অতিকৈ চহকী অসম। বিভিন্ন জাতি- জনগোষ্ঠীৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

থলুৱা খাদ্য সম্ভাৰত অতিকৈ চহকী অসম। বিভিন্ন জাতি- জনগোষ্ঠীৰ মিলনভূমি অসমত যিদৰে বাৰেবৰণীয়া সাংস্কৃতিক পৰম্পৰা বিৰাজমান ঠিক সেইদৰে বিভিন্ন প্ৰচলিত খাদ্যাভাসেও চহকী কৰি তোলে অসমৰ সাংস্কৃতিক ঐতিহ্যক। বিভিন্ন থলুৱা তথা জনগোষ্ঠীয় খাদ্যসম্ভাৰে অসমক দিছে এক অনন্য পৰিচয়।

পৰম্পৰাগত খাদ্যসমূহে বৰ্তমান আমাৰ মাজত খুবেই জনপ্ৰিয়তা অৰ্জন কৰিছে। আমি ঘৰতো এই খাদ্যসম্ভাৰ প্ৰয়োজনীয় উপকৰণৰ দ্বাৰা প্ৰস্তুত কৰি ল’ব পাৰো। অসমৰ সমাজ জীৱনৰ বিভিন্ন পৰম্পৰাগত খাদ্যসম্ভাৰ প্ৰস্তুত কৰি যদি আপুনি ভাল পায়, তেন্তে আমালৈ প্ৰেৰণ কৰক খাদ্যসম্ভাৰৰ ফটোৰে সৈতে আপোনাৰ ৰন্ধন প্ৰণালী।

নিৰ্বাচিত ১০ টা ৰন্ধন প্ৰণালীক মাই গভ অসমৰ সামাজিক মাধ্যম সমূহত প্ৰকাশ কৰা হ’ব আৰু আগবঢ়োৱা হ’ব একোখনকৈ প্ৰশংসা পত্ৰ।

যোগদানৰ অন্তিম তাৰিখ ১০ জুন

নাম, যোগাযোগ নম্বৰ সহ খাদ্যসম্ভাৰৰ ফটো আৰু ৰন্ধন প্ৰণালী তলত মন্তব্য আকাৰে প্ৰেৰণ কৰিব পাৰে।

নিয়মাৱলীঃ
• এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব
• প্ৰস্তুত কৰা খাদ্যসম্ভাৰৰ ফটো নিজে তোলাটো বাঞ্চনীয়
• প্ৰেৰকৰ নাম, ঠিকনা, যোগাযোগ নম্বৰ থকাটো বাধ্যতামূলক।
• এগৰাকী প্ৰতিযোগীয়ে কেইবাটাও ৰন্ধন প্ৰণালী পঠিয়াব পাৰিব।
• প্ৰস্তুত কৰা খাদ্য সম্ভাৰৰ চমু বিৱৰণ থকাটো বাধ্যতামূলক। লগতে থলুৱা উপকৰণ সমূহৰ নাম উল্লেখ থকাটো প্ৰয়োজনীয়।
• আনৰ পৰা বিনা অনুমতিত প্ৰেৰণ কৰা ৰন্ধন প্ৰণালী আৰু ফটো গ্ৰহণযোগ্য নহ’ব।
• বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 51) অনুমোদিত অৱদানসমূহ (40) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (11) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল
83430

Soorya Devaraju 3 বছৰ 10 হিচাপপূৰ্বে

Assam is known for Assam tea and Assam silk. The state was the first site for oil drilling in Asia.
Aloo Pitika is a simple side dish accompanied to riceand dal. A soul food in its truest sense, aloo pitika is loved by all of Assam. It is essentially mashed potatoes with mustard oil, onion, coriander and salt.Pitha is one of the most popular sweet dishes of Assam.Food has been a universal connection between people for a really long time now. 
Assam is famous for its distinct flavoringinfluenc