- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
‘মিছন বসুন্ধৰা’ৰ বাবে ল’গ’ ডিজাইন প্ৰতিযোগিতা
সকলো ধৰণৰ জটিলতা আঁতৰকৰণেৰে ৰাইজৰ ভূমি সমস্যাসমূহ নিষ্পত্তিকৰণ ...

সকলো ধৰণৰ জটিলতা আঁতৰকৰণেৰে ৰাইজৰ ভূমি সমস্যাসমূহ নিষ্পত্তিকৰণ তথা অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সেৱাসমূহ জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ লক্ষ্যৰে বিভাগটোৰ অধীনত অসম চৰকাৰে গ্ৰহণ কৰিছে ‘মিছন বসুন্ধৰা’ নামেৰে এক অভিলাষী আঁচনি। জনসাধাৰণে চৰকাৰী কাৰ্যালয়লৈ অহা-যোৱা নকৰাকৈ অধিকাংশ সমস্যা প’ৰ্টেলৰ জৰিয়তে সমাধান কৰাৰ পোষকতাৰে গ্ৰহণ কৰা এই আঁচনিখন অহা ২ অক্টোবৰ,২০২১ তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব।
এই আঁচনিৰ অধীনত সাঙুৰি লোৱা সেৱাসমূহ হ’ল –
• ভূমি নথিৰ সংশোধন আৰু উন্নীতকৰণ
• অনা-জৰীপ গাঁৱৰ জৰীপ ব্যৱস্থা
• জৰীপকৃত গাঁৱৰ পুন:জৰীপ ব্যৱস্থা
অসম চৰকাৰৰ দুৰ্যোগ আৰু ব্যৱস্থাপনা বিভাগে মাই গভ্ অসমৰ সহযোগত ‘মিছন বসুন্ধৰা’ৰ বাবে এক ল’গ’ ডিজাইন প্ৰতিযোগিতা আয়োজন কৰিছে।
শ্ৰেষ্ঠ হিচাপে নিৰ্বাচিত ল’গ’টো ’মিছন বসুন্ধৰা'ৰ আনুষ্ঠানিক ল’গ’ হিচাপে গণ্য কৰা হ’ব।
পুৰস্কাৰ : ১০,০০০ টকা
ল’গ’ প্ৰেৰণৰ অন্তিম তাৰিখ : ২৪ ছেপ্টেম্বৰ, ২০২১
কাৰিকৰী নিৰ্দেশনা আৰু চৰ্তাৱলীসমূ্হ –
• ডিজাইন কৰা ল’গ’ৰ দ্বাৰা ’মিছন বসুন্ধৰা’ৰ উদ্দেশ্য প্ৰতিফলিত হোৱাটো আৱশ্যকীয়
• ল’গ’ ডিজাইনত ’মিছন বসুন্ধৰা’ আৰু ’মোৰ মাটি মোৰ অধিকাৰ’ উল্লেখ থকাটো বাধ্যতামূলক
• ল’গ’ assam.mygov.in ৰ কাৰ্য শিতানৰ মন্তব্য শাখাৰ যোগেদি প্ৰেৰণ কৰিব লাগিব
• ল'গ'ৰ ডিজাইন ফ্লেট হোৱাটো বাঞ্ছনীয় আৰু কোনো ধৰণৰ ত্ৰিমাত্ৰিক অথবা Shadow Effect থাকিব নোৱাৰিব
• প্ৰেৰণ কৰা ল'গ' কম্পিউটাৰাইজড হোৱাটো প্ৰয়োজনীয়
• Vector ছফ্টৱেৰৰ জৰিয়তে প্ৰস্তুত কৰা ল’গ’ক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব
• ল’গ’ প্ৰস্তুত কৰি উলিওৱা ছফ্টৱেৰৰ নাম উল্লেখ থকাটো প্ৰয়োজনীয়
• ৰঙৰ ব্যৱহাৰত বাধা নাই
• ল'গ'ৰ চমু বিৱৰণ বাঞ্ছনীয়
• ল’গ’ JPG অথবা PNG ফৰ্মেটত প্ৰেৰণ কৰিব লাগিব
• প্ৰেৰণকাৰীৰ নাম, ফোন নং, ই-মেইল ঠিকনাসহ বিতং তথ্য লগত দিয়াটো প্ৰয়োজনীয়
• নিৰ্বাচিত ল'গ' অসম চৰকাৰৰ সম্পত্তি হিচাপে বিবেচিত হ'ব
• যিকোনো ধৰণে এই ল'গ' অসম চৰকাৰে ব্যৱহাৰ কৰাৰ অধিকাৰ থাকিব