You don't have javascript enabled. Please Enabled javascript for better performance.

লাচিত দিৱ্স উপলক্ষে বিদ্যালয় পৰ্যায়ত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা

Start Date: 15-11-2019
End Date: 24-11-2019

২৪ নৱেম্বৰ লাচিত দিৱস উপলক্ষে জনতাৰ চৰকাৰ মাই গভ অসমে আয়োজন কৰিছে ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

২৪ নৱেম্বৰ লাচিত দিৱস উপলক্ষে জনতাৰ চৰকাৰ মাই গভ অসমে আয়োজন কৰিছে এখন অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ। অসমৰ বীৰ যোদ্ধা লাচিত বৰফুকনৰ সাহস আৰু বীৰত্বক সুঁৱৰি আয়োজন কৰা এই প্ৰতিযোগিতা বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি থাকিব।

বিষয়ঃ বীৰত্বৰ প্ৰতীক লাচিত বৰফুকন
যোগদানৰ অন্তিম তাৰিখঃ ২৪ নৱেম্বৰ

প্ৰথম তিনিগৰাকী বিজয়ী প্ৰতিযোগীক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বাক্ষৰ সম্বলিত একোখন প্ৰশংসা পত্ৰ প্ৰদান কৰা হ'ব।

নিয়মাৱলীঃ
• এই প্ৰতিযোগিতা পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মুকলি থাকিব।
• চিত্ৰসমূহ যিকোনো মিডিয়াম (পানী ৰং, পেঞ্চিল ইত্যাদি)-ত প্ৰস্তুত কৰা হ’ব পাৰে।
• চিত্ৰসমূহ স্কেন কৰি মাই গভ অসমৰ কাৰ্য শিতানত মন্তব্য আাকাৰে প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।
• প্ৰেৰণ কৰা চিত্ৰসমূহ PDF, JPEG অথবা PNG ফৰ্মেটত হোৱাট বাঞ্চনীয়।
• প্ৰেৰণ কৰা ফাইল ১০ MB তকৈ কম হ’ব লাগিব।
• চিত্ৰসমূহত ছাত্ৰ/ছাত্ৰীৰ নাম, শ্ৰেণী, বিদ্যালয়ৰ নাম, যোগাযোগ নম্বৰ থকাটো বাধ্যতামূলক।
• এগৰাকী প্ৰতিযোগীয়ে এখন চিত্ৰ প্ৰেৰণ কৰিব পাৰিব।
• বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 119) অনুমোদিত অৱদানসমূহ (113) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (6) জমা বন্ধ
Reset
113 তথ্য পোৱা গ’ল