You don't have javascript enabled. Please Enabled javascript for better performance.

বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে ফটোগ্ৰাফী প্ৰতিযোগিতা

Start Date: 19-08-2020
End Date: 05-09-2020

প্ৰকৃতিৰ অপৰূপ শোভা, চহকী ঐতিহ্য, জৈৱবৈচিত্ৰতা, জনগোষ্ঠীগত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰকৃতিৰ অপৰূপ শোভা, চহকী ঐতিহ্য, জৈৱবৈচিত্ৰতা, জনগোষ্ঠীগত বৈশিষ্ট্যৰ বাবে আমাৰ ৰাজ্যখন প্ৰচুৰ সম্ভাৱনাৰে ভৰা । অসমৰ নান্দনিক দৃশ্যৰাজিক বিষয়বস্তু হিচাবে লৈ জনতাৰ চৰকাৰ মাই গভ অসমে বিশ্ব ফটোগ্ৰাফী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰিছে এক ফটোগ্ৰাফী প্ৰতিযোগিতা ।

আপোনাৰ কেমেৰাৰ লেঞ্চত ধৰা পৰা অসমৰ বিনন্দীয়া ৰূপ (উৎসৱ, খাদ্য, পৰম্পৰা, সংস্কৃতি, প্ৰকৃতি, কীৰ্তিচিহ্ন ইত্যাদি প্ৰতিফলিত হোৱা ফটো ) আমালৈ প্ৰেৰণ কৰক। শ্ৰেষ্ঠ ফটোখনে আমাৰ দ্বাৰা পাব স্বীকৃতি।

এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব ।

শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত ফটোসমূহ মাই গভ অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জৰিয়তে প্ৰকাশ কৰা হ’ব। লগতে শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত প্ৰথম পাঁচখন ফটোৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বাক্ষৰ সম্বলিত এখন প্ৰশংসা পত্ৰ প্ৰেৰণ কৰা হ’ব ।

অংশগ্ৰহণকাৰীসকলে ফটোসমূহ এই শিতানৰ মন্তব্য শাখাৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব ।

ফটো প্ৰেৰণৰ অন্তিম তাৰিখ: ৫ ছেপ্তেম্বৰ, ২০২০

নিয়মাৱলী :
· এগৰাকী প্ৰতিযোগীয়ে সৰ্বাধিক ৫ খন ফটো পঠিয়াব পাৰিব ।
· ফটোৰ মানদণ্ড High Resolution হোৱাটো বাঞ্চনীয় ।
• JPG অথবা PNG format ত ফটো প্ৰেৰণ কৰাটো প্ৰয়োজনীয় ।
• ফটোৰ আকাৰ 10 এম বি তকৈ অধিক হ’ব নোৱাৰিব ।
• ফটোত কোনো কাৰণত আপত্তিজনক বিষয়বস্তু থাকিব নোৱাৰিব ।
· মোবাইল ফোন ফটোগ্ৰাফী গ্ৰহণযোগ্য ।
· ফটোৰ লগত ফটোৰ সবিশেষ পঠিওৱা বাঞ্চনীয় ।
· ফটোগ্ৰাফাৰৰ সম্পূৰ্ণ নাম ঠিকনা যোগাযোগ নম্বৰ প্ৰেৰণ কৰাটো জৰুৰী ।
· নিৰ্বাচিত ফটোসমূহ জনতাৰ চৰকাৰ মাই গভ অসমৰ সম্পত্তি হিচাবে বিবেচিত হ’ব। ফটোসমুহ জনতাৰ চৰকাৰ মাই গভ অসমৰ বিভিন্ন প্ৰকল্পত ব্যৱহাৰ কৰাৰ কৰ্তৃত্ব থাকিব ।
· প্ৰেৰণ কৰা ফটোগ্ৰাফ সমূহ সম্পূৰ্ণভাৱে নিজৰ হোৱাটো বাঞ্চনীয় ।
. চৌৰ্যবৃত্তিৰ আশ্ৰয় লোৱাৰ সম্ভেদ পালে তেনে ফটো প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব ।
. আনৰ কপিৰাইটযুক্ত ফটো গ্ৰহণ কৰা নহ’ব। তেনে ক্ষেত্ৰত প্ৰেৰণকাৰী ব্যক্তিগৰাকী সম্পুৰ্ণৰূপত আইনীভাৱে দায়বদ্ধ হ’ব। এই ক্ষেত্ৰত ‘জনতাৰ চৰকাৰ মাই গভ অসম কোনোপধ্যে জগৰীয়া নহ’ব ।

সকলো মন্তব্য
Total Submissions ( 131) Approved Submissions (21) Submissions Under Review (110) জমা বন্ধ
Reset
21 তথ্য পোৱা গ’ল

Jeeshu Das 5 বছৰ 2 সপ্তাহ পূৰ্বে

|| অস্তগামী সূৰুযৰ হেঙুঁলীয়া আভা ||
.
.

স্থান: লক্ষীপুৰ,গো‌ৱালপাৰা
মোবাইল ফটো
৫-৯-২০২০

যীচু দাস
মোবাইল নং: ৯৯৫৭১৪৬৭৬৬
হাউলী, জিলা: বৰপেটা, অসম
পিন: ৭৮১৩১৬
ই মেইল: jeeshudas6@gmail.com

Diganta Changmai 5 বছৰ 2 সপ্তাহ পূৰ্বে

বিৱৰণঃ
১/এই ফটোখনি যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমামূৰীয়া ঐতিহাসিক চিন্তামণিগড়ৰ সমীপৰ মিটং নৈৰ পাৰত সন্ধিয়া সময়ত তোলা।
২/যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমামূৰীয়া ঐতিহাসিক চিন্তামণিগড়ৰ সমীপৰ মিটং নৈৰ পাৰত তোলা।
৩/যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমামূৰীয়া ঐতিহাসিক চিন্তামণিগড়ৰ সমীপৰ মিটং নৈৰ পাৰত সন্ধিয়া পৰত তোলা।
৪/যোৰহাট-শিৱসাগৰ জিলাৰ সীমামূৰীয়া চিন্তামণিগড়ত ৰঙালী বিহুত তোলা।
৫/মহাবাহুৰ বুকুত
প্ৰেৰকঃদিগন্ত চাংমাই
লাহন গাঁও,ডাকঃ চিন্তামণি,
জিলাঃযোৰহাট(অসম),পিনঃ ৭৮৫৬৮২
ম'বাইল নংঃ৯৮৫৪১২৪৫২২/৭০৮৬৩৬২৫৯৫

Partha Protim Kalita 5 বছৰ 2 সপ্তাহ পূৰ্বে

মহাবাহু ব্ৰহ্মপুত্ৰ পাৰৰ পৰা

স্থান: হাতীমূৰা , কলিয়াবৰ

Photographer

Partha protim kalita
Village: kuwaritol P. O, : kuwaritol
Nagaon district pin 782137
Phone number: 7002183346

Partha Protim Kalita 5 বছৰ 2 সপ্তাহ পূৰ্বে

মাঘ বিহুৰ উৰুকাৰ ৰাতিপুৱা পৰম্পৰাগতভাৱে বিলত সমূহীয়া ভাবে মাছ ধৰা পৰ্ব সামৰি ঘৰলৈ যাব ধৰা অৱস্থাত

Phtographer

Partha protim kalita
Village : kuwaritol P. O : Kuwaritol
District : Nagaon PIN : 782137
Phone number : 7002183346