You don't have javascript enabled. Please Enabled javascript for better performance.

বিশ্ব আৰ্দ্ৰভূমি দিৱস উপলক্ষে শ্লোগান লিখা প্ৰতিযোগিতা

Start Date: 10-01-2018
End Date: 20-01-2018

আৰ্দ্ৰভূমি হৈছে জৈৱ বৈচিত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ। ই হৈছে এক ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আৰ্দ্ৰভূমি হৈছে জৈৱ বৈচিত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ। ই হৈছে এক উৎপাদনশীল পৰিৱেশতন্ত্ৰ যিয়ে জৈৱ বৈচিত্ৰক সহযোগ কৰাৰ লগতে পানী জমা কৰি ৰখা, পানী বিশুদ্ধকৰণ, বান আৰু খহনীয়া প্ৰতিৰোধ আদিৰ যোগেদি পৰিৱেশতন্ত্ৰত অৰিহণা যোগায়। কিন্তু বিভিন্ন কাৰকৰ প্ৰভাৱত আৰ্দ্ৰভূমিৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি হৈছে।
প্ৰতি বছৰৰ ২ ফেব্ৰুৱাৰী তাৰিখে বিশ্ব আৰ্দ্ৰভূমি দিৱস পালন কৰা হয়। ১৯৭১ চনত আৰ্দ্ৰভূমিৰ আন্তৰ্জাতিক গুৰুত্ব উপলব্ধি কৰি ৰামচাৰ কনভেনচনৰ যোগেদি ইয়াক আন্তৰ্জাতিকভাবে পালন কৰি অহা হৈছে। এই বছৰৰ বিশ্ব আৰ্দ্ৰভূমি দিৱৰ মূল বিষয়বস্তু হৈছে “এক বহনক্ষম নগৰীয়া ভৱিষ্যতৰ বাবে আৰ্দ্ৰভূমি”।
বিশ্ব আৰ্দ্ৰভূমি দিৱস উপলক্ষে আৰ্দ্ৰভূমিৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে অসম চৰকাৰৰ বন বিভাগে মাই গভ্ অসমৰ যোগেদি শ্লোগান লিখন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। বিষয়বস্তু হৈছে “এক বহনক্ষম নগৰীয়া ভৱিষ্যতৰ বাবে আৰ্দ্ৰভূমি”।
বিজয়ী প্ৰতিযোগীক প্ৰদান কৰা হ’ব আকৰ্ষণীয় পুৰস্কাৰ।
দাখিলৰ অন্তিম তাৰিখ : ২০ জানুৱাৰী, ২০১৮
নিয়মাৱলী :
• শ্লোগান উল্লিখিত নিৰ্দিষ্ট বিষয়বস্তুক সাঙুৰি প্ৰস্তুত কৰিব লাগিব।
• MSWord / JPEG/PNG/PDF/TIFF ফৰ্মেটত দাখিল কৰিব লাগিব।
• শ্লোগান অসমীয়া অথবা ইংৰাজী ভাষাত হ’ব লাগিব।
• চিঞাহীৰে লিখি ফটো আপলোড কৰিলে সেয়া গ্ৰহণীয় নহ’ব।
• শ্লোগানৰ ভাষা আমাৰ্জিত অথবা অসংবিধানিক হ’ব নোৱাৰিব।
• প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰা ব্যক্তি মূল শ্লোগানৰ লিখক হ’ব লাগিব আৰু কোনো ধৰণৰ নকল কৰিব নোৱাৰিব।
• আকৰ্ষণীয় শ্লোগানক প্ৰাধান্য দিয়া হ’ব। শ্লোগান ২০ টাতকৈ অধিক শব্দৰ হ’ব নোৱাৰিব।

সকলো মন্তব্য
Total Submissions ( 92) Approved Submissions (91) Submissions Under Review (1) জমা বন্ধ
Reset
91 তথ্য পোৱা গ’ল