You don't have javascript enabled. Please Enabled javascript for better performance.

বন্ধৰ সময়ছোৱাত আপুনি অধ্যয়ন কৰা পাঁচখন গ্ৰন্থ অথবা উপভোগ কৰা পাঁচখন চিনেমা

Start Date: 06-04-2020
End Date: 17-05-2020

ক’ভিড-১৯ -ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ২৪ মাৰ্চ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ক’ভিড-১৯ -ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ২৪ মাৰ্চ তাৰিখে জাৰি কৰিছে দেশজুৰি লকডাউনৰ জাননী। ২১ দিনীয়া এই লকডাউনত জনসাধাৰণক স্বাস্থ্যজনিত জৰুৰী বিধি হিচাবে নিজৰ ঘৰতে থকাৰ বাবে আহ্বান জনোৱা হৈছে। ঘৰতে থকাৰ এই দীঘলীয়া্ সময়ছোৱাত আমি পৰিয়ালৰ সৈতে কিছু মূল্যবান সময় অতিবাহিত কৰাৰ লগতে আমাৰ কিছু অভিৰুচিও পূৰণ কৰিব পাৰো। চিনেমা চোৱা অথবা কিতাপ পঢ়াতো আমাৰ বহুতৰে এক হবি। বন্ধৰ এই সময়ছোৱাত আপুনিও কিতাপ পঢ়া অথবা চিনেমা চোৱাৰ পৰিকল্পনা নিশ্চয় কৰিছে। যদি কৰিছে তেন্তে মাই গভ অসমৰ সৈতে শ্বেয়াৰ কৰক আপোনাৰ কিতাপ পঢ়া অথবা চিনেমা চোৱাৰ হবি।
বন্ধৰ সময়ছোৱাত আপুনি উপভোগ কৰা অথবা চোৱাৰ পৰিকল্পনা কৰি থকা পাঁচখন চিনেমাৰ নাম আমাক জনাওক। যদি আপুনি কিতাপ পঢ়ি ভাল পায়, তেন্তে আপুনি পঢ়ি থকা অথবা পঢ়াৰ পৰিকল্পনা কৰি থকা পাঁচখন গ্ৰন্থৰ নাম আমাক জনাওক।
গ্ৰন্থ অথবা চিনেমাৰ নাম সমূহ তলত মন্তব্য আকাৰে জনাব পাৰে।

সকলো মন্তব্য
Total Submissions ( 99) Approved Submissions (99) Submissions Under Review (0) জমা বন্ধ
Reset
99 তথ্য পোৱা গ’ল

Jyotiska boruah 5 বছৰ 10 হিচাপপূৰ্বে

সত্যাৰ্থ প্ৰকাশ নামৰ গ্ৰন্হখন পঢ়াৰ ওপৰিও হিন্দুসকলৰ প্ৰধান শ্ৰাস্ত্ৰ শ্ৰীকৃষ্ণৰ গীতা,শ্ৰীমতভাগৱত সম্পূৰ্ণ গদ্য ৰূপত নামৰ গ্ৰণ্হ সমূহৰ অধ্যয়ণত ব্ৰতী হৈছো ৷ লগতে বিষ্ণু পুৰাণ গ্ৰণ্হ খনৰো কিছু তত্ব অধ্যয়ণত মনোনিৱেশ কৰিছো ৷

JAYANTA TOPADAR 5 বছৰ 10 হিচাপপূৰ্বে

Sir,
During these Lockdown period,I have honestly read the following five books :

1)"Swami VIVEKANANDA--the living Vedanta (by Chaturvedi Badrinath,PENGUIN BOOKS

2)"SWAMI VIVEKANANDA--Hero For Indian Youth (Vivekananda Kendra Prakashan,Kanyakumari)

3)"Swami Vivekananda in America(by Susri B.Nivedita) Vivekananda Kendra Prakashan

4)"MY INDIA--Ideas for the future Abdul Kalam) PUFFIN BOOKS

5)"Netaji Subhas Chandra Bose"(by Sisir Kumar Bose) National Book Trust, India

Jyotiska boruah 5 বছৰ 10 হিচাপপূৰ্বে

বন্ধৰ সময়ত মই স্বামী দয়ানন্দ সৰস্বতী দেৱৰ দ্বাৰা লিখিত সত্যাৰ্থ প্ৰকাশ নামৰ হিন্দী আৰু সংস্কৃত ভাষাৰে সন্মিলিত গ্ৰন্হ খন অধ্য়ন কৰি আছো ৷ভাৰতীয় প্ৰাচীন সভ্যতাৰ পৰা চলি অহা ৰিতী নিতীক বিজ্ঞান ভিত্তিক বিশ্লেষেণেৰে মানুহৰ আত্ম তত্ব সংশোধনৰ মাৰ্গ দৰ্শনৰ কৰোৱাৰ প্ৰয়াস কৰা হৈছে ৷লগতে বেদ আৰু অন্যান্য হিন্দু শাস্ত্ৰ সমূহৰ মূলভাৱ সমূহ সম্পূৰ্ণ বিজ্ঞান ভিত্তিক যুক্তিৰে ব্যৱহাৰৰ উপযোগীৰে যুক্তিযুক্ততা প্ৰমান কৰি মানৱ জীৱনত আত্ম চিত্ত সংশোধন কৰাৰ ওপৰিও ব্যক্তিৰ বিকাশ সাধনত সহায়ক হৱ ৷

NABI ULLAH 5 বছৰ 10 হিচাপপূৰ্বে

লক ডাউন চলি থকাৰ সময়ত মই পঢ়া কিতাপ হ'ল- ক) কৰ্ম প্ৰেৰণাৰ উৎস:আব্ৰাহাম লিংকন খ)বিজয় আপোনাৰ গ)জীৱনৰ সাধনা ঘ)ভাৰতৰ আত্মা ।
ছবি--সৰু বোৱাৰী, হিয়া দিয়া নিয়া, ৰত্নাকৰ